পোষ্ট কৰা হৈছে:
10 SEP 2026 12:42PM by PIB Guwahati
গুৱাহাটীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান চিকিৎসা প্ৰতিষ্ঠানে (এইমছ) হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কাৰ্যসূচীৰ সফল শুভাৰম্ভ কৰি এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। প্ৰথমবাৰৰ বাবে, প্ৰতিষ্ঠানখনে এটা দিনতে দুটাকৈ ওপেন-হাৰ্ট অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। অসমৰ এটি সাতবছৰীয়া শিশু আৰু এগৰাকী ৪৭ বছৰীয়া মহিলাৰ ওপৰত এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হয়। দুয়োজনেই জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত আছিল যাৰ ফলত তেওঁলোকৰ হৃদযন্ত্ৰত এটা ছিদ্ৰ হৈছিল।
এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক কৰ্ণেল ড০ অশোক পুৰাণিকৰ নেতৃত্বত ৮ ছেপ্টেম্বৰত এই অস্ত্ৰোপচাৰসমূহ সফলতাৰে সম্পন্ন কৰা হয়। অধ্যাপক বিনীত মহাজনৰ নেতৃত্বত কাৰ্ডিঅ’থ’ৰেচিক আৰু ভাস্কুলাৰ চাৰ্জাৰী বিভাগৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে এনাস্থেছিয়া, কাৰ্ডিঅ’লজি, ট্ৰান্সফিউজন মেডিচিন আৰু ব্লাড বেংক বিভাগৰ লগতে কাৰ্ডিয়াক পাৰফিউজিনিষ্ট, পেৰামেডিকেল আৰু কাৰিকৰী কৰ্মচাৰী আৰু নাৰ্ছিং দলৰ সহযোগিতাত এই যুগান্তকাৰী উদ্যম সম্ভৱ হৈ উঠিছিল।
হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কাৰ্যসূচী সম্পন্ন কৰাত সহায় কৰা এইমছৰ অধীনত দুয়োগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। এই অস্ত্ৰোপচাৰসমূহ হাৰ্ট-লাং মেচিন (যাক কাৰ্ডিওপালমোনাৰী বাইপাছ মেচিন বুলিও কোৱা হয়) ব্যৱহাৰ কৰি সম্পন্ন কৰা হৈছিল যিয়ে অস্থায়ীভাৱে অ'পেন-হাৰ্ট অস্ত্ৰোপচাৰৰ সময়ত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাৰ্য্যসমূহ সামৰি লয়। এই যুগান্তকাৰী প্ৰক্ৰিয়াসমূহৰ বাবে ব্যৱহৃত হাৰ্ট-লাং মেচিনটো আই চি আই চি আই ফাউণ্ডেশ্যনৰ কৰ্পোৰেট ছ’চিয়েল ৰেছপন্সিবিলিটি (চি এছ আৰ) উদ্যমৰ জৰিয়তে দান কৰা হয়।
হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কাৰ্যসূচীৰ শুভাৰম্ভণিহে গুৱাহাটী এইমছৰ বিকাশৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। ই উত্তৰ-পূব আৰু চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণক উপকৃত কৰিব, ঘৰৰ ওচৰত উন্নত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ যতন প্ৰদান কৰিব আৰু ৰোগীসকলৰ চিকিৎসাৰ বাবে দূৰৱৰ্তী কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব। অদূৰ ভৱিষ্যতে, প্ৰতিষ্ঠানটোৱে ক’ৰনাৰী আৰ্টাৰী বাইপাছ অস্ত্ৰোপচাৰ আৰু অন্যান্য উন্নত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰিবলৈ এই কাৰ্যসূচীৰ অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে, যাৰ জৰিয়তে হৃদযন্ত্ৰৰ যত্ন সেৱা অধিক উন্নত হৈ উঠিব।



***
PG/BM/NB