উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

এনইএইচএইচডিচিৰ এৰি সংস্কৃতি আৰু এৰা বাগানৰ জৰিয়তে বহনক্ষম জীৱিকাৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

পোষ্ট কৰা হৈছে: 30 MAY 2026 5:12PM by PIB Guwahati

উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ ভাৰত চৰকাৰৰ উদ্যোগ নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডে (এন ই এইচ এইচ ডি চি) আজি গুৱাহাটীৰ ‘এৰি সংস্কৃতি আৰু এৰা বাগানৰ জৰিয়তে বহনক্ষম জীৱিকা’ বিষয়বস্তুৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীয়ে অৰুণাচল প্ৰদেশৰ কৃষক আৰু অংশগ্ৰহণকাৰীসকলক এৰি ৰেচম পলু পালন আৰু এৰা খেতিৰ বিষয়ে সজাগতা তথা ক্ষমতা গঢ়ি তোলাৰ বাবে একত্ৰিত কৰে।

কাৰ্যসূচী উদ্বোধন কৰি এন ই এইচ এইচ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী মাৰা ক’চ’ৱে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে এৰি ৰেচমৰ গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ‘অৰুণাচল প্ৰদেশে, বিশেষকৈ নিচি জনজাতিসকলে, অনাদিকালৰ পৰাই বৃহৎ পৰিমাণে কাপোৰ আৰু সাজ-পোছাকৰ ৰূপত এৰি ৰেচম সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। বিবাহ, উৎসৱ, সামাজিক সমাৱেশ আৰু আনকি অন্ত্যেষ্টিক্ৰিয়াত এৰি ৰেচম কাপোৰ ব্যৱহাৰ কৰা হয়’, তেওঁ কয়। তেওঁ উল্লেখ কৰে যে ৰাজ্যখন বৰ্তমান এই চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব অঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহৰ ওপৰত প্ৰায় সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আৰু এই কাৰ্যসূচীক ‘অৰুণাচল প্ৰদেশত আমাৰ নিজৰ এৰি ৰেচম উৎপাদনৰ দিশত এক পদক্ষেপ’ বুলি বৰ্ণনা কৰে।

এৰি ৰেচম পলুৰ খাদ্য খেতিৰ বাবে এৰা বীজ বিতৰণ কৰা হয় আৰু কৃষকসকলক সৰ্বাধিক উৎপাদন তথা গুণগত মানৰ এৰি লেটা উৎপাদনৰ বাবে প্ৰতিষ্ঠিত কাৰিকৰী পদ্ধতি অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হয়। তদুপৰি, অংশগ্ৰহণকাৰীসকলক আশ্বাস দিয়া হয় যে কৃষকসকলৰ দ্বাৰা উৎপাদিত সকলো এৰি লেটা এনইএইচএইচডিচিয়ে অসমৰ বাক্সাত থকা ইয়াৰ এৰি সূতা কলৰ বাবে ক্ৰয় কৰিব, যাৰ ফলত তেওঁলোকৰ উৎপাদিত সামগ্ৰীয়ে এক নিশ্চিত বজাৰ লাভ কৰিব।

এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকি শ্ৰী সুৰেন্দ্ৰ চৌখানীয়ে উপাৰ্জনৰ বিকল্প উৎস হিচাপে এৰা গছ ৰোপণৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ ব্যাখ্যা কৰে যে এৰা বীজ এৰা তেল নিষ্কাশনৰ এক প্ৰাথমিক উৎস। তেওঁ অংশগ্ৰহণকাৰীসকলক আশ্বাস দিয়ে যে তেওঁ বৰ্তমানৰ বজাৰ মূল্যত যিকোনো পৰিমাণৰ এৰা বীজ ক্ৰয় কৰিবলৈ সাজু।

গুৱাহাটীৰ তাঁতী সেৱা কেন্দ্ৰৰ (ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়) আঞ্চলিক সঞ্চালক শ্ৰী এছ বন্দোপাধ্যায়েও সভাত ভাষণ প্ৰদান কৰে। তেওঁ এৰি ৰেচমৰ সমগ্ৰ মূল্য শৃংখলাক ব্যাখ্যা কৰে আৰু অংশগ্ৰহণকাৰীসকলক বহনক্ষম জীৱিকা সৃষ্টি কৰিবলৈ আন্তৰিকতাৰে এৰা খেতি কৰিবলৈ আহ্বান জনায়। তেওঁ অংশগ্ৰহণকাৰীসকলক বস্ত্ৰ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ বিষয়েও অৱগত কৰে যি এৰি পালনৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলক উপকৃত কৰিব পাৰে।

এন ই এইচ এইচ ডি চি-ৰ এগৰাকী এৰি বিশেষজ্ঞ শ্ৰীমতী মেঘাশ্ৰী বৈশ্যই এৰা ৰোপণ আৰু এৰি পালনৰ পৰা উদ্ভৱ হোৱা বিভিন্ন অৰ্থনৈতিক সুযোগৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। সহকাৰী ব্যৱস্থাপক (এৰি সূতা বিপণন) শ্ৰী মৃণাল শইকীয়াই অংশগ্ৰহণকাৰীসকলক এৰি পালন, লেটা খোলাৰ পদ্ধতি আৰু এৰি ৰেচম বজাৰৰ কাৰিকৰী দিশবোৰ ব্যাখ্যা কৰে।

এক বিশদ স্লাইডৰ জৰিয়তে উপস্থাপন কৰি, এন ই এইচ এইচ ডি চি-ৰ উপ-সাধাৰণ ব্যৱস্থাপক (কাৰিকৰী) শ্ৰী বাসুদেৱ দত্তই সংগঠিত পদ্ধতিৰে এৰি লেটা পালন আৰু এৰা গছ ৰোপণৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃষক উৎপাদক সংগঠন (এফ পি অ’) আৰু আত্মসহায়ক গোট (এছ এইচ জি) গঠন কৰিবলৈ কৃষকসকলে কেনেদৰে একত্ৰিত হৈ সামূহিকভাৱে উৎপাদন বৃদ্ধি কৰিব পাৰে, পৰিসৰৰ অৰ্থনীতি প্ৰাপ্ত কৰিব পাৰে আৰু বিভিন্ন চৰকাৰী আঁচনিৰ পৰা লাভান্বিত হ’বলৈ উন্নত অৱস্থাত থাকিব পাৰে সেই বিষয়ে তেওঁ বৰ্ণনা কৰে।

এই কাৰ্যসূচীত দক্ষতা উন্নয়ন আৰু সামৰ্থ্য নিৰ্মাণ, ডিজাইন বিকাশ আৰু উদ্ভাৱন, এৰি সূতা কটা আৰু সূতা বিকাশ, হস্ততাঁত তথা বয়ন প্ৰশিক্ষণ আৰু এৰি গোট বিকাশৰ দৃষ্টিভংগীও সামৰি লোৱা হয়। ইয়াৰ পাছত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।

 

********

PG/MK


(ৰিলিজ আই ডি : 2267038) অতিথি কক্ষ : 39
ত এই ৰিলিজটো পঢ়ক: English