বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
সমগ্ৰ উত্তৰ-পূবত চাহ ব’ৰ্ড ইণ্ডিয়াৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ২০২৬ উদযাপন
পোষ্ট কৰা হৈছে:
22 MAY 2026 3:13PM by PIB Guwahati
চাহ ব’ৰ্ড ইণ্ডিয়াৰ গুৱাহাটীস্থ মাণ্ডলিক কাৰ্যালয়ে চাহ খণ্ডত বহনক্ষমতা, সমূহীয়া কল্যাণ আৰু যুৱক-যুৱতীসকলৰ নিয়োজিতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলত ধাৰাবাহিক কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ২০২৬ উদযাপন কৰে।
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস প্ৰতি বছৰে ২১ মে’ত পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হৈছে চাহৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক তাৎপৰ্য্য উদযাপন কৰা এক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান। ভাৰত চৰকাৰে ২০১৫ চনৰ অক্টোবৰ মাহত খাদ্য আৰু কৃষি সংস্থাৰ চাহ সম্পৰ্কীয় আন্তঃচৰকাৰী গোটত দাখিল কৰা প্ৰস্তাৱৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৯ চনত এই দিনটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাবে নিৰ্ধাৰণ কৰে। ২০২০ চনত প্ৰথমবাৰৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়।
বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ সপ্তম বৰ্ষটো এইবাৰ “চাহৰ স্থায়িত্ব বৰ্তাই ৰখা , সম্প্ৰদায়ক সহায় কৰা” বিষয়বস্তুৰ অধীনত অনুষ্ঠিত কৰা হয়, যিয়ে অন্তৰ্ভুক্তি বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ ক্ষেত্ৰত চাহ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিফলিত কৰে।
কেন্দ্ৰীভূত প্ৰচাৰ কৌশলৰ অংশ হিচাপে চাহ ব’ৰ্ড ইণ্ডিয়াই প্ৰধানকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰেয এই কাৰ্যসূচীসমূহত এইবাৰ যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আগৰতলাৰ কৃষি মহাবিদ্যালয়ত এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, উক্ত অনুষ্ঠানত ত্ৰিপুৰাৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত ইন্দ্ৰ সেনা ৰেড্ডী নল্লুৱে শোভা বৰ্ধন কৰে। সভাত ভাষণ আগবঢ়াই ৰাজ্যপালগৰাকীয়ে ভাৰতীয় চাহৰ সমৃদ্ধি আৰু বৈচিত্ৰ্যৰ বিষয়ত আলোকপাত কৰে আৰু চাহ পৰিৱেশ তন্ত্ৰৰ বহনক্ষমতাৰ বাবে উত্তম কৃষি পদ্ধতি গ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ চাহ শ্ৰমিকৰ কল্যাণ আলোচনাৰ বাহিৰৰ বিষয় হৈয়েই আছে বুলিও মন্তব্য কৰে। তেওঁ বৰ্ধিত সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে ত্ৰিপুৰাৰ চাহৰ অৰ্থপূৰ্ণ প্ৰচাৰ আৰু ব্ৰেণ্ডিঙৰ আহ্বান জনায়। অনুষ্ঠানত ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী সমীৰ ৰঞ্জন ঘোষ, চাহ ব’ৰ্ড ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক শ্ৰীমতী অৰুণিতা ফুকন যাদৱ, আই আৰ এছ, টি টি ডি চিৰ পৰিচালন সঞ্চালক শ্ৰী ৰাজেশ দাসৰ লগতে বহু গণ্যমান্য ব্যক্তি, অংশীদাৰ, শ্ৰমিক, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক কেইবালানিও প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিজয়ীসকলক নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। একেদৰে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিয়ে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু ইয়াত ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে যুৱকেন্দ্ৰিক পদক্ষেপৰ সফলতাকে প্ৰতিফলিত কৰে।
যোৰহাটত জনগোষ্ঠীৰ অংশগ্ৰহণ আৰু সজাগতাৰ প্ৰতীক হিচাপে জিলা আয়ুক্ত শ্ৰীযুত জয় শিৱানী, আই এ এছৰ দ্বাৰা ফ্লেগ অফ কৰা চাইকেল ৰেলীৰে দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। ইয়াৰ পিছতে অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ এক অন্যতম অংশ হিচাবে পদ্মশ্ৰী যাদৱ পায়েং আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আন্দোলনৰ সৈতে জড়িত অন্যান্য অগ্ৰণী ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপজ্যোতি ৰাজখোৱাই অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীসমূহৰ উপৰি তেজপুৰ, ইটানগৰ, ওদালগুৰি, গোলাঘাট, শিৱসাগৰ, সোণাৰি, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি চাহ উৎপাদন হোৱা বিভিন্ন প্ৰধান অঞ্চলত অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীসমূহত ক্ষুদ্ৰ চাহ খেতিয়ক, বাগিচাৰ শ্ৰমিক, স্থানীয় লোকে অংশগ্ৰহণৰ কৰি উদযাপনৰ সৰ্বাংগীন মনোভাৱক শক্তিশালী কৰি তোলে।
***
PG/SS/DM
(ৰিলিজ আই ডি : 2264121)
অতিথি কক্ষ : 53