গৃহ মন্ত্ৰালয়
অসমত ১১.৬৪ লাখতকৈ অধিক পৰিয়ালে স্ব-গণনা সম্পূৰ্ণ কৰে; গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল আৰম্ভ
प्रविष्टि तिथि:
17 AUG 2026 5:50PM by PIB Guwahati
অসমত ২০২৭ চনৰ লোকপিয়লৰ স্ব-গণনা পৰ্যায় সফলতাৰে সমাপ্ত হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত (যিটো ২০২৬ চনৰ ১৬ আগষ্টত সমাপ্ত হৈছিল) ১১,৬৪,৫৮৬ পৰিয়ালে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। এইক্ষেত্ৰত সৰ্বোত্তম জিলা তিনিখন হৈছে- কাছাৰ, শ্ৰীভূমি, আৰু কোকৰাঝাৰ।
অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ত এখন সংবাদমেল সম্বোধন কৰি অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক আই এ এছ শ্ৰী বিশ্বজিৎ পেগুৱে স্ব-গণনা প্ৰক্ৰিয়া সফলতাৰে সমাপ্ত হোৱাৰ কথা ঘোষণা কৰি অসমৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়।
তেওঁ জনোৱা মতে, আজিৰ পৰা অৰ্থাৎ ১৭ আগষ্ট, ২০২৬ তাৰিখৰ পৰা গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল (এইচ এল অ’) পৰ্যায় আৰম্ভ হৈছে। এই পৰ্যায়ত সমগ্ৰ ৰাজ্যৰ প্ৰতিটো পৰিয়াল প্ৰশিক্ষিত গণনাকাৰীয়ে পৰিদৰ্শন কৰিব, যিটো ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰলৈকে চলিব।
শ্ৰী বিশ্বজিৎ পেগুৱে "নো অমিছন, নো ডুপ্লিকেচন"ৰ লোকপিয়লৰ নীতি কঠোৰভাৱে ৰক্ষা কৰা হ'ব আৰু সংগ্ৰহ কৰা তথ্যৰ সম্পূৰ্ণ গোপনীয়তা নিশ্চিত কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে কয় যে লোকপিয়লৰ তথ্য নিৰাপদ আৰু সুৰক্ষিত তথা লোকপিয়ল আইন, ১৯৪৮ৰ অধীনত লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্য আদালতত প্ৰমাণ হিচাপে দাখিল কৰিব নোৱাৰিব।
২০২৭ চনৰ লোকপিয়লৰ ৰাজ্যিক ন’ডেল বিষয়া এ চি এছ শ্ৰী পাৰ্থ পেগু আৰু অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিবেও সংবাদমেলখনত ২০২৭ চনৰ লোকপিয়ল সফল পৰিচালনাৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ আৰু সহযোগিতাৰ অবিৰত গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ে সকলো নাগৰিককে তেওঁলোকৰ ঘৰলৈ অহা লোকপিয়লৰ কৰ্মীসকলক সহযোগ কৰি ৰাজ্যখনত ২০২৭ চনৰ লোকপিয়ল সফল পৰিচালনাত অৰিহণা যোগাবলৈ পুনৰবাৰ আহ্বান জনায়।
সংবাদমেলৰ সামৰণিত সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়, য’ত বিষয়াসকলে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে আৰু গৃহ তালিকাভুক্তি আৰু গৃহপিয়লৰ পৰ্যায়ৰ সৈতে জড়িত স্পষ্টীকৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
***
PG/BM/KD
(रिलीज़ आईडी: 2300599)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English