গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আৰ আৰ ইউ পাছিঘাট চৌহদত উত্তৰ-পূব ভাৰতৰ উপাচাৰ্যসকলৰ ঘূৰণীয়া মেজমেল

"উচ্চ শিক্ষাৰ ৰূপান্তৰ" শীৰ্ষক দুদিনীয়া ঘূৰণীয়া মেজমেল উদ্বোধন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

পোষ্ট কৰা হৈছে: 10 AUG 2026 7:34PM by PIB Guwahati

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ে (আৰ আৰ ইউ)ইয়াৰ পাছিঘাট চৌহদত ই ডি এল ডি আৰু নতুন দিল্লীৰ এছ’চিয়েচন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (এ আই ইউ)ৰ সহযোগিতাত আজি উত্তৰ-পূব ভাৰতৰ উপাচাৰ্যসকলৰ ২০২৬চনৰ ঘূৰণীয়া মেজমেলৰ উদ্বোধনী অধিৱেশনৰ আয়োজন কৰে। "উচ্চ শিক্ষাৰ পৰিৱৰ্তনঃ ভৱিষ্যতৰ বাবে সাজু ভাৰতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু কৌশল" শীৰ্ষক বিষয়ত অনুষ্ঠিত দুদিনীয়া এই ঘূৰণীয়া মেজমেলত উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ ১৬গৰাকী উপাচাৰ্য উচ্চ শিক্ষা, গৱেষণা, উদ্ভাৱন, প্ৰযুক্তি আৰু প্ৰাতিষ্ঠানিক উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হয়।

উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু। এছ’চিয়েচন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (এ আই ইউ)ৰ যুটীয়া সঞ্চালক (গৱেষণা) ড০ অমৰেন্দ্ৰ পানি, ডীন, কেম্পাছ, আৰ আৰ ইউৰ ড০ অবিনাশ খাৰেল আৰু আৰ আৰ ইউ পাছিঘাট চৌহদৰ সঞ্চালক ড০ এম সঞ্জীৱ সিং মঞ্চত উপস্থিত আছিল।

উপস্থিতসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত বিশ্ববিদ্যালয়সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বিশ্ববিদ্যালয়সমূহে কেৱল দক্ষ স্নাতক সৃষ্টি কৰাই নহয়, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাব পৰা দায়িত্বশীল, নৈতিক আৰু সামাজিকভাৱে সচেতন যুৱক-যুৱতীৰ বিকাশৰ ওপৰতো গুৰুত্ব দিয়া উচিত।

 

মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলক লৈ অধিক গৱেষণা আৰু সীমান্ত অঞ্চলৰ উন্নয়নৰ ওপৰত প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে; বিশেষকৈ জীৱিকা, যোগাযোগ, বহনক্ষম উন্নয়ন, প্ৰযুক্তি আৰু সীমান্ত অঞ্চলত বাস কৰা সম্প্ৰদায়ৰ আৰ্থ-সামাজিক বিকাশৰ দৰে বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়সমূহৰ মাজত সহযোগিতা আৰু উমৈহতীয়া চিন্তাৰ বিষয়সমূহৰ সমাধানৰ বাবে জ্ঞান, দক্ষতা আৰু সম্পদৰ আদান-প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শ্ৰী খাণ্ডুৱে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰাৰ পদক্ষেপক প্ৰশংসা কৰে আৰু আশা প্ৰকাশ কৰে যে এই আলোচনাসমূহে দৃঢ় শৈক্ষিক আৰু গৱেষণা সহযোগিতাৰ পথ প্ৰশস্ত কৰিব। তেওঁ পাছিঘাটত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা ১৬গৰাকী উপাচাৰ্যকো আদৰণি জনায়।

ঘূৰণীয়া মেজমেলত উচ্চ শিক্ষাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব, যাৰ ভিতৰত আছে ডিজিটেল ৰূপান্তৰ আৰু এআই একত্ৰীকৰণ; এআইৰ বাবে সাজু বিশ্ববিদ্যালয় নিৰ্মাণঃ শৈক্ষিক নেতৃত্বৰ বাবে এক ৰূপৰেখা; গোলকীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয়কৰণ; এআইৰ যুগত নেতৃস্থানীয় বিশ্ববিদ্যালয়সমূহঃ শাসনৰ পৰা বৌদ্ধিক ৰূপান্তৰলৈ; কৌশলগত একত্ৰীকৰণ আৰু ভাৰতীয় জ্ঞান প্ৰণালী (আইকেএছ)ৰ ৰূপায়ণ; ভি বি এছ এ বিধেয়ক-২০২৫ৰ অধীনত উচ্চ শিক্ষাৰ প্ৰস্তাৱিত নিয়ামক গঠন আৰু আৰ্হি; উদ্ভাৱন, উদ্যমশীলতা আৰু ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ;  আৰু বিত্তীয় তথা প্ৰাতিষ্ঠানিক বহনক্ষমতা।

এই আলোচনাসমূহৰ লক্ষ্য হৈছে যৌথ গৱেষণা, শৈক্ষিক অংশীদাৰিত্ব, উদ্ভাৱন, জ্ঞানৰ আদান-প্ৰদান, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণকে ধৰি উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। ঘূৰণীয়া মেজমেলে অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক উচ্চ শিক্ষা আৰু গৱেষণাই কেনেদৰে অঞ্চলটোৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগাব পাৰে সেই বিষয়ে আলোচনা কৰাৰ এক সুযোগ প্ৰদান কৰিব।

১৬ গৰাকী উপাচাৰ্যৰ অংশগ্ৰহণে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ মাজত ধাৰাবাহিকভাবে মত বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰিব তথা উমৈহতীয়া শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। আৰআৰইউ পাছিঘাট চৌহদে সীমান্ত অঞ্চল, ৰাষ্ট্ৰীয় উন্নয়ন, প্ৰযুক্তি, নিৰাপত্তা, প্ৰশাসন, উদ্ভাৱন আৰু যুৱ উন্নয়নৰ সৈতে প্ৰাসংগিক ক্ষেত্ৰত গৱেষণা আৰু শৈক্ষিক সহযোগিতাৰ সুবিধাও প্ৰদান কৰিবলৈ বিচাৰিছে।

এই অনুষ্ঠানত গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী ওজিং টাচিং, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ গৃহ আৰু শিক্ষা উপদেষ্টা শ্ৰী মুটচু মিঠি, অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰী কালিং ময়ং, বিধায়ক শ্ৰী নিনং এৰিং, শ্ৰী তাপি দাৰাং, শ্ৰী ওকেন তায়েং আৰু শ্ৰী ওনি পানয়াং, শিক্ষা আয়ুক্ত শ্ৰী আমজাদ টাক (আই এ এছ), পূব ছিয়াঙৰ উপায়ুক্ত শ্ৰীমতী সোনালিকা জিৱানী (আই এ এছ), পূব ছিয়াঙৰ আৰক্ষী অধীক্ষক শ্ৰী পংকজ লাম্বা (আই পি এছ)ৰ উপৰি জ্যেষ্ঠ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

…………….

PG/ SM/HS


(ৰিলিজ আই ডি : 2297998) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English