আয়ুষ
azadi ka amrit mahotsav

ইটানগৰত চিচিআৰএএছ-ৰ ১০৬ সংখ্যক আভ্যন্তৰীণ বিত্ত সমিতিৰ বৈঠক অনুষ্ঠিত


আয়ুৰ্বেদ গৱেষণা শক্তিশালী কৰাৰ বাবে গৱেষণা কাৰ্যসূচী, প্ৰতিষ্ঠানিক উন্নয়ন আৰু ভৱিষ্যতৰ পদক্ষেপৰ পৰ্যালোচনা কমিটীৰ


পোষ্ট কৰা হৈছে: 04 SEP 2026 7:08PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ (চিচিআৰএএছ) আভ্যন্তৰীণ বিত্ত সমিতিৰ (আইএফচি) ১০৬ সংখ্যক বৈঠক আজি ইটানগৰৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত (আৰএআৰআই) অনুষ্ঠিত হয়। বৈঠকত আয়ুৰ্বেদ আৰু আনুষংগিক বিজ্ঞানত বৈজ্ঞানিক গৱেষণা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চলি থকা বিভিন্ন গৱেষণা তথা উন্নয়ন কাৰ্যসূচী, প্ৰতিষ্ঠানিক পদক্ষেপ, আন্তঃগাঁথনি উন্নয়ন আৰু চিচিআৰএএছ-ৰ ভৱিষ্যতৰ অগ্ৰাধিকাৰৰ পৰ্যালোচনা কৰা হয়।

আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ পৰিসাংখ্যিক উপদেষ্টা শ্ৰী সত্যজিৎ পলৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। চি চি আৰ এ এছ-ৰ সঞ্চালক প্ৰধান তথা সমিতিৰ সদস্য সচিব অধ্যাপক (বৈদ্য) ৰবিনাৰায়ণ আচাৰ্যই কার্যসূচীৰ বিষয়সমূহ উপস্থাপন কৰে আৰু পৰিষদৰ গুৰুত্বপূৰ্ণ সাফল্য আৰু পদক্ষেপৰ বিষয়ে কমিটীক অৱগত কৰে।

 আলোচনাবোৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ, প্ৰতিষ্ঠানিক ক্ষমতা, আন্তঃগাঁথনি আৰু বিভিন্ন কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।  আয়ুৰ্বেদ গৱেষণাৰ অগ্ৰগতি উন্নত স্বাস্থ্যসেৱালৈ ৰূপান্তৰিত হোৱাৰ লগতে জনসাধাৰণৰ বাবে আয়ুষ-আধাৰিত স্বাস্থ্যসেৱাৰ ব্যাপক প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো কমিটীয়ে গুৰুত্ব আৰোপ কৰে।

এই বৈঠকত আয়ুষ মন্ত্ৰালয়ৰ উপদেষ্টা ড০ এ ৰঘু, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ অধ্যাপক ড০ সন্তোষ কুমাৰ ভাট্টেড, ভাৰতীয় ফাৰ্মাক’পিয়া আয়োগৰ সচিব তথা বৈজ্ঞানিক সঞ্চালক ড০ বিবেকানন্দ কালাইচেলভান, আইএফডিৰ সঞ্চালক শ্ৰী অমৰেন্দ্ৰ সিং, আয়ুষ মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰীমতী বিজয়লক্ষ্মী ভৰদ্বাজ, চিচিআৰএএছ-ৰ উপ সঞ্চালক (প্ৰশাসন) শ্ৰী দীপক কোচ্চাৰ আৰু চিচিআৰএএছ-ৰ সঞ্চালক (প্ৰতিষ্ঠান) ড০ প্ৰতাপ মাখিজাৰ লগতে আয়ুষ মন্ত্ৰালয় আৰু চিচিআৰএএছ-ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলে চিচিআৰএএছ-ৰ অগ্ৰগতি, বিশেষকৈ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত আৰু যোৱা বিত্তীয় বৰ্ষত পুঁজিৰ ১০০ শতাংশ ব্যৱহাৰৰ প্ৰশংসা কৰে।

বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতি, প্ৰতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰা, কাৰ্যসূচীসমূহৰ সময়মতে ৰূপায়ণ নিশ্চিত কৰা আৰু আয়ুষ সেৱাৰ পৰিসৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈঠকখনৰ সামৰণি পৰে। সমিতিখনে গৱেষণাৰ ফলাফলসমূহক জনস্বাস্থ্য আৰু সমাজৰ বাবে অৰ্থপূৰ্ণ লাভালাভলৈ ৰূপান্তৰিত কৰাৰ গুৰুত্বৰ কথা দোহাৰে।

 

***

SR/SV/SG/MK


(ৰিলিজ আই ডি : 2306863) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी