নৌ-পৰিবহন মন্ত্ৰালয়
ছাত্ৰৰ পৰামৰ্শই সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চুইমিং পুল ঘোষণা কৰিবলৈ প্ৰেৰণা দিলে
শীৰ্ষ প্ৰদৰ্শনকাৰী বিশ্ববিদ্যালয়ৰ খেলুৱৈক বাচনি কৰা হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া ভ্ৰমণ (National Sports Excursion)ৰ বাবে
ভাৰতৰ ক্ৰীড়া সংস্কৃতিক আমি শিক্ষানুষ্ঠানসমূহৰ গভীৰতালৈ লৈ যাব লাগিব: সৰ্বানন্দ সোণোৱাল
পিএম নৰেন্দ্ৰ মোদী ‘খেলো ইণ্ডিয়া সংবাদ'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে সোণোৱালে
দেশৰ প্ৰায় ৮ লাখ যুৱক-যুৱতীক একেলগে সম্বোধন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ; ক্রীড়াক সুস্থ, সবল আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ আহ্বান
পোষ্ট কৰা হৈছে:
27 AUG 2026 7:41PM by PIB Guwahati
‘খেলো ইণ্ডিয়া সংবাদ’ত অসমৰ ডিব্ৰুগড়স্থিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। এই মত বিনিময়ৰ সময়ত এজন ছাত্ৰৰ পৰামৰ্শৰ ভিত্তিতে শ্ৰী সোণোৱালে বিশ্ববিদ্যালয় চৌহদত চুইমিং পুলৰ কথা ঘোষণা কৰে। বিশ্ববিদ্যালয়খনৰ শীৰ্ষ প্ৰদৰ্শনকাৰী খেলুৱৈসকলৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ভ্ৰমণ (National Sports Excursion) ৰ কথাও ঘোষণা কৰে সোণোৱালে। এই মত-বিনিময়ৰ সময়ত এজন ছাত্ৰই বিশ্ববিদ্যালয়খনত সাঁতোৰৰ সুবিধাৰ প্ৰয়োজনীয়তাৰ বিষয়টো উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীক সাঁতোৰ শিকোৱা হ’ব নেকি বুলি প্ৰশ্ন কৰে, বিশেষকৈ ডিব্ৰুগড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবোৰ বানপানীৰ প্ৰৱণতাৰ বাবেই তেওঁ ইয়াৰ পোষকতা কৰে। ছাত্ৰগৰাকীৰ এনে পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই সোণোৱালে ঘোষণা কৰে যে বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত এটা চুইমিং পুল নিৰ্মাণৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব। ছাত্ৰজনৰ এনে পদক্ষেপে আলোচনা পৰ্বটিক অনন্য কৰি তোলে আৰু ক্ৰীড়াৰ আন্তঃগাঁথনিয়ে স্থানীয় প্ৰয়োজনীয়তাসমূহো কেনেকৈ পূৰণ কৰিব পাৰে সেই বিষয়টোক উজ্জ্বল কৰি তোলে। সাঁতোৰক প্ৰতিযোগিতামূলক খেল হিচাপে প্ৰচাৰ কৰাৰ উপৰি এই প্ৰস্তাৱিত সুবিধাই ছাত্ৰ-ছাত্ৰীসকলক বানপানী প্ৰৱণ অঞ্চলত জল-সুৰক্ষা আৰু জীৱনৰ গুৰুত্বপূৰ্ণ দক্ষতা আহৰণৰ সুযোগ প্ৰদান কৰিব । ‘আজি ছাত্ৰগৰাকীয়ে আগবঢ়োৱা পৰামৰ্শই আমাৰ যুৱক-যুৱতীসকলৰ মাজত থকা ব্যৱহাৰিক চিন্তাধাৰা আৰু সজাগতাৰ কথাকেই প্ৰতিফলিত কৰিছে।ডিব্ৰুগড় আৰু ইয়াৰ কাষৰীয়া অন্যান্য অঞ্চলৰ দৰে বানপীড়িত অঞ্চলত সাঁতোৰ শিকাটো কেৱল এক ক্ৰীড়াই নহয়, বৰঞ্চ এক অপৰিহাৰ্য জীৱনৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ বিষয়ো।প্ৰস্তাৱিত চুইমিং পুলে ছাত্ৰ-ছাত্ৰীসকলক সাঁতোৰ শিকিবলৈ, প্ৰশিক্ষণ ল’বলৈ এক সুযোগ তথা পৰিৱেশ প্ৰদান কৰিব,” সোণোৱালে কয়।
সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলৰ আগত দিয়া ভাষণো শুনে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এখন সুস্থ আৰু স্থিতিস্থাপক সমাজ গঢ়ি তোলাত ক্ৰীড়া আৰু ফিটনেছৰ ভূমিকা সম্পৰ্কে মত বিনিময় কৰে। ভাৰতীয় ফুটবলৰ কিংবদন্তি তথা জাতীয় দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়ায়ো এই কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ আগত ভাষণ দিয়ে । তেওঁৰ মন্তব্য আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত-বিনিময়ে অনুষ্ঠানটোৰ গুৰুত্ব অধিক বৃদ্ধি কৰে।
অনুষ্ঠানত ভাষণ আগবঢ়াই সোণোৱালে কয় যে ক্ৰীড়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা উৎসাহ অতি উৎসাহজনক। তেওঁ কয় যে ক্ৰীড়া সুস্থ ব্যক্তি আৰু সুস্থ সমাজ গঢ়াৰ এক গুৰুত্বপূৰ্ণ মাধ্যম তথা ই যুৱক-যুৱতীসকলৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ব লাগে। ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে ক্ৰীড়া, ফিটনেছ আৰু যুৱ ক্ৰীড়া প্ৰতিভাৰ বিকাশক অভূতপূৰ্ব গুৰুত্ব প্ৰদান কৰিছে।এই ক্ৰীড়া সংস্কৃতিক শিক্ষানুষ্ঠানসমূহৰ গভীৰতালৈ লৈ যোৱা, যুৱ খেলুৱৈসকলক উন্নত আন্তঃগাঁথনি তথা পৰিচয় প্ৰদান কৰা আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্টতাৰ সুযোগ সৃষ্টি কৰাটোৱেই আমাৰ গুৰুত্ব ।’- সৰ্বানন্দ সোণোৱালে কয়। সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী মোদীৰ ‘ফিট ইণ্ডিয়া’ দৃষ্টিভংগী আৰু ক্ৰীড়াক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ আহ্বানৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে ক্ৰীড়াৰ বিষয়ত গুৰুত্ব কেৱল আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টিতে সীমাবদ্ধ নহয় , বৰঞ্চ যুৱক-যুৱতীসকলক সুস্থ জীৱনযাপন কৰিবলৈ উৎসাহিত কৰা তথা শক্তিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়াত অৰিহণা যোগোৱাৰ লক্ষ্যৰেও ইয়াক পৰিচালিত কৰিব লাগিব।
সোণোৱালে লগতে ঘোষণা কৰে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শীৰ্ষ প্ৰদৰ্শনকাৰী খেলুৱৈসকলে ৰাষ্ট্ৰীয় ক্ৰীড়া সম্পৰ্কীয় ভ্ৰমণৰ সুবিধা লাভ কৰিব। এই ভ্ৰমণে খেলুৱৈসকলক আগশাৰীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশিক্ষণ পৰিৱেশতন্ত্ৰৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰিব আৰু তেওঁলোকে উচ্চ প্ৰশিক্ষণ তথা ক্ৰীড়া অনুশীলনৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব ।
আজিৰ এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহী অংশগ্ৰহণ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত বক্তাসকলৰ সৈতে মত বিনিময় কৰে আৰু ক্ৰীড়া তথা ফিটনেছৰ বিষয়ত তেওঁলোকৰ মতামত আৰু পৰামৰ্শসমূহ ভাগ-বাটোৱাৰা কৰে। সোণোৱালে কয় যে ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শই উন্নত ক্ৰীড়া আন্তঃগাঁথনি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ সুবিধা আদিৰে ক্ৰীড়া পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰিব পাৰে । লগতে এনে পৰামৰ্শই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ খেলুৱৈসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিব পাৰে ।






***
MI/Indu/DM
(ৰিলিজ আই ডি : 2304047)
অতিথি কক্ষ : 9