গৃহ মন্ত্ৰালয়
অসমত ২ আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল ২০২৭ৰ স্ব- গণনা; নাগৰিকে অনলাইনযোগে জমা দিব পাৰিব সবিশেষ তথ্য
১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে হাউছলিষ্টিং অপাৰেচন আৰু হাউছিং লোকপিয়লৰ সময়ত গণনাকাৰীসকলে ঘৰ ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব
বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়লৰ প্ৰস্তুতিমূলক কাম সাময়িকভাৱে স্থগিত ৰখা হৈছে
प्रविष्टि तिथि:
01 AUG 2026 5:05PM by PIB Guwahati
২০২৭ চনৰ প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে স্ব- গণনাৰ (SE) সুবিধা অসমত ২০২৬ চনৰ ২ আগষ্টৰ পৰা আৰম্ভ হ’ব। নাগৰিকসকলে স্ব- গণনা পৰ্টেল, se.census.gov.in ৰ জৰিয়তে নিজৰ ঘৰুৱা আৰু ব্যক্তিগত তথ্য অনলাইনযোগে প্ৰদান কৰিব পাৰিব। ২০২৬ চনৰ ১৭ আগষ্টত হাউছলিষ্টিং অপাৰেচন আৰু হাউছিং লোকপিয়ল আৰম্ভ হোৱাৰ পূৰ্বে ২০২৬ চনৰ ১৬ আগষ্টলৈকে এই সুবিধা উপলব্ধ থাকিব।
অসম চৰকাৰৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সহযোগত আয়োজন কৰা এখন সংবাদমেলত অসমৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক শ্ৰী বিশ্বজিৎ পেগু (আই এ এছ)য়ে কয় যে স্ব-গণনাই ২০২৭ চনৰ লোকপিয়লক অধিক অংশগ্ৰহণমূলক আৰু নাগৰিককেন্দ্ৰিক কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত সহায় কৰিব । তেওঁ অসমৰ ৰাইজক অনলাইন সুবিধাৰ ব্যৱহাৰ কৰি লোকপিয়ল প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
শ্ৰী পেগুৱে লগতে কয় যে ২০২৬ চনৰ ২ৰ পৰা ১৬ আগষ্টলৈ ১৫ দিনীয়া উইণ্ড’ৰ সময়ছোৱাত নাগৰিকে নিজৰ তথ্য স্ব-গণনা পৰ্টেলৰ জৰিয়তে প্ৰদান কৰিব পাৰিব।তেওঁ লগতে কয় যে গৃহ তালিকাভুক্তকৰণ অভিযান আৰু হাউছিং লোকপিয়ল আৰম্ভ হোৱাৰ পূৰ্বে নাগৰিকে নিজৰ ঘৰুৱা তথ্য সুবিধাজনকভাৱে প্ৰদান কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। তেওঁ লগতে কয় যে ১৬ আগষ্টত স্ব-গণনাৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ হাউছলিষ্টিং অপাৰেচন আৰু হাউছিং লোকপিয়ল আৰম্ভ হ’ব।এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীয়ে ঘৰ ঘৰে গৈ প্ৰয়োজনীয় তথা সবিশেষ তথ্য সংগ্ৰহ কৰাৰ লগতে সেয়া নিশ্চিত কৰিব।
শ্ৰী পেগুৱে নাগৰিকে প্ৰদান কৰা তথ্যৰ গোপনীয়তা ৰক্ষাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়তো আলোকপাত কৰে। লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ লোকপিয়ল আইন, ১৯৪৮ৰ বিধানৰ অধীনত সুৰক্ষিত হৈ থাকিব আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষা বিধিগতভাবে নিশ্চিত কৰা হ'ব। তেওঁ লগতে জনায় যে, সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়লৰ সৈতে জড়িত প্ৰশিক্ষণ কাৰ্যসূচী তথা অন্যান্য প্ৰস্তুতিমূলক কাৰ্যকলাপৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পিছুৱাই দিয়া হৈছে।সংবাদমেলত অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ বিষয়াসকলে অনলাইন পঞ্জীয়ন, ঘৰুৱা তথ্য দাখিল, গুৰুত্বপূৰ্ণ সময়সীমা আৰু পৰ্টেলৰ অন্যান্য বৈশিষ্ট্যসমূহকে ধৰি স্ব-গণনা প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে বাখ্যা কৰে।
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব শ্ৰীযুত নৰসিং পাৱাৰে, আই এ এছ , ২০২৭ চনৰ লোকপিয়ল সুচাৰুৰূপে আৰু সফলভাবে পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। তেওঁ লোকপিয়ল প্ৰক্ৰিয়াত ফলপ্ৰসূ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভাগসমূহৰ মাজত সমন্বিত প্ৰচেষ্টা তথা ব্যাপক জনসচেতনতাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। সংবাদমেলত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব শ্ৰী যতীন বৰা, এ চি এছ; শ্ৰী পাৰ্থ পেগু, এচিএছ, অতিৰিক্ত সচিব তথা ন’ডেল বিষয়া (লোকপিয়ল), সাধাৰণ প্ৰশাসন বিভাগ; আৰু ৰাজ্য চৰকাৰ তথা লোকপিয়ল পৰিচালনা সঞ্চালকালয়, অসমৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ে সমগ্ৰ ৰাজ্যৰ নাগৰিকসকলক ২০২৬ চনৰ ২ৰ পৰা ১৬ আগষ্টলৈ স্ব-গণনাৰ সুবিধা গ্ৰহণ কৰি ২০২৭ চনৰ লোকপিয়লৰ সফল পৰিচালনাত অৰিহণা যোগাবলৈ সকলোকে আহ্বান জনাইছে ।স্ব-গণনা প্ৰক্ৰিয়াৰ বিশদ টিউটৰিয়েল তলত চাব পাৰিব:



***
PG/BM/DM
(रिलीज़ आईडी: 2293031)
आगंतुक पटल : 2561
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English