স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

এইমছ গুৱাহাটীত মৃগীৰোগৰ অস্ত্ৰোপচাৰ সেৱা মুকলি

উত্তৰ-পূৰ্বাঞ্চলত মৃগীৰোগৰ চিকিৎসাৰ বাবে এয়া এক ঐতিহাসিক মাইলৰ খুঁটি

পোষ্ট কৰা হৈছে: 31 MAY 2026 6:09PM by PIB Guwahati

উত্তৰ-পূব ভাৰতত স্নায়ুজনিত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে এইমছ গুৱাহাটীৰ সৰ্বাংগীণ মৃগীৰোগ কাৰ্যসূচীয়ে এতিয়া মৃগীৰোগৰ অস্ত্ৰোপচাৰ সেৱা প্ৰৱৰ্তন কৰিছে, যাৰ ফলত অঞ্চলটোৰ অনিয়ন্ত্ৰিত তথা জটিল মৃগীৰোগীসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

এই উপলক্ষে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক আৰু এইমছ গুৱাহাটীৰ দলটোৱে মৃগীৰোগ চিকিৎসাযোগ্য ৰোগ আৰু ইয়াৰ অনিয়ন্ত্ৰিত ছিজাৰৰ ক্ষেত্ৰত ৰোগীয়ে সময়মতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি গুৰুত্ব আৰোপ কৰে। ঔষধ প্ৰতিৰোধী মৃগীৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু সঠিক অস্ত্ৰোপচাৰৰ মূল্যায়নে দীৰ্ঘম্যাদী ফলাফলত নাটকীয় উন্নতি সাধন কৰিব পাৰে।

মৃগীৰোগ হৈছে অন্যতম সাধাৰণ স্নায়ুজনিত বিকাৰ, যি বিশ্বৰ লাখ লাখ লোকক আক্ৰান্ত কৰে। ফলপ্ৰসূ চিকিৎসা উপলব্ধ হোৱা সত্ত্বেও ভাৰতত, বিশেষকৈ উত্তৰ-পূবত চিকিৎসাৰ এক বিশাল ব্যৱধান অব্যাহত আছে, য’ত বিশেষ মৃগীৰোগ চিকিৎসাৰ সুবিধা অত্যন্ত সীমিত। এইমছ গুৱাহাটীৰ মৃগীৰোগ কাৰ্যসূচীত নতনকৈ সংযোজিত মৃগীৰোগ অস্ত্ৰোপচাৰ সেৱাৰ লক্ষ্য হৈছে এই জটিল ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যেৰে এখন চালিৰ তলতে মৃগী ৰোগীৰ যত্ন লোৱা। এই কাৰ্যসূচী মুকলি কৰা হয় এটা নিৰ্দিষ্ট মৃগীৰোগ ক্লিনিকত কৰা মূল্যায়নৰ দ্বাৰা, য’ত ৰোগীসকলক প্ৰশিক্ষিত স্নায়ু বিশেষজ্ঞ আৰু মৃগীৰোগ বিশেষজ্ঞৰ দ্বাৰা বিশদ ক্লিনিকেল মূল্যায়ন কৰা হয়।

উপযুক্ত ঔষধ খোৱাৰ পিছতো এই ছিজাৰৰ সন্মুখীন হৈ থকা ৰোগীসকলক দীৰ্ঘম্যাদী ভিডিঅ’ ইইজি নিৰীক্ষণ ব্যৱস্থাৰে অধিক মূল্যায়ন কৰা হয়, যিটো এটা অতি বিশেষ পৰীক্ষা। এই ব্যৱস্থাই একেলগে মগজুৰ বৈদ্যুতিক কাৰ্যকলাপ আৰু দীৰ্ঘ সময়ৰ বাবে ৰোগীৰ আচৰণ লিপিবদ্ধ কৰে। এই পদ্ধতিয়ে ছিজাৰৰ মূল কাৰণ নিৰ্ণয় কৰাত সহায় কৰে আৰু ৰোগীয়ে মৃগীৰোগৰ অস্ত্ৰোপচাৰ কৰিলে উপকৃত হ’ব পাৰে নেকি সেয়াও নিৰ্ণয় কৰাত সহায় কৰে।

এইমছ গুৱাহাটীত এসপ্তাহ পূৰ্বে ড্ৰাগ-ৰিফ্ৰেক্টৰী টেম্পৰেল লোব এপিলেপ্সিৰ এটা কেচ প্ৰথমবাৰৰ বাবে সফলভাৱে মৃগীৰোগ অস্ত্ৰোপচাৰৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। এই অস্ত্ৰোপচাৰ অঞ্চলটোৰ স্নায়ুজনিত চিকিৎসাৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়। মৃগীৰোগ অস্ত্ৰোপচাৰ সেৱাৰ প্ৰৱৰ্তনে উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল পদক্ষেপক প্ৰতিনিধিত্ব কৰে। মৃগীৰোগ অস্ত্ৰোপচাৰে ঔষধ প্ৰতিৰোধী মৃগীৰোগ থকা নিৰ্বাচিত ৰোগীৰ ছিজাৰ যথেষ্ট হ্ৰাস কৰিব পাৰে বা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে, যাৰ ফলত জীৱনৰ মানদণ্ড, শিক্ষা, নিয়োগৰ সুযোগ আৰু মানসিক-সামাজিক সুস্থতা উন্নত হয়।

এতিয়ালৈকে উত্তৰ-পূব ভাৰতৰ মৃগীৰোগৰ বিস্তৃত মূল্যায়ন আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা ৰোগীসকলে প্ৰায়ে অঞ্চলটোৰ বাহিৰৰ দূৰৈৰ মহানগৰলৈ যাবলগীয়া হৈছিল, যাৰ ফলত পৰিয়ালৰ ওপৰত যথেষ্ট আৰ্থিক, আৱেগিক আৰু যাতায়াতৰ বোজা সৃষ্টি হৈছিল। বৰ্তমান এইমছ গুৱাহাটী উত্তৰ-পূব ভাৰতৰ একমাত্ৰ কেন্দ্ৰ, যি এনে এক ব্যাপক আৰু সংহত মৃগীৰোগ চিকিৎসা ব্যৱস্থা প্ৰদান কৰে। ইয়াৰ ভিতৰত বিশেষ মৃগীৰোগ ক্লিনিক, দীৰ্ঘম্যাদী ভিডিঅ’ ইইজি নিৰীক্ষণ, উন্নত নিউৰ’ইমেজিং সমৰ্থন, বহুস্তৰীয় বিশেষজ্ঞ মূল্যায়ন আৰু মৃগীৰোগ অস্ত্ৰোপচাৰ সেৱা আদি অন্তৰ্ভুক্ত। এইমছ গুৱাহাটীত মৃগীৰোগ চিকিৎসা কাৰ্যসূচীয়ে বহুস্তৰীয় পদ্ধতি গ্ৰহণ কৰে, য’ত স্নায়ু বিশেষজ্ঞ, স্নায়ু চাৰ্জন, স্নায়ু ৰেডিঅ’লজিষ্ট, স্নায়ু মনোবিজ্ঞানী, এনাস্থেচিয়া বিশেষজ্ঞ আৰু বিশেষজ্ঞ ইইজি প্ৰযুক্তিবিদ জড়িত হৈ ৰোগীৰ সেৱাৰ সৰ্বাধিক মানদণ্ড নিশ্চিত কৰা হয়।

 

 

***

 

KSY/SS/KD


(ৰিলিজ আই ডি : 2267291) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English