খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
তেজপুৰ বিশ্ববিদ্যালয়ত খাদ্য সংসাধন ইনকিউবেচন চেণ্টাৰ মুকলি কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ
পোষ্ট কৰা হৈছে:
13 MAR 2026 8:05PM by PIB Guwahati
কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছোৱানে আজি তেজপুৰ বিশ্ববিদ্যালয়ত এটা খাদ্য সংসাধন ইনকিউবেচন চেণ্টাৰ উদ্বোধন কৰে। এই কেন্দ্ৰটো খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিককৰণ আঁচনিৰ অধীনত স্থাপন কৰা হৈছে। খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগে স্থাপন কৰা এই কেন্দ্ৰটোৰ উদ্দেশ্য হৈছে খাদ্য সংসাধন খণ্ডত উদ্যমিতা, প্ৰযুক্তি গ্ৰহণ আৰু মূল্য সংযোজনক উৎসাহিত কৰা।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামফলক উন্মোচন আৰু ফিটা কাটি কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে পিএমএফএমইৰ হিতাধিকাৰী, ষ্টাৰ্ট-আপৰ প্ৰতিনিধি, অধ্যাপক-অধ্যাপিকা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা(কেবিআৰ) প্ৰেক্ষাগৃহত এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস; অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক (এআইডিচি) মেঘনা নিধি দাহাল; খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব ডি. প্ৰবীণ আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী পাছোৱানে যুৱক-যুৱতী আৰু উদ্যোগীসকলক উদ্ভাৱন আৰু উদ্যোগৰ বাবে এক আশাব্যঞ্জক ক্ষেত্ৰ হিচাপে খাদ্য সংসাধন খণ্ডক বিবেচনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সংসাধিত আৰু পেকেজিং খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ সমান্তৰালভাৱে খাদ্য সংৰক্ষণ, পেকেজিং, সামগ্ৰী উন্নয়ন আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰসমূহত ষ্টাৰ্ট-আপ, ক্ষুদ্ৰ ব্যৱসায় আৰু প্ৰযুক্তি-চালিত উদ্যোগৰ বাবে যথেষ্ট সম্ভাৱনা আছে।
আঞ্চলিক প্ৰেক্ষাপটৰ কথা দোঁহাৰি তেওঁ কয় যে অসমৰ এক সমৃদ্ধ কৃষি ঐতিহ্য আছে, য'ত ফল-মূল, শাক-পাচলি, মছলা আৰু অন্যান্য কৃষিজাত সামগ্ৰী প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। অৱশ্যে, এই উৎপাদিত সামগ্ৰীৰ বহুতো সামগ্ৰীৰ পৰ্যাপ্ত মূল্য সংযোজন আৰু সংগঠিত সংসাধনৰ অভাৱ পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত তেওঁ কয় যে খাদ্য সংসাধন ইনকিউবেচন চেণ্টাৰসমূহে উদ্যোগীসকলক কাৰিকৰী সহায়, প্ৰশিক্ষণ, আন্তঃগাঁথনি আৰু পৰামৰ্শ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এনে ইনকিউবেচন চেণ্টাৰসমূহৰ দ্বাৰা কেৱল বিশ্ববিদ্যালয় বা সীমিত সংখ্যক উদ্যোগীয়ে নহয়, সমগ্ৰ অসম উপকৃত হ'ব। কৃষক, ষ্টাৰ্ট-আপ আৰু স্থানীয় উদ্যোগসমূহক সমৰ্থন কৰি এই কেন্দ্ৰসমূহে নিয়োগৰ সুযোগ সৃষ্টি, গ্ৰামোন্নয়নৰ প্ৰসাৰ আৰু অঞ্চলটোৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব পাৰে।
ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে কৃষিজাত সামগ্ৰীসমূহক মূল্য সংযোজিত সামগ্ৰীলৈ ৰূপান্তৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ দৰে কৃষিভিত্তিক অঞ্চলত উদ্ভাৱন, উদ্যমিতা আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ অপৰিসীম সম্ভাৱনা আছে।
ফলৰ ৰস, শস্য প্ৰক্ৰিয়াকৰণ, বেকাৰী সামগ্ৰী, নুডলছ আৰু পাস্তা আৰু মছলাৰ বাবে আধুনিক সংসাধন ব্যৱস্থাৰে সজ্জিত এই ইনকিউবেচন চেণ্টাৰটোৱে উদ্যোগী, আত্মসহায়ক গোট (এছএইচজি), কৃষক উৎপাদক সংস্থা (এফপিঅ’), ষ্টাৰ্ট-আপ আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ কাৰ্যসূচী, প্ৰযুক্তি হস্তান্তৰ আৰু পৰীক্ষামূলক উৎপাদন আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে পে-এণ্ড-ইউজ সুবিধাৰ জৰিয়তে সহায় কৰিব।
***
KS/BM/DB
(ৰিলিজ আই ডি : 2240029)
অতিথি কক্ষ : 37