পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

শংকৰদেৱ বিদ্যা নিকেতনত গছপুলি ৰোপণ অভিযানৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন এম অ’ ই এফ চি চিৰ

प्रविष्टि तिथि: 05 JUN 2026 8:01PM by PIB Guwahati

২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ গুৱাহাটী উপ-কাৰ্যালয়ৰ উদ্যোগত শংকৰদেৱ বিদ্যা নিকেতনত "প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত, জলবায়ুৰ হকে, আমাৰ ভৱিষ্যতৰ বাবে" শীৰ্ষক বিষয়ক এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়।

প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীক বকুল, মধুৰি আম, নেমু, বেল, আমলখি, আজাৰ, দেৱদাৰু আদি বিভিন্ন গছৰ পুলি বিতৰণ কৰি এই কাৰ্যসূচী আৰম্ভ কৰা হয়। শিক্ষাৰ্থীসকলক পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বিদ্যালয় চৌহদত গছপুলি ৰোপণ অভিযানো অনুষ্ঠিত কৰা হয়।

শিক্ষাৰ্থীসকলক সম্বোধন কৰি এম অ’ ই এফ এণ্ড চি চিৰ উপ-কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক তথা বিজ্ঞানী ড০ হেমেন হাজৰিকাই বৃক্ষৰোপণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, পানী আৰু বিদ্যুৎ সংৰক্ষণ তথা বহনক্ষম জীৱনশৈলী গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ "এক পেড় মা কে নাম" অভিযানৰ তাৎপৰ্যৰ বিষয়েও কয় আৰু পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্থানীয় পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গুৱাহাটীৰ পানী নিষ্কাশনৰ সমস্যা, কৃত্ৰিম বানপানী, আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়সমূহ আলোচনা কৰে। তেওঁ COP21, পেৰিছ চুক্তি আৰু COP26 ৰ বিশ্বজোৰা তাৎপৰ্যৰ বিষয়েও ব্যাখ্যা কৰে, বিশেষকৈ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ "পঞ্চমৃত" প্ৰতিশ্ৰুতিৰ বিষয়েও মন্তব্য আগবঢ়ায়।

এই উপলক্ষে গৱেষণা বিষয়া ড০ থৌদাম জেমছ সিঙে ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত পৰিৱেশৰ প্ৰতি দায়বদ্ধ অভ্যাস গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ, আৱৰ্জনা পেলোৱাৰ পৰা আঁতৰি থাকিবলৈ— বিশেষকৈ প্লাষ্টিকৰ আৱৰ্জনা, আৰু গছৰোপণৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যতৰ ৰক্ষক আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰা উচিত।

 

এই কাৰ্যসূচীৰ সামৰণি পৰে ইয়াত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ অনুষ্ঠানেৰে। এই অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে শংকৰদেৱ বিদ্যা নিকেতনৰ অধ্যক্ষ শ্ৰী মঞ্জুমোহন চক্ৰৱৰ্তী  আৰু বিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ শ্ৰীমতী আৰতি ভট্টাচাৰ্য।

 

***

 

PG/SS/KD


(रिलीज़ आईडी: 2269556) आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English