তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

"লোকপিয়লৰ অনুশীলনত সহযোগিতা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব।"- সঞ্চালক, লোকপিয়ল সঞ্চালকালয় , অসম

১৭ আগষ্টৰ পৰা অসমত আৰম্ভ হ’ব গৃহ তালিকাভুক্তি আৰু গৃহপিয়লৰ প্ৰথম পৰ্যায়; ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়

পি আই বি গুৱাহাটীৰ উদ্যোগত কামৰূপ জিলাৰ লোকপিয়ল ২০২৭, গ্ৰাহক সজাগতা আৰু উন্নয়নৰ পদক্ষেপ সন্দৰ্ভত ‘বাৰ্তা’ শীৰ্ষক জিলাভিত্তিক সংবাদ কৰ্মশালা অনুষ্ঠিত

পোষ্ট কৰা হৈছে: 17 JUL 2026 5:20PM by PIB Guwahati

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ উদ্যোগত আজি কামৰূপৰ আমিনগাঁৱৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ত “বাৰ্তা” শীৰ্ষক এখন জিলাভিত্তিক সংবাদ কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত সাংবাদিক, চৰকাৰী বিষয়া আৰু বিষয়নিৰ্দিষ্ট বিশেষজ্ঞসকলক একত্ৰিত কৰি ২০২৭ চনৰ লোকপিয়লৰ কাম-কাজ, গুণগত মান আৰু গ্ৰাহক সজাগতাৰ ওপৰত আলোচনা কৰাৰ লগতে কামৰূপ জিলাত বিগত ১২ বছৰে গ্ৰহণ কৰা উন্নয়নমূলক কাম-কাজৰ ওপৰতো আলোকপাত কৰা হয়।

লোকপিয়ল সঞ্চালকালয়,অসমৰ সঞ্চালক শ্ৰী বিশ্বজিৎ পেগুৱে ২০২৭ চনৰ লোকপিয়ল সন্দৰ্ভত বিশদভাৱে উপস্থাপন কৰি ইয়াৰ আইনী পৰিকাঠামো, পৰ্যায়, প্ৰস্তুতি আৰু ডিজিটেল পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ জনোৱা মতে, ২০২৭ চনৰ লোকপিয়ল ভাৰতৰ ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত এইবাৰ অষ্টম জনগণনা হ’ব। এই অনুশীলন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব— গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল, তাৰ পিছত জনসংখ্যা গণনা। আৰু গণনাকাৰীৰ বাবে মোবাইল এপ্লিকেচন, ষোল্লটা ভাষাত স্ব-গণনা পৰ্টেল আৰু লোকপিয়ল ব্যৱস্থাপনা তথা নিৰীক্ষণ ব্যৱস্থা (চিএমএমএছ)কে ধৰি ডিজিটেল প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰা হ’ব। তেওঁ লোকপিয়ল সুচাৰুৰূপে ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশতে গ্ৰহণ কৰা শক্তিশালী প্ৰশিক্ষণ ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰে। জনগণনাত অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে লোকপিয়লৰ অনুশীলনত সহযোগিতা বৃদ্ধি কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। সাধাৰণ ভুল ধাৰণাসমূহ স্পষ্ট কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে "লোকপিয়ল এটা পৰিসংখ্যাগত নথি, ই আইনী নথি নহয়," আৰু "লোকপিয়লৰ বাবে কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই।"

শ্ৰী পেগুৱে লগতে ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ (৩০ দিন) ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া গৃহ তালিকাভুক্তি আৰু গৃহপিয়লৰ প্ৰথম পৰ্যায়ৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ পূৰ্বে ২ আগষ্টৰ পৰা ১৫ দিনৰ স্ব-গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। ২০২৭ চনৰ লোকপিয়লৰ বাবে স্ব-গণনা সুবিধাৰ জৰিয়তে নাগৰিকসকলে গণনাকাৰীৰ ক্ষেত্ৰ পৰিদৰ্শনৰ পূৰ্বে নিৰ্দিষ্ট স্ব-গণনা পৰ্টেলৰ জৰিয়তে স্বেচ্ছাই নিজৰ ঘৰুৱা তথ্য অনলাইনযোগে জমা দিবলৈ সক্ষম হব। ইয়াৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া অধিক সুবিধাজনক, অংশগ্ৰহণমূলক আৰু ডিজিটেলভাৱে সক্ষম হৈ উঠিব। নাগৰিকে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ https://se.census.gov.in/ত গৈ ঘৰুৱা তথ্য দাখিল কৰিব পাৰিব।

বৈঠকত ভাষণ দি কামৰূপ জিলাৰ আয়ুক্ত শ্ৰী দেৱ কুমাৰ মিশ্ৰই কামৰূপ জিলাৰ বিগত ১২ বছৰৰ উল্লেখযোগ্য উন্নয়ন যাত্ৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত জিলাখনত নিজৰ প্ৰশাসনিক অভিজ্ঞতাৰ ভিত্তিত তেওঁ মন্তব্য কৰে যে তেওঁ ব্যক্তিগতভাৱে ইয়াৰ ৰূপান্তৰ প্ৰত্যক্ষ কৰিছে আৰু ২০১৩-১৪ চনৰ পৰা উন্নয়নৰ গতি যথেষ্ট ত্বৰান্বিত হোৱাটো পৰ্যবেক্ষণ কৰিছে। ২০১৩ চনত কামৰূপত অসমৰ প্ৰথমটো স্বতন্ত্ৰ সংহত উপাযুক্তৰ কাৰ্যালয় স্থাপন হোৱাৰ কথা উল্লেখ কৰি তেওঁ লগতে উল্লেখ কৰে যে এইমছ গুৱাহাটী, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট (আই আই এম), ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফৰ্মেশ্যন টেকন’লজি (আই আই আই টি), নেশ্যনেল ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ (এন আই পি ই আৰ), নেশ্যনেল ডাটা চেণ্টাৰ আৰু বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ আদিৰ দৰে আগশাৰীৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপনৰ লগে লগে জিলাখন শিক্ষা, স্বাস্থ্যসেৱা, গৱেষণাৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে। তেওঁ লগতে কয় যে কামৰূপক এখন উপগ্ৰহ চহৰ হিচাপে গঢ়ি তোলা হ’ব, যাৰ ফলত জিলাখনৰ নগৰ তথা অৰ্থনৈতিক উন্নয়ন আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

আন এখন কাৰিকৰী অধিৱেশনত ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ মুৰব্বী শ্ৰী সৌভিক চন্দা আৰু পৰামৰ্শদাতা (মানক কাৰ্যকলাপ) ড° শশাংক শেখৰ বৰকটকীয়ে পণ্যৰ মান, সুৰক্ষা আৰু গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিআইএছৰ ভূমিকা সম্পৰ্কে মন্তব্য কৰে। তেওঁলোকে বিআইএছ আইন, ২০১৬ৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰীয় মানক সংস্থা হিচাপে বিআইএছৰ বিৱৰ্তনৰ বিষয়ে ব্যাখ্যা কৰে আৰু ইয়াৰ মূল কামসমূহৰ ওপৰত আলোকপাত কৰে, য’ত প্ৰামাণিকীকৰণ, পণ্য প্ৰমাণীকৰণ, হ’লমাৰ্কিং, পৰীক্ষাগাৰত পৰীক্ষণ আৰু বলৱৎকৰণ আদি অন্তৰ্ভুক্ত। তেওঁলোকে বিভিন্ন সামগ্ৰীৰ বাবে বাধ্যতামূলক প্ৰমাণপত্ৰ, আই এছ আই চিহ্ন আৰু সোণৰ চিহ্নিতকৰণৰ গুৰুত্ব তথা নকল আৰু অমান্য সামগ্ৰীৰ পৰা গ্ৰাহকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বি আই এছৰ ভূমিকা সম্পৰ্কে বিশদভাৱে কয়। এই বক্তব্যত বিআইএছৰ পদক্ষেপ যেনে- বিআইএছ কেয়াৰ এপ, গুণগত সজাগতা কাৰ্যসূচী, এমএছএমই আৰু মহিলা আত্মসহায়ক গোটৰ বাবে প্ৰচাৰ কাৰ্যসূচী, উত্তৰ-পূব অঞ্চলত আইএছআই আৰু হলমাৰ্ক প্ৰমাণপত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধে শেহতীয়াকৈ বলৱৎকাৰী ব্যৱস্থাও প্ৰদৰ্শন কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ পিআইবিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আইআইএছ বিষয়া শ্ৰী কৃপা শংকৰ যাদৱে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত যোগাযোগ শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ মঞ্চ হিচাপে বাৰ্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ সংবাদিকসকলক এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপসমূহ সঠিক তথ্য সক্ৰিয়ভাৱে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

কৰ্মশালাখনত কামৰূপ জিলাৰ ৪৭ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত অংশগ্ৰহণকাৰীসকলে লোকপিয়ল ২০২৭, স্বগণনা, তথ্য সুৰক্ষা, প্ৰয়োজনীয়তা নথিপত্ৰ আৰু বিআইএছ মান, প্ৰমাণীকৰণ তথা হলমাৰ্কিঙৰ বিভিন্ন দিশৰ সৈতে জড়িত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে, যিবোৰৰ উত্তৰ সমল ব্যক্তিসকলে প্ৰদান কৰে।

 

 

……….

 

 

PG/ SM/ RR / KD


(ৰিলিজ আই ডি : 2285851) অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক: English