ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
গুৱাহাটীত বিশ্ব চাইকেল দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ইউআইডিএআইৰ; ফিটনেচ আৰু শিশুৰ বাবে আধাৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণৰ সন্দৰ্ভত প্ৰচাৰ
प्रविष्टि तिथि:
07 JUN 2026 3:01PM by PIB Guwahati
ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে আজি গুৱাহাটীত "একেলেগে চাইকেল চলাওঁ আহক, সুস্থ থাকোঁ, পৰিৱৰ্তনক অনুপ্ৰাণিত কৰোঁ" শীৰ্ষক বিষয়বস্তুৰে আয়োজিত ‘বিশ্ব চাইকেল দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্য, সুস্থতা আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰসাৰ কৰা।
ইউআইডিএআইৰ প্ৰতিনিধিসকলে অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে আধাৰ সেৱাসমূহ তথা বিভিন্ন চৰকাৰী আৰু কল্যাণমূলক আঁচনিৰ সহজ লাভালাভ নিশ্চিত কৰিবলৈ আধাৰৰ তথ্যসমূহ আপডেট কৰি ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰে।
কাৰ্যসূচীৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলক আধাৰত বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। যদিহে ৫–৭ বছৰ আৰু ১৫–১৭ বছৰ বয়সৰ ভিতৰত এই বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নহয়, তেন্তে বৰ্তমানৰ নিয়ম অনুসৰি আধাৰ নম্বৰটো নিষ্ক্ৰিয় হৈ পৰিব পাৰে।
আধাৰ উন্নীতকৰণে স্কুলত নামভৰ্তি, প্ৰৱেশ পৰীক্ষাৰ পঞ্জীয়ন, জলপানীৰ লাভালাভ, ডিবিটি আঁচনি, অপাৰ আইডি আদি প্ৰাসংগিক সেৱাসমূহ লাভ কৰাত সহায় কৰিব পাৰে; অন্যথা পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী সুবিধা লাভৰ বাবে আধাৰ ভিত্তিক প্ৰমাণীকৰণ কৰাৰ সময়ত অসুবিধাৰ সৃষ্টি হ’ব পাৰে।
বিষয়াসকলে লগতে উল্লেখ কৰে যে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰায়ে শেষ মুহূৰ্তত আধাৰ আপডেট কৰিবলৈ বিচাৰে, যাৰ ফলত অনাহক চিন্তা আৰু বিলম্বৰ সৃষ্টি হয়। সময়মতে বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ সম্পূৰ্ণ কৰিলে এনে পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰি।
এই বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে, শিশুটিৰ ফটো, দহখন আঙুলিৰ চাপ আৰু চকুৰ মণি স্কেন কৰি আধাৰ ডেটাবেচত আপডেট কৰা হয়। ইউআইডিএআইয়ে অংশগ্ৰহণকাৰীসকলক জনায় যে ৫ ৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলৰ বাবে ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে এই বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।

……………
PG/ SM/DB
(रिलीज़ आईडी: 2270028)
आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English