স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

এইমছ গুৱাহাটীত অত্যাধুনিক নিউৰ'চাৰ্জিকেল অস্ত্ৰোপচাৰ কক্ষ উদ্বোধন

পোষ্ট কৰা হৈছে: 03 MAY 2026 12:11PM by PIB Guwahati

এইমছ গুৱাহাটীয়ে অত্যাধুনিক নিউৰ’চাৰ্জিকেল অস্ত্ৰোপচাৰ কক্ষ (অ’টি) আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলত ছুপাৰ স্পেচিয়েলিটি হেল্থকেয়াৰ সেৱা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াইছে।

ভাৰতীয় পাৱাৰ গ্ৰীড নিগম লিমিটেড (পিজিচিআইএল)ৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক তথা প্ৰকল্প মুৰব্বী শ্ৰীযুত সুৰেন্দ্ৰ কুমাৰ মাঝিকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই অত্যাধুনিক সুবিধা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ড°) অশোক পুৰাণিকে।

এই অত্যাধুনিক নিউৰ’চাৰ্জিকেল অস্ত্ৰোপচাৰ কক্ষটো পাৱাৰ গ্ৰীড কৰ্প’ৰেশ্যন অব ইণ্ডিয়া লিমিটেডে নিজৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পদক্ষেপৰ অধীনত প্ৰদান কৰা ৬.৫ কোটি টকাৰ আৰ্থিক অনুদানেৰে স্থাপন কৰা হৈছে। এই ধনেৰে মগজু আৰু মেৰুদণ্ডৰ জটিল অস্ত্ৰোপচাৰ সঠিক, সুৰক্ষিত আৰু ফলাফল উন্নত কৰাৰ উদ্দেশ্যে অত্যাধুনিক নিউৰ’চাৰ্জিকেল সঁজুলি ক্ৰয় কৰা হৈছিল।

এই উপলক্ষে দিয়া ভাষণত অধ্যাপক পুৰাণিকে ক্ৰমবিকশিত প্ৰতিষ্ঠানসমূহত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এনে সহযোগিতাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক উচ্চ মানৰ আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰীযুত সুৰেন্দ্ৰ কুমাৰ মাঝিয়ে বিশেষকৈ স্বাস্থ্যসেৱা খণ্ডত প্ৰভাৱশালী চি এছ আৰ পদক্ষেপৰ জৰিয়তে সামাজিক উন্নয়নত অৰিহণা যোগোৱাৰ বাবে পিজিচিআইএলৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে।

নতুনকৈ স্থাপন কৰা এই সুবিধাই জটিল নিউৰচাৰ্জিকেল অৱস্থাৰ পৰিচালনা যথেষ্ট উন্নত কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা প্ৰধান ৰেফাৰেল চেণ্টাৰ হিচাপে কাম কৰা এইমছ গুৱাহাটীত ক্ৰমবৰ্ধমান ৰোগীৰ ভিৰ চম্ভালিবলৈ সহায় কৰিব বুলি আশা কৰা হৈছে।

***

PG/SM/KD


(ৰিলিজ আই ডি : 2257611) অতিথি কক্ষ : 31
ত এই ৰিলিজটো পঢ়ক: English