ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল আন্তঃগাঁথনিৰ বাবে সম্পূৰ্ণ বাজেট আবণ্টন

प्रविष्टि तिथि: 13 MAR 2026 3:57PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল বাজেটঃ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ অধীনত সামৰি লোৱা হৈছে। যোৱা পাঁচ বছৰত বাজেট আবণ্টন তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাইছে। সম্পূৰ্ণ/আংশিকভাৱে উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)ৰ অন্তৰ্গত আন্তঃগাঁথনি প্ৰকল্প আৰু সুৰক্ষাৰ বাবে বাজেট আবণ্টন তলত দিয়াধৰণৰঃ-

Period

Outlay

2009-14

₹2,122 crore/year

2025-26

₹10,440 crore (about 5 times)

 

ট্ৰেক নিৰ্মাণঃ

২০০৯-১৪ আৰু ২০১৪-২০২৫ৰ সময়ত উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)ত সম্পূৰ্ণ/আংশিকভাৱে নতুন ট্ৰেক নিৰ্মাণৰ সবিশেষ তলত দিয়াধৰণৰঃ-

Period

New track Commissioned

Average commissioning of new tracks

2009-14

333 Km

66.6 Km/year

2014-25

1,840 Km

167.27 Km/year (about 2.5 times)

 

অনুমোদিত প্ৰকল্পসমূহঃ

১.৪.২০২৫ অনুসৰি উত্তৰ-পূৰ্বাঞ্চল (এন ই আৰ)ৰ অধীনত সম্পূৰ্ণ/আংশিকভাৱে পৰা ৬৯,৩৪২ কোটি টকা ব্যয়ৰ মুঠ ৭৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১২ টা ৰে’লৱে প্ৰকল্প (৮ টা নতুন পথ, ৪ টা দ্বৈত)ত অনুমোদন জনোৱা হৈছে। সংক্ষেপতে তলত দিয়াধৰণৰঃ-

Category

No. of sanctioned projects

Total Length
(in Km)

Length Commissioned upto Mar’25 (in Km)

Exp. upto Mar’25

(₹ in Cr.)

New Lines

08

448

113

38,078

Doubling/

Multitracking

04

329

165

3,598

Total

12

777

278

41,676

 

শেহতীয়াকৈ সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহঃ

উত্তৰ-পূৰ্বাঞ্চলৰ অধীনত সম্পূৰ্ণ/আংশিকভাৱে পৰা কাৰ্যকৰী হোৱা প্ৰকল্পসমূহ তলত উল্লেখ কৰাধৰণৰঃ-

S.No.

Project

Cost

(₹ in crore)

1

Agartala - Sabroom new line (112 Km)

3,170

2

Agartala - Akhaura new line (5 Km)

865

3

Rangiya - Murkongselek gauge conversion (510 Km)

3,019

4

Kumarghat - Agartala gauge conversion (109 Km)

1,242

5

Lumding - Badarpur - Silchar & Badarpur - Kumarghat gauge conversion (412 Km)

6,500

6

Lumding - Hojai doubling (45 Km)

410

7

Digaru - Hojai doubling (102 Km)

1,873

8

New Bongaigaon - Agthori doubling (143 Km)

2,048

9

Bogibeel Bridge (92 Km)

5,820

 

তদুপৰি সীমান্ত অঞ্চলৰ ৰাজ্য মিজোৰামৰ ৰাজধানীক সংযোগ প্ৰদান কৰিবলৈ ভৈৰৱী-ছাইৰাং (৫১.৩৮ কিলোমিটাৰ) নতুন ৰে’লপথ প্ৰকল্পটো সম্পূৰ্ণ হৈছে আৰু শেহতীয়াকৈ ছেপ্টেম্বৰ, ২০২৫ত কাৰ্যকৰী হৈছে। এই প্ৰকল্পটোত অঞ্চলটোৰ কঠিন ভূখণ্ড আৰু জটিল ভূতাত্ত্বিক পৰিস্থিতিৰ মাজেৰে নিৰ্মিত ৪৫ টা সুৰংগ, ৫৫ খন ডাঙৰ দলং আৰু ৮৮ খন সৰু দলং আছে।

এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে গুৱাহাটী, নাহৰলগুন (ইটানগৰৰ বাবে) আৰু আগৰতলাৰ পিছত আইজল ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হোৱা উত্তৰ-পূবৰ চতুৰ্থখন ৰাজ্যৰ ৰাজধানী হিচাপে পৰিগণিত হয়। মিজোৰামৰ ছাইৰাং অতিক্ৰমী সংযোগ প্ৰদান কৰিবলৈ সবিশেষ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ বাবে ছাইৰাং-হ্বিছুৱাহ (২২৩ কিলোমিটাৰ) নতুন ৰে’লপথৰ বাবে চূড়ান্ত অৱস্থান জৰীপ (এফ এল এছ) অনুমোদন জনোৱা হৈছে।

বৰ্তমানে চলি থকা প্ৰকল্পসমূহঃ

উত্তৰ-পূৰ্বাঞ্চলৰ অধীনত সম্পূৰ্ণ/আংশিকভাৱে থকা কিছুমান মুখ্য প্ৰকল্প তলত দিয়াধৰণে লোৱা হৈছেঃ-

S.No.

Name of the project

Cost

(₹ In crore)

1

Jiribam - Imphal new line (111 Km)

21,886

2

Dimapur - Kohima new line (82 Km)

15,230

3

Murkongselek - Pasighat new line (27 Km)

1,249

4

New Bongaigaon - Goalpara - Guwahati (Kamakhaya) doubling (176 Km)

4,962

5

Saraighat Bridge doubling (7 Km)

1,474

6

Kamkhya Guwahati 3rd line (6 Km)

395

7

Lumding – Furkating doubling (140 Km)

2,124

8

Furkating – Tinsukia doubling (194 Km)

3,634

 

তদুপৰি যোৱা তিনি বছৰত অৰ্থাৎ ২০২২-২৩, ২০২৩-২৪, ২০২৪-২৫ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত পৰা মুঠ ৩,৫৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৫ টা জৰীপ (২৪ টা নতুন লাইন আৰু ২১ টা দ্বৈত)ত অনুমোদন জনোৱা হৈছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ২০২৬ চনৰ ১৩ মাৰ্চত ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰিছিল।

 

*****

 

KS/BM/HS


(रिलीज़ आईडी: 2239641) आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English