বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
অসমত মুক্ত বাণিজ্য চুক্তি আৰু উদীয়মান ৰপ্তানিৰ সুযোগৰ সুবিধাসমূহৰ বিষয়ত বিশেষ অনুষ্ঠানৰ আয়োজন বাণিজ্য বিভাগৰ
ৰবৰ উৎপাদনত অসমে লাভ কৰিছে তৃতীয় স্থান; এই বিষয়ত সম্প্ৰসাৰণ আৰু উৎপাদনশীলতা বৃদ্ধিৰ কাম চলি আছে
পোষ্ট কৰা হৈছে:
09 JUN 2026 5:46PM by PIB Guwahati
বৰ্তমান চৰকাৰৰ ১২ বছৰীয়া শাসনক উদযাপন কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা দেশজোৰা অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগে আজি গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মূল পদক্ষেপ, লাভ কৰা সাফল্য, নীতিগত হস্তক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰা হয়। সংবাদ মাধ্যমক সম্বোধন কৰি বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰীয়ে “ৰোপন আৰু বনজ সামগ্ৰীৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি এফ টি এ আৰু নতুন সুযোগ” শীৰ্ষক বিষয়বস্তুৰ আধাৰত ভাষণ আগবঢ়ায়। তেওঁ ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ সুবিধাসমূহৰ কথা উল্লেখ কৰাৰ লগতে ৰোপন তথা বনজ সামগ্ৰী খণ্ডৰ ৰপ্তানিকাৰক, উৎপাদক তথা অংশীদাৰসকলৰ বাবে ইয়াৰ উদীয়মান সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে। শ্ৰীমতী চৌধুৰীয়ে কয় যে ভাৰতৰ মুঠ ৰপ্তানি মূল্য ২০২৫-২৬ চনত ৮৬৩ বিলিয়ন ডলাৰ আছিল, যিটো ২০১৪-১৫ চনত ৪৬৮ বিলিয়ন ডলাৰতকৈ যথেষ্ট বেছি, এয়া ৫.৭%ৰ চক্রবৃদ্ধিৰ হাৰত বাৰ্ষিক বৃদ্ধি পাইছে। ট্ৰেড কানেক্ট, ট্ৰেড ইনটেলিজেন্স এণ্ড এনালাইটিক্স (টিআইএ) পৰ্টেল, এটা শক্তিশালী অভিযোগ নিৰাময় ব্যৱস্থা আৰু সামগ্ৰিকভাৱে ইজ অৱ ডুইং বিজনেছ পদক্ষেপৰ দৰে প্লেটফৰ্মৰ সৈতে বাণিজ্যৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱৰ্তনে দেশৰ ব্যৱসায়ী আৰু ৰপ্তানিকাৰকসকলক কেনেদৰে সহায় কৰিছে, সেই বিষয়ে আলোকপাত কৰে।
সংবাদমেলত ভাৰত-ইউ কে এফ টি এ, ভাৰত-অষ্ট্ৰেলিয়া ই চি টি এ আদি বিভিন্ন দেশৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ উল্লেখযোগ্য লাভৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হয় । এই চুক্তিসমূহে ভাৰতীয় ব্যৱসায়ীসকলক নতুন আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম কৰি তুলিছে আৰু দেশৰ ৰপ্তানিখণ্ডৰ প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰিছে বুলিও তেওঁ কয়। এই বাণিজ্যিক চুক্তিসমূহৰ প্ৰধান হিতাধিকাৰীৰ ভিতৰত কৃষি, বস্ত্ৰশিল্প, ঔষধ আদি খণ্ডও অন্যতম।
ৰপ্তানি প্ৰসাৰ অভিযান (ইপিএম)ৰ বিষয়ত আলোকপাত কৰি শ্ৰীমতী চৌধুৰীয়ে কয় যে এই অভিযানে ৰপ্তানি প্ৰসাৰৰ বাবে এক ব্যাপক, নমনীয় আৰু ডিজিটেলভাৱে চালিত কাঠামো প্ৰদান কৰিব। ২০২৫–২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে এই পদক্ষেপৰ বাবে ধাৰ্য কৰা মুঠ ব্যয় হৈছে ২৫,০৬০ কোটি টকা ।

অসমৰ ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ত উল্লেখ কৰি তেওঁ কয় যে চাহৰ উপৰি পেট্ৰলিয়াম সামগ্ৰী, কয়লা, ঔষধ প্ৰস্তুতি, প্ৰসাধন আদি সামগ্ৰীৰ ৰপ্তানি ৰাজ্যখনৰ পৰা বৃদ্ধি পাইছে । অসমৰ ৰবৰ খণ্ডৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰি তেওঁ কয় যে এই অঞ্চলৰ বাবে বিশেষভাৱে ৰবৰ গৱেষণা প্ৰতিষ্ঠানে প্ৰস্তুত কৰা বিশ্বৰ প্ৰথমটো জিনীয় পৰিৱৰ্তিত ৰবৰ গছ অসমত ৰোপণ কৰা হৈছে।
প্ৰেছ ব্রিফিঙত ৰবৰ ব’র্ডৰ কার্যবাহী সঞ্চালক শ্রী এম বসন্তগেছানেও “উত্তৰ-পূর্বাঞ্চলৰ ৰবৰ খণ্ডৰ সুযোগ আৰু প্রত্যাহবান আৰু ৰবৰ ব’র্ডৰ ভূমিকা” বিষয়ত ভাষণ দিয়ে৷ তেওঁ অসমত ৰবৰ খেতিৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি কেৰালা আৰু ত্ৰিপুৰাৰ পিছতে ৰাজ্যখন ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে বুলি অৱগত কৰে।
শ্ৰী বসন্তগেছনে কয় যে প্ৰাকৃতিক ৰবৰৰ চাহিদা-যোগানৰ ব্যৱধান দূৰ কৰিবলৈ ৰবৰ ব’ৰ্ডে খেতিৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদনশীলতা বৃদ্ধি দুয়োটাতে গুৰুত্ব আৰোপ কৰিছে। তেওঁ অৱগত কৰে যে উত্তৰ-পূব অঞ্চলত বৰ্তমান প্ৰায় ১.৮ লাখ হেক্টৰ ৰবৰ খেতিৰ খেতি, ইয়াৰে প্ৰায় ৫০,০০০ হেক্টৰ অসমত অৱস্থিত, ভাৰতৰ ৰবৰ অৰ্থনীতিত ৰাজ্যখনৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এটিএমএ (Automotive Tire Manufacturers Association) ৰ পুঁজিৰে ইনৰোড (INROAD) প্ৰকল্প নামৰ এটা সহযোগিতামূলক পদক্ষেপ গ্ৰহম কৰা হৈছে । ২০২১–২০২৬ চনৰ ভিতৰত উত্তৰ-পূব আৰু পশ্চিম বংগত দুই লাখ হেক্টৰ মাটিত ৰবৰ বাগিচাৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে । প্ৰকল্পটো আৰম্ভ হোৱাৰ পৰাই ১,৭৯,৩৭৬ হেক্টৰত গছ ৰোপণ সম্পূৰ্ণ হৈছে । ফলত ২০২৫ চনৰ ৰোপণ বতৰলৈকে ২,০৭,২৪৮ জন খেতিয়ক উপকৃত হৈছে। সংবাদমেলৰ পূৰ্বে শ্ৰীমতী কপিল চৌধুৰীয়ে উদ্যোগৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ অধিৱেশনত অংশগ্ৰহণ কৰে। এই অধিৱেশনত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ৰপ্তানিকাৰক, এমএছএমই, আইচিচি, চাহ উদ্যোগৰ প্ৰতিনিধি, খাদ্য প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত ব্যক্তি , নিৰ্মাতা, ষ্টাৰ্টআপ আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে । তেওঁ উত্তৰ-পূবৰ ৰপ্তানিকাৰকসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ উপস্থিতি শক্তিশালী কৰিবলৈ আৰু মূল্য সংযোজন, গুণগত মান বৃদ্ধি, ব্ৰেণ্ডিং তথা বজাৰ বৈচিত্ৰ্যকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে।


***
PG/BM/DM
(ৰিলিজ আই ডি : 2270893)
অতিথি কক্ষ : 114