পৰিকল্পনা মন্ত্ৰালয়
জিলা-পৰ্য্যায়ত এছডিজি-ৰ ব্যাপক ৰূপায়ণ সন্দৰ্ভত গুৱাহাটীত নিটি আয়োগৰ উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক কৰ্মশালা সম্পন্ন
পোষ্ট কৰা হৈছে:
12 FEB 2026 5:42PM by PIB Guwahati
নিটি আয়োগে অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহযোগত আজি গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক সমৰ্থন অভিযানৰ (SSM) অধীনত জিলা-পৰ্য্যায়ত এছডিজি-ৰ ফলাফলৰ বৰ্ধন সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনিত জ্যেষ্ঠ নীতি নিৰ্ধাৰক, প্ৰশাসক আৰু উন্নয়ন অংশীদাৰসকল একত্ৰিত হৈ উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ (SDG) ব্যাপক ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে।
ইয়াৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী চৰণ বড়ো, নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি.কে. পাল, এছআইটিএ-ৰ উপাধ্যক্ষ শ্ৰী নাৰায়ণ চন্দ্ৰ বৰকটকী, অসমৰ মুখ্য সচিব ডঃ ৰবি কোটা, উত্তৰ-পূব পৰিষদৰ সচিব শ্ৰী সতীন্দৰ ভাল্লা, নিটি আয়োগৰ কাৰ্য্যক্ৰম সঞ্চালক (এছডিজি) শ্ৰী ৰাজীৱ সেন, ইউএনডিপি-ৰ আৱাসিক প্ৰতিনিধি ডঃ এঞ্জেলা লুচিগী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ বৰা আৰু এছআইটিএ-ৰ চিইঅ’ পি. বিজয়া ভাস্কৰ ৰেড্ডীয়ে অংশগ্ৰহণ কৰে।
উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি শ্ৰী চৰণ বড়োৱে কয় যে এছডিজি-সমূহ দৃষ্টিভংগীৰ ক্ষেত্ৰত বিশ্বব্যাপী হ’লেও ইয়াৰ প্ৰকৃত সফলতা স্থানীয় পৰ্য্যায়ত উপলব্ধি কৰা হয়। তেওঁ উল্লেখ কৰে যে এই লক্ষ্যসমূহৰ প্ৰভাৱ গাঁও, চহৰ, বিদ্যালয় আৰু গৃহত অনুভূত হ’ব লাগিব। তেওঁ এছডিজি ইণ্ডিয়া ইনডেক্সত আকাংক্ষীৰ পৰা আগশাৰীৰ স্থানলৈ অসমৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।
নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি.কে. পালে তেওঁৰ ভাষণত ইউএনডিপি-ৰ ভূমিকাক স্বীকাৰ কৰি কয় যে এছডিজি-সমূহত অগ্ৰাধিকাৰ প্ৰদান অব্যাহত থকা মাত্ৰেকে ভাৰত জিলিকি উঠিব। তেওঁ ব্যৱধানসমূহ চিনাক্ত কৰি এক স্পষ্ট কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে এছডিজি-ৰ লক্ষ্যত উপনীত হ’বলৈ সমবায় ফেডাৰেলিজমক সুদৃঢ় কৰাৰ লগতে ৰাজ্যসমূহক সহায়ৰ ক্ষেত্ৰত নিটি আয়োগৰ অবিৰত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যক প্ৰশংসা কৰে।
ইয়াত উদ্বোধনী ভাষণ প্ৰদানেৰে অসমৰ মুখ্য সচিব ডঃ ৰবি কোটাই ২০১৬-ৰ পৰা বিত্ত বিভাগত দায়িত্ব পালনৰ সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সবিশেষ কয়। তেওঁ উক্ত পদক্ষেপৰাজি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ উদ্দেশ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল বুলি কয়। তেওঁ এই ব্যৱস্থাসমূহে কেনেদৰে সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ ভেটি স্থাপন কৰিছিল, সেই বিষয়ে উল্লেখ কৰে। সামূহিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে এছডিজি-ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বৰ্তমান কোন স্থানত উপনীত হৈছেহি, সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্য কেইখনক ব্যৱধান চিনাক্ত কৰি কেন্দ্ৰীভূত আৰু সমন্বিতভাৱে আগবাঢ়ি যাবলৈ একত্ৰিত হৈ কাম কৰিবলৈ কয়।
উত্তৰ-পূব পৰিষদৰ (NEC) সচিব শ্ৰী সতীন্দৰ ভাল্লাই অঞ্চলটোৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নক আগুৱাই নিবলৈ ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্ব স্থাপনৰ ক্ষেত্ৰত পৰিষদৰ অংগীকাৰৰ কথা দোহাৰে।
ইউএনডিপি-ৰ আৱাসিক প্ৰতিনিধি ডঃ এঞ্জেলা লুচিগীয়ে উত্তৰ-পূবে এছডিজি-ৰ ৰূপায়ণৰ ক্ষেত্ৰত এক মাপকাঠি নিৰ্ধাৰণ কৰিছে বুলি উল্লেখেৰে ব্যাপক ডাটা ব্যৱস্থা, এছডিজি-ৰ ফলপ্ৰসূ স্থানীয়কৰণ আৰু স্থায়ী অগ্ৰগতিৰ বাবে ফলপ্ৰসূ ডেলিভাৰী ব্যৱস্থাৰ গুৰুত্বত আলোকপাত কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহত এছডিজি-ৰ অগ্ৰগতিৰ এক বিস্তৃত প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে জিলা প্ৰশাসনসমূহক তথ্যৰাজি সুনিৰ্দিষ্ট, সময়সীমাবদ্ধ কাৰ্য্য পৰিকল্পনালৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনিত “জুম-ইন ইফেক্ট”ত গুৰুত্ব আৰোপ কৰা হয়। উক্ত তথ্য অভিসৰণ পদ্ধতিয়ে জিলা আয়ুক্তসকলক এনইআৰ ইনডেক্সৰ জৰিয়তে ব্যৱধান চিনাক্ত কৰিবলৈ আৰু লক্ষ্য-নিৰ্ধাৰিত হস্তক্ষেপৰ প্ৰয়োজনীয়তা থকা নিৰ্দিষ্ট ব্লক বা গাঁও পঞ্চায়তসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত পঞ্চায়ত উন্নতি ইনডেক্স ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তুলিছে।
বহনক্ষম উন্নয়নৰ বাবে ৰাজ্য আৰু জিলাৰ বাজেটসমূহ এছডিজি-ৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ এক বিত্তীয় ব্যৱস্থাৰ প্ৰয়োজন। ইয়াক বাস্তৱায়িতকৰণৰ অৰ্থে কৰ্মশালাত ইউএনডিপি-ৰ সহযোগত যুগুত কৰা "এছডিজি বাজেট টেগিঙৰ বাবে ষ্টেপ-বাই-ষ্টেপ গাইড" উন্মোচন কৰা হয়।


***
PG/SS/SB
(ৰিলিজ আই ডি : 2227320)
অতিথি কক্ষ : 7