যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
অসমৰ টেলিকম আন্তঃগাঁথনি, গ্ৰাম্য সংযোগ আৰু চাইবাৰ সুৰক্ষাৰ পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰিলে দূৰসংযোগ বিভাগ, অসমৰ এলএছএই
অসমত ১৯,৮০৯ টা টেলিকম টাৱাৰৰ লগতে প্ৰায় ৩ কোটি বেতাঁৰ গ্ৰাহক আছে
পোষ্ট কৰা হৈছে:
29 MAY 2026 5:23PM by PIB Guwahati
সমগ্ৰ অসমতে টেলিকম আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য সংযোগ সম্প্ৰসাৰণ আৰু চাইবাৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকা (DoT Assam LSA )ৰ কাৰ্যালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ বি এছ এন এল ভৱনত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত বিভিন্ন নাগৰিককেন্দ্ৰিক টেলিকম সেৱা আৰু ৰাজ্যত সুৰক্ষিত তথা সৰ্বাংগীন ডিজিটেল সংযোগৰ প্ৰসাৰৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়ত আলোকপাত কৰা হয়।
সংবাদমাধ্যমক সম্বোধন কৰি অসম এল এছ এৰ অতিৰিক্ত সঞ্চালক প্ৰধান (টেলিকম) শ্ৰী ৰাজেন্দ্ৰ মেশ্ৰমে সমগ্ৰ ৰাজ্যতে টেলিকম সংযোগ তথা ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰা মতে, অসমত বৰ্তমান ৪৬,৭৬৫ টা ৪জি বিটিএছ আৰু ১০,৬১৬ টা ৫জি বিটিএছকে ধৰি ১৯,৮০৯ টা টেলিকম টাৱাৰ আছে আৰু ৭১,৪২২ টা মোবাইল বিটিএছৰ দ্বাৰা সমৰ্থিত ২,৯২,১০,৫৩৬ গৰাকী বেতাঁৰ গ্ৰাহক আছে। তেওঁ উল্লেখ কৰে যে এতিয়া কেৱল চহৰ অঞ্চলতে নহয়, সমগ্ৰ অসমৰ ৩৫খন জিলাৰ আটাইকেইখনৰে সদৰ স্থান তথা ৩৭০০ৰো অধিক গাঁৱত ৫জি সেৱা উপলব্ধ হৈছে। ৰাজ্যখনৰ ৯৯ শতাংশতকৈ অধিক গাঁও ৪জি সংযোগেৰে আবৃত হৈ আছে। ডিজিটেল ভাৰত নিধিৰ পদক্ষেপ আৰু চলি থকা ৪জি চেচুৰেচন প্ৰকল্পৰ অধীনত দূৰৱৰ্তী তথা অনাবৃত গাঁওসমূহলৈ টেলিকম সংযোগ আৰু অধিক সম্প্ৰসাৰিত কৰা হৈছে, বৰ্তমান ৪৪০ খনতকৈও অধিক গাঁও এই প্ৰকল্পৰ অধীনত সামৰি লোৱা হৈছে।তেওঁ লগতে কয় যে প্লেটফৰ্মত উপলব্ধ নাগৰিক পৰীক্ষণৰ পদক্ষেপৰ জৰিয়তে অসমত ১.৩ লাখৰো অধিক অকৰ্তৃত্বশীল মোবাইল সংযোগ বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ উপৰি চক্ষু সুবিধা (Chakshu facility)ৰ জৰিয়তে ১৫ হাজাৰৰো অধিক সন্দেহযুক্ত প্ৰৱঞ্চনামূলক যোগাযোগৰ খবৰ পোলাঙভ কৰা হৈছে , যিয়ে চাইবাৰ অপৰাধ আৰু টেলিকম সম্পৰ্কীয় জালিয়াতিৰ সৈতে মোকাবিলা কৰাত বলৱৎকাৰী সংস্থাসমূহক সহায় কৰিছে। বিত্তীয় চাইবাৰ সুৰক্ষাৰ প্ৰসংগত শ্ৰী মেশ্ৰমে জনোৱা মতে, সম্ভাৱ্য বিত্তীয় জালিয়াতিৰ সৈতে জড়িত উচ্চ বিপজ্জনক মোবাইল নম্বৰ চিনাক্ত কৰাত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহক সহায় কৰিবলৈ দূৰসংযোগ বিভাগে বিত্তীয় জালিয়াতি বিপদ সূচক (এফ আৰ আই) প্ৰৱৰ্তন কৰিছে। অসমৰ সকলো প্ৰধান বেংকক এই ব্যৱস্থাৰ সৈতে একত্ৰিত কৰা হৈছে।
চিইআইআৰ (Central Equipment Identity Register)ৰ সুবিধাৰ জৰিয়তে নাগৰিকে হেৰুওৱা বা চুৰি হোৱা মোবাইল ফোন ব্লক কৰি সেয়া ট্ৰেচ কৰিব পাৰে। দূৰসংযোগ বিভাগৰ সহযোগত অসম আৰক্ষীয়ে বিগত দুবছৰৰ ভিতৰত প্ৰায় ১৯,৮০০টা মোবাইল ফোন উদ্ধাৰ কৰিছে। সজাগতা আৰু গণপ্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দূৰসংযোগ বিভাগে অসমত সঞ্চাৰ মিত্ৰ আঁচনি ৰূপায়ণ কৰি আছে। এই পদক্ষেপৰ অধীনত আই আই টি, আই আই আই টি আৰু এন আই টিকে ধৰি ১৮খন প্ৰিমিয়াৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ৩৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইবাৰ জালিয়াতি প্ৰতিৰোধ, নিৰাপদ টেলিকম পদ্ধতি আৰু নাগৰিককেন্দ্ৰিক টেলিকম সেৱাৰ সজাগতা সৃষ্টিৰ বাবে ডিজিটেল এম্বেছাদৰ হিচাপে নিয়োজিত কৰা হৈছে।
ইয়াৰ উপৰি বিভাগটোৱে আই আই টি গুৱাহাটী আৰু এন আই টি শিলচৰত দুটাকৈ ৫ জি ইউজ কেছ লেব স্থাপন কৰি ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্টআপ আৰু এম এছ এম ইৰ মাজত বিশেষকৈ কৃষি, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে খণ্ডত উদীয়মান টেলিকম প্ৰযুক্তিৰ উদ্ভাৱন তথা গৱেষণাক প্ৰসাৰিত কৰিছে। আজি অনুষ্ঠিত সংবাদমেলত ই এম এফ বিকিৰণ সুৰক্ষা আৰু টেলিকম আন্তঃগাঁথনি সুৰক্ষাৰ বিষয়ত জনসচেতনতা সৃষ্টি সম্পৰ্কেও আলোচনা কৰা হয়। মোবাইল টাৱাৰৰ বিকিৰণৰ সন্দৰ্ভত জনসাধাৰণৰ উদ্বেগ সমাধানৰ বাবে বিগত এটা বছৰৰ ভিতৰত চৈধ্যটা ইএমএফ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। সংবাদমেলত লগতে কোৱা হয় যে ভ্ৰাম্যমাণ টাৱাৰৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় তৰংগবোৰ অ-আয়নীকৃত আৰু ই মানুহ তথা অন্যান্য জীৱৰ বাবে নিৰাপদ।সংবাদমেলত শ্ৰী পংকজ দাস- উপ-সঞ্চালক প্ৰধান (গ্ৰাম্য) , শ্ৰীযুত পীযুষ চেতিয়া -উপ-সঞ্চালক প্ৰধান (প্ৰশাসন) , শ্ৰীমতী বিভা টোমাৰ- উপ-সঞ্চালক প্ৰধান (অনুপালন) শ্ৰী বিজয় আগৰৱালা- উপ-সঞ্চালক প্ৰধান (প্ৰযুক্তি) উপস্থিত থাকে।
K3SLO18P.jpeg)

PG/SM/DM
(ৰিলিজ আই ডি : 2266811)
অতিথি কক্ষ : 13