যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
মুখ্য যোগাযোগ একাউণ্টৰ প্ৰধান নিয়ন্ত্ৰকৰ গুৱাহাটী কাৰ্যালয়ৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন
प्रविष्टि तिथि:
22 AUG 2026 4:24PM by PIB Guwahati
মুখ্য যোগাযোগ একাউণ্টৰ প্ৰধান নিয়ন্ত্ৰক (Pr. CCA), গুৱাহাটীৰ উদ্যোগত ২১ আগষ্টত পানবজাৰস্থিত বিএছএনএল ভৱনৰ সভা কক্ষত জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। মুখ্য যোগাযোগ একাউণ্টৰ প্ৰধান নিয়ন্ত্ৰক শ্ৰীমতী জি জি শ্বাবঙৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত যোগাযোগ একাউণ্টৰ নিয়ন্ত্ৰক (CCA) শ্ৰীমতী লোপামুদ্ৰা মহান্তিৰ লগতে কাৰ্যালয়টোৰ বিষয়া আৰু কৰ্মচাৰীবৃন্দই অংশগ্ৰহণ কৰে।
এই উপলক্ষে কাৰ্যালয়টোৰ সভা কক্ষত পেঞ্চনাৰসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে গোপীনাথ নগৰ আৰু আনন্দনগৰ (কামৰূপ মহানগৰ), বাকা কুচি (নলবাৰী) আৰু খাৰুপেটীয়া (দৰং)স্থিত নিজ নিজ স্থানত জনসংযোগ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই পদক্ষেপে জ্যেষ্ঠ নাগৰিকসকলক প্ৰত্যক্ষ আৰু ভাৰ্চুৱেল—উভয় মাধ্যমৰে উৎসৱত অংশগ্ৰহণ কৰাত সহায় কৰে, যাৰ ফলত ব্যাপক প্ৰসাৰ আৰু সৰ্বাত্মক অংশগ্ৰহণ নিশ্চিত হয়। অংশগ্ৰহণকাৰীসকলে এই পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনায়।
এই দিৱস উদযাপনৰ অংশ হিচাপে পেঞ্চন সম্পৰ্কীয় সেৱাসমূহ সহজে লাভ কৰাত সহায়ক হোৱাকৈ বিভিন্ন জিলাত ‘ন’ ইয়ৰ পেঞ্চন’ (KYP) শিবিৰৰ আয়োজন কৰা হয়। লগতে পেঞ্চনাৰ আৰু পেঞ্চন সেৱা সম্পৰ্কীয় ভাৰত চৰকাৰৰ বিভিন্ন নীতি, আঁচনি আৰু ব্যৱস্থাসমূহৰ বিষয়েও পেঞ্চনাৰসকলক অৱগত কৰা হয়।


***
(रिलीज़ आईडी: 2302346)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English