ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

"আজিৰ ছাত্ৰ কাইলৈ গণতন্ত্ৰৰ শিখাবাহক": মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

পোষ্ট কৰা হৈছে: 27 AUG 2026 8:09PM by PIB Guwahati

১) ভাৰতীয় নিৰ্বাচন আয়োগে আজি চেন্নাইত "নিৰ্বাচনী সাক্ষৰতা ক্লাব (ই এল চি ২.০) আৰু ইচিনেট" বিষয়ক তৃতীয় আঞ্চলিক সন্মিলনৰ আয়োজন কৰে, য'ত যুৱ সমাজৰ মাজত নিৰ্বাচনী সাক্ষৰতা আৰু গণতান্ত্ৰিক সজাগতা শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। সভাত ভাষণ আগবঢ়াই  মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীসকল কাইলৈ ​​গণতন্ত্ৰৰ শিখাবাহক। তেওঁ লগতে কয় যে সমগ্ৰ ভাৰতবৰ্ষৰ নিৰ্বাচনী সাক্ষৰতা ক্লাবসমূহে বিশ্বৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম গণতন্ত্ৰৰ মেৰুদণ্ড শক্তিশালী কৰাত সহায় কৰিব।

২) সমগ্ৰ তামিলনাডু আৰু পুডুচেৰীৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলকে ধৰি অন্যান্য অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ভৱিষ্যত বুলি অভিহিত কৰি যুৱ নাগৰিকসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত  জড়িত কৰা আৰু তেওঁলোকৰ আস্থা তথা ত অংশগ্ৰহণ নিশ্চিত কৰাটো গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে এক বিশেষ বিনিয়োগ বুলি উল্লেখ্য কৰে।

৩) মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে কয় যে ভাৰতত ভাৰতৰ সংবিধান, আইন আৰু ই চি আইৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি কঠোৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু সকলো পৰ্যায়তে ৰাজনৈতিক দল, প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিৰ সমান্তৰাল নিৰীক্ষণৰ অধীনত সকলো বিষয়  স্বচ্ছভাৱে পৰিচালিত হয় । তেওঁ ছাত্ৰ-ছাত্ৰী আৰু যুৱ ভোটাৰসকলে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা, গণতান্ত্ৰিক মূল্যবোধ, নিৰ্বাচনী পঞ্জীয়ন, ভোটগ্ৰহণ আৰু গণনা প্ৰক্ৰিয়া, ভাৰতৰ নিৰ্বাচন আয়োগৰ ভূমিকা তথা ইয়াৰ কাৰ্য্যকলাপৰ সৈতে পৰিচিত হোৱাৰ প্ৰয়োজনীয়তাৰ  বিষয়ত  আলোকপাত কৰে।

৪) "গণতন্ত্ৰৰ বিষয়ে  শিকক। গণতন্ত্ৰৰ নেতৃত্ব দিয়ক।" ভোটাৰ তালিকাৰ  পৰা ভোটগ্ৰহণলৈকে নিৰ্বাচন সম্পৰ্কীয় সকলো সেৱা প্ৰদান কৰা বিস্তৃত ইচিআইনেট ডিজিটেল প্লেটফৰ্মৰ সহায়ত গ্ৰহণ কৰা এক  পদক্ষেপ।  ই  এটা নিবেদিত ইএলচি পৰ্টেলৰ জৰিয়তে বছৰজুৰি নিৰন্তৰ,  নিৰ্বাচনী সাক্ষৰতা কাৰ্য্যকলাপক আগুৱাই নিব, সমগ্ৰ ভাৰতৰ বাবে  ইএলচিয়ে  এক সুশৃংখলিত নেটৱৰ্ক গঢ়ি তুলিব।

৫) ভাৰতৰ বিস্তৃত শৈক্ষিক পৰিৱেশতন্ত্ৰৰ ক্ষেত্ৰত  এই পদক্ষেপে বিশেষ তাৎপৰ্য লাভ কৰিছে, য’ত প্ৰায় ১৫ লাখ বিদ্যালয় আছে, য’ত প্ৰায় ২৫ কোটি ছাত্ৰ-ছাত্ৰী আৰু এক কোটিৰো অধিক শিক্ষক অন্তৰ্ভুক্ত হৈ আছে। উচ্চ শিক্ষা খণ্ডত প্ৰায় ১৫০০ বিশ্ববিদ্যালয় আৰু প্ৰায় ৭০,০০০ শিক্ষানুষ্ঠান আছে, আনুমানিকভাৱে ৪.৩৩ কোটি ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত হৈছে।

৬) এই বিস্তৃত প্ৰতিষ্ঠানিক নেটৱৰ্কৰ জৰিয়তে ইএলচি ২.০-এ বাস্তৱিক আৰু অভিজ্ঞতাভিত্তিক নিৰ্বাচনী শিক্ষাক প্ৰসাৰিত কৰিব বিচাৰে, ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব বিচাৰে তথা যুৱ নাগৰিকসকলক গণতান্ত্ৰিক অংশগ্ৰহণৰ ৰাষ্ট্ৰদূত হ’বলৈ উৎসাহিত কৰে। ইএলচিসমূহে নিৰ্বাচনী পঞ্জীয়ন, ভোটগ্ৰহণ, গণনা, ইচিআইনেট এপ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ইচিআই পদক্ষেপসমূহৰ তথ্যও প্ৰদান কৰিব।

৭) ইয়াৰ পূৰ্বে তামিলনাডুৰ ৫০০ৰো অধিক বুথ লেভেল বিষয়া (বিএলঅ’)ৰ সৈতে হোৱা এক মত-বিনিময় অনুষ্ঠানত মুখ্য নিৰ্বাচন আয়ুক্ত  জ্ঞানেশ কুমাৰে বিএলঅ’সকলক তেওঁলোকৰ সেৱাৰ বাবে অভিনন্দন জনায় ।তেওঁলোকৰ বাবেই ৰাজ্যখনত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) মসৃণভাৱে কাৰ্যকৰী হোৱা বুলি তেওঁ কয় । শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ভোটগ্ৰহণ হোৱা  বাবেও তেওঁলোকক অভিনন্দন জনায়, য’ত ৪.৯৩ কোটি ভোটদান আৰু ৮৬.০৩% ভোটদানৰ হাৰ হৈছে , যিটো ৰাজ্যখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক ভোটদানৰ অভিলেখ।

৮) ছাত্ৰ-ছাত্ৰী আৰু বিএলঅ’সকলে বৈঠকৰ অংশ হিচাপে মুখ্য নিৰ্বাচন আয়ুক্তৰ সৈতে এক  প্ৰশ্নোত্তৰ অধিৱেশনত অংশগ্ৰহণ কৰে।  বিএলঅ’সকলে এই পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে পোনপটীয়াকৈ নিজৰ খোকোজা থকা বিষয়সমূহ স্পষ্ট কৰাৰ সুযোগ লাভ কৰে ।

 

**********

PK/GDH/RP/DM


(ৰিলিজ আই ডি : 2304604) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी