যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
ভাৰতে কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰা উপলক্ষে ছাই গুৱাহাটী আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত ‘ছানডেছ অন চাইকেল’ৰ বিশেষ সংস্কৰণ
কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাডছেই এই অনুষ্ঠানত উপস্থিত থাকি শোভাবৰ্ধন কৰে
পোষ্ট কৰা হৈছে:
24 MAY 2026 3:35PM by PIB Guwahati
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ আঞ্চলিক কেন্দ্ৰ গুৱাহাটীয়ে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী (আই আই টি গুৱাহাটী)ৰ সহযোগত "ছানডেছ অন চাইকেল" পদক্ষেপৰ বিশেষ সংস্কৰণৰ আয়োজন কৰাত গুৱাহাটী আজি এক ঐতিহাসিক ক্ৰীড়া অনুষ্ঠানৰ সাক্ষী হয়। কমনৱেলথ গেমছ ২০৩০ৰ আয়োজক দেশ হিচাপে ভাৰত নিৰ্বাচিত হোৱাৰ উদযাপনৰ অংশস্বৰূপে আয়োজন কৰা এই অনুষ্ঠানটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। এই মাইলৰ খুঁটিয়ে ভাৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ ক্ৰীড়া মানচিত্ৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।
‘ফিট ইণ্ডিয়া ছানডেছ অন চাইকেল’ৰ ৭৫ সংখ্যক এই বিশেষ সংস্কৰণটো আছিল ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজোৰা উদযাপনৰ অংশ। ২০২৬ চনৰ ২৪ মে’ত সমগ্ৰ দেশৰ ৮ হাজাৰৰো অধিক স্থানত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ডে’ৰ এই সংস্কৰণটো ভাৰতৰ ক্ৰীড়া ভৱিষ্যতৰ বাবে আৰু আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ২০৩০ চনৰ কমনৱেলথ গেমছৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ বাবে আয়োজন কৰা হৈছিল।
#CWG2030InBharat উদযাপন কৰা এই বিশেষ সংস্কৰণৰ মুখ্য অতিথি হিচাপে গুৱাহাটী আই আই টিত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাডছে। তেওঁৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰে অলিম্পিয়ান আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী শ্ৰী জয়ন্ত তালুকদাৰ, শ্ৰীমতী সুশীলা দেৱী লিকমাবাম আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী (আই আই টি জি)ৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালে।
জনসমাৱেশক সম্বোধন কৰি শ্ৰীমতী খাডছেই ক্ৰীড়াপ্ৰেমী আৰু সুস্থ শৰীৰ সচেতন এখন ৰাষ্ট্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ‘ছানডেছ অন চাইকেল’ৰ দৰে পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০৩০ চনত বিশ্বমানৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ ভাৰতৰ প্ৰস্তুতি আৰু সামৰ্থ্যৰ ওপৰতো তেওঁ আস্থা প্ৰকাশ কৰে।
ভাৰতৰ দুগৰাকী সন্মানীয় কমনৱেলথ গেমছৰ পদক বিজয়ীৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছিল। তেওঁলোক হ'ল আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক সুখ্যাতিৰে প্ৰতিনিধিত্ব কৰা এগৰাকী নিপুণ জুডো খেলুৱৈ সুশীলা দেৱী আৰু অসমৰ এগৰাকী কিংবদন্তি ধনুৰ্বিদ জয়ন্ত তালুকদাৰ, যি দশক দশক ধৰি ভাৰতীয় আৰ্চাৰীৰ মূলাধাৰ হৈ আহিছে। দুয়োগৰাকী খেলুৱৈয়ে অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ যাত্ৰাৰ বিষয়ে অৱগত কৰাৰ লগতে অসমৰ যুৱক-যুৱতীসকলক নিষ্ঠা আৰু আগ্ৰহেৰে ক্ৰীড়াক আঁকোৱালি ল’বলৈ আহ্বান জনায়।
আহমেদাবাদকে ধৰি “ছাই”ৰ সকলো আঞ্চলিক কেন্দ্ৰত ‘কমনৱেলথ গেমছ’ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীও উদ্বোধন কৰা হয়। এই প্ৰদৰ্শনীত ‘খেলো ইণ্ডিয়া মিছন’ৰ অধীনত লাভ কৰা ঐতিহাসিক অভিলেখসমূহ, ভাৰতৰ ক্ৰমবৰ্ধমান ক্ৰীড়া আন্তঃগাঁথনি আৰু দেশৰ ক্ৰমবৰ্ধমান ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ পৰিৱেশতন্ত্ৰকে ধৰি ভাৰতৰ বিগত ১২ বছৰৰ ক্ৰীড়া কৃতিত্বসমূহ প্ৰদৰ্শন কৰা হয়।
এই পদক্ষেপৰ লক্ষ্য আছিল ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতৰ প্ৰচেষ্টাত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু দেশৰ দীৰ্ঘকালীন অলিম্পিক উচ্চাকাংক্ষাৰ দিশত অগ্ৰসৰ হোৱা। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰই ইয়াৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ‘কমনৱেলথ গেমছ অ’পেন কুইজ’ আৰু গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ত ‘কমনৱেলথ গেমছ থিমড ড্ৰয়িং কম্পিটিচন’ৰ আয়োজন কৰিছিল। দুয়োখন প্ৰতিযোগিতাৰ বিজয়ীসকলক মুখ্য অতিথি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাডছেসহ অন্যান্য অতিথিসকলে সম্বৰ্ধনা জনায়।


***
PG/SS/KD
(ৰিলিজ আই ডি : 2264775)
অতিথি কক্ষ : 27