গৃহ মন্ত্ৰালয়
স্থল বন্দৰ পৰিচালনা ব্যৱস্থা (বিনিময়)
प्रविष्टि तिथि:
21 JUL 2026 4:06PM by PIB Guwahati
স্থল বন্দৰ পৰিচালনা ব্যৱস্থাত (বিনিময়) ১০টা সংহত চেক পোষ্ট (আই চি পি) কাৰ্যকৰী কৰা হৈছে। ৰাজ্য অনুসৰি সবিশেষ তলত দিয়া ধৰণৰঃ -
|
ক্ৰমিক নম্বৰ
|
আই চি পি-ৰ স্থান
|
ৰাজ্য
|
|
১.
|
আগৰতলা
|
ত্ৰিপুৰা
|
|
২.
|
শ্ৰীমন্তপুৰ
|
ত্ৰিপুৰা
|
|
৩.
|
দৰং
|
অসম
|
|
৪.
|
ৰুপাইদিহা
|
উত্তৰ প্ৰদেশ
|
|
৫.
|
ৰাক্সৌল
|
বিহাৰ
|
|
৬.
|
পেট্ৰাপোল
|
পশ্চিমবংগ
|
|
৭.
|
যোগবানী
|
বিহাৰ
|
|
৮.
|
ডাউকী
|
মেঘালয়
|
|
৯.
|
সুতাৰকান্দি
|
অসম
|
|
১০.
|
আট্টাৰী
|
পঞ্জাব
|
স্থল বন্দৰ পৰিচালনা ব্যৱস্থা (এল পি এম এছ)ক ইউনিফাইড লজিষ্টিক প্লেটফৰ্ম (ইউ এল আই পি), আই চি ই জি এ টি ই, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (এম অ’ আৰ টি এইচ), আৰু সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ব্যৱস্থাৰ সৈতে একত্ৰিত কৰা হৈছে। সকলো বৰ্তমানৰ আৰু ভৱিষ্যতৰ আই চি পিত কাম-কাজৰ পৰিচালনাৰ বাবে স্থল বন্দৰ পৰিচালনা ব্যৱস্থাক এক ডিজিটেল মঞ্চ হিচাপে বিকশিত কৰা হৈছে।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে।
*****
RK/PR/PS/SC/HS
(रिलीज़ आईडी: 2287566)
आगंतुक पटल : 13