উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চলৰ ৰূপান্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ
प्रविष्टि तिथि:
06 AUG 2026 6:35PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)-ক দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ কেন্দ্ৰবিন্দুত ৰাখিছে এক্ট ইষ্ট নীতিয়ে। এক্ট ইষ্ট নীতিৰ এটা কেন্দ্ৰীয় গুৰুত্ব হৈছে সীমা অতিক্ৰমী সংযোগ আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা। ভাৰত–ম্যানমাৰ–থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ আৰু কালাডান মাল্টি-মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প হৈছে এই কাঠামোৰ অধীনৰ ধ্বজাবাহী প্ৰকল্প।
এক্ট ইষ্ট নীতিয়ে সংহত পৰীক্ষণ চকী(আইচিপি) আৰু সীমান্ত-হাট বিকাশৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বাণিজ্যিক সংযোগক শক্তিশালী কৰিছে।
কালাডান মাল্টি-মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্পটো জলপথ আৰু স্থলপথৰ প্ৰভাগৰে গঠিত।
- জলপথৰ প্ৰভাগটো সম্পূৰ্ণ হোৱাত ২০২৩ চনৰ মে’ মাহত উদ্বোধন কৰা হৈছে।
- স্থলপথৰ প্ৰভাগটো পালেটৱা (ম্যানমাৰ)ৰ পৰা মিজোৰামৰ জোৰিনপুইলৈ দুটা লেনযুক্ত ঘাইপথ (১০৯ কিলোমিটাৰ দীঘল)ৰে গঠিত।
ভাৰত-ম্যানমাৰ-থাইলেণ্ড (আই এম টি) ত্ৰিপাক্ষিক ঘাইপথটোৰ দুটা অংশ আছে:
- তামু - কালেৱা ঘাইপথৰ পথ নির্মাণ সম্পূর্ণ কৰি চৰকাৰৰ তৰফৰ পৰা ২০০৯ চনত ম্যানমাৰৰ চৰকাৰক গতাই দিয়া হৈছে৷
- ১১২ কিলোমিটাৰৰ পৰা ৬০ কিলোমিটাৰলৈকে কালেৱা-য়াৰ্গী ঘাইপথ-অংশৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু ২০২৫ চনৰ অক্টোবৰ মাহত ম্যানমাৰ চৰকাৰক গতাই দিয়া হৈছে।
উত্তৰ পূৰ্বাঞ্চলত বৰ্তমানৰ অৰ্থনৈতিক, আন্তঃগাঁথনি আৰু বিনিয়োগ পৰিতন্ত্ৰৰ মূল্যায়নৰ দায়িত্বৰে উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ (এন ই ই চি)-ত ২০২৫ চনত ভৌতিক সংযোগ, বাণিজ্যৰ সুবিধা আৰু খণ্ডগত বিনিয়োগৰ জটিল ব্যৱধান চিনাক্ত কৰা; আৰু এন ই ই চি প্ৰকল্পত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ কৌশল প্ৰস্তুত কৰাৰ বাবে এটা উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ (এইচ এল টি এফ) গঠন কৰা হৈছিল। ২০২৬ চনৰ জুন মাহত উত্তৰ-পূব পৰিষদ-ৰ ৭৩ সংখ্যক পূৰ্ণাংগ সভাত এন ই ই চি সন্দৰ্ভত এইচ এল টি এফ-ৰ প্ৰতিবেদন দাখিল কৰা হৈছিল।
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে অঞ্চলটোত বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ মে’ মাহত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট-ৰ আয়োজন কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ আকৰ্ষণৰ বাবে চিনাক্ত কৰা শীৰ্ষ সন্মিলনে বিশেষ গুৰুত্ব প্ৰদান কৰা খণ্ডসমূহ আছিল পৰ্যটন আৰু আতিথ্য; কৃষি-খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংশ্লিষ্ট খণ্ড; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আই টি/আই টি ই এছ; মনোৰঞ্জন আৰু ক্ৰীড়া; আন্তঃগাঁথনি আৰু লজিষ্টিক; আৰু শক্তি। সামূহিকভাৱে, শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰি-ইভেণ্ট ৰোডশ্ব'সমূহে বুজাবুজিৰ চুক্তিপত্ৰ (এম অ' ইউ), উদ্দেশ্য পত্ৰ, আৰু ব্যক্তিগত বিনিয়োগকাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগ, আৰু প্ৰধান ঔদ্যোগিক সংঘৰ পৰা যোগ্যতাসম্পন্ন লীডৰ জৰিয়তে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ আগ্ৰহ লাভ কৰে।
নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড(নেডফি)-য়ে উত্তৰ পূৰ্বাঞ্চলত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ড আৰু উদ্যোগীকৰণৰ বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক, আন্তঃগাঁথনি, কৃষি সংযুক্ত প্ৰকল্প, চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানিক সহায়ৰ বাবে আৰ্থিক সহায় আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেডফি-য়ে নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড-ৰ জৰিয়তেও উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ ইক’চিষ্টেমক সহায় কৰে।
এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।
***
PS/KB
(रिलीज़ आईडी: 2295864)
आगंतुक पटल : 3