গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বানপীড়িত যোৰহাটত এন ডি আৰ এফৰ যুদ্ধকালীন তৎপৰতাই প্ৰাণৰক্ষা কৰিলে ৫ জন লোকৰ

प्रविष्टि तिथि: 21 JUL 2026 7:16PM by PIB Guwahati

অসমৰ যোৰহাট জিলাৰ টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত চেলেং চাহ বাগিচাৰ সমীপৰ বানাক্ৰান্ত চেলেংঘাটৰ পৰা যোৱা ১৯ জুলাইত যোৰহাটৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা বাৰ্তা লাভ কৰাৰ  পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা  বাহিনী (এনডিআৰএফ) (১-পি) এ ৫ জন লোকক উদ্ধাৰ কৰে।

বাহিনীটোৰ  পৰিদৰ্শক কে বি  নাথৰ নেতৃত্বত তথা  এন ডি আৰ এফৰ প্ৰথম বেটেলিয়নৰ ডেপুটি কমাণ্ডেণ্ট  এন.কে. তিৱাৰীৰ তত্বাৱধানত এন ডি আৰ এফৰ দল বানত ক্ষতিগ্ৰস্ত  অঞ্চলত উদ্ধাৰ অভিযান চলায়।

এন ডি আৰ এফৰ উদ্ধাৰকাৰীৰ দলটোৱে  পানীত বুৰ যোৱা  এটা ঘৰৰ চালত আশ্ৰয়লৈ  থকা এটি কণমানি ছোৱালী, প্ৰচণ্ড সোঁতে উটুৱাই লৈ যোৱা এজন লোক আৰু বানপানীৰ মাজত আবদ্ধ হৈ থকা তিনিগৰাকী মহিলাক উদ্ধাৰ কৰে । এগৰাকী বৃদ্ধাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়, দীৰ্ঘদিন ধৰি ঠাণ্ডা বানপানীৰ পানীৰ সংস্পৰ্শত থকাৰ বাবে তেওঁ হাইপোথাৰ্মিয়াত আক্ৰান্ত হৈছিল ।উদ্ধাৰকাৰীৰ দলটোৱে বানাক্ৰান্তক  উদ্ধাৰ কৰি  সকলোকে , বিশেষকৈ বৃদ্ধাসকলক   প্ৰি-হস্পিতাল ট্ৰিটমেণ্ট (পিএইচটি) প্ৰদান কৰে  আৰু অধিক চিকিৎসা তথা পুনৰ্বাসনৰ বাবে নিৰ্দিষ্ট সাহায্য কেন্দ্ৰলৈ নিৰাপদে স্থানান্তৰিত কৰে।

***

PG/BM/DM


(रिलीज़ आईडी: 2287373) आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English