ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
কেভিআইচি-ৰ অধ্যক্ষই গুৱাহাটীত যৌথ ৰাজ্যিক পৰ্য্যায়ৰ খাদী আৰু পিএমইজিপি প্ৰদৰ্শনী উদ্বোধন কৰে
৪৬০ গৰাকী হিতাধিকাৰীক ৬৩৪ টা মেচিন আৰু টুলকিট বিতৰণ
পিএমইজিপি-ৰ অধীনত বিগত তিনি বছৰত অসমত ৭৭ হাজাৰৰো অধিক লোকে নিয়োগৰ সুযোগ লাভ কৰিছেঃ কেভিআইচি-ৰ অধ্যক্ষ
পোষ্ট কৰা হৈছে:
11 FEB 2026 4:51PM by PIB Guwahati
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অন্তৰ্গত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ (KVIC) অধ্যক্ষ শ্ৰী মনোজ কুমাৰে কালি গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত যৌথ ৰাজ্যিক পৰ্য্যায়ৰ খাদী আৰু প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্য্যক্ৰম (PMEGP) প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে মন্ত্ৰালয়ৰ গ্ৰামোদ্যোগ বিকাশ যোজনা আঁচনিৰ অধীনত ৪৬০ গৰাকী শিল্পীক ৬৩৪ টা মেচিন আৰু টুলকিট বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত আছে মৃৎশিল্পীসকললৈ ২২০ টা ইলেক্ট্ৰিক পটাৰী হুইল, মৌপালনৰ বাবে ৩০০ টা মৌবাহ, ৬০ টা চিলাই মেচিন আৰু ৫৪ টা ভিন্ন গ্ৰামোদ্যোগ ক্ৰিয়া-কলাপৰ সৈতে জড়িত আহিলা। ইয়াৰ উপৰিও এমডিটিচি-ত প্ৰশিক্ষণ লাভ কৰা ১০০ গৰাকী শিল্পীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
ইয়াত ভাষণ প্ৰদানেৰে কেভিআইচি-ৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে কয় যে এই কাৰ্য্যসূচী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ভকেল ফৰ লোকেল’ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত এটি উল্লেখযোগ্য পদক্ষেপ। এই দৃষ্টিভংগীয়ে শিল্পী আৰু উদ্যোগীসকলক বজাৰৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে। তেওঁ আৰু কয় যে খাদী আৰু গ্ৰামোদ্যোগসমূহ এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ বাবে এক শক্তিশালী ভেটি হৈ পৰিছে। তেওঁ কয় যে অসম হৈছে উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ আৰু ইয়াৰ শিল্পীসকলৰ দক্ষতাই ৰাষ্ট্ৰৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ‘মহাত্মা গান্ধী গ্ৰাম স্বৰাজ পদক্ষেপ’ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনাই কয় যে এই পদক্ষেপৰ ফলশ্ৰুতিত খাদী আৰু হস্তশিল্পৰ সৈতে জড়িত শিল্পীসকলে প্ৰশিক্ষণ, গুণমানৰ অগ্ৰগতি, ব্ৰেণ্ডিং আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক প্ৰৱেশৰ সুবিধা লাভ কৰিব। তেওঁ আৰু জনাই যে ‘খাদী বিপ্লৱ’ৰ ফলশ্ৰুতিত বিগত ১১ বছৰত খাদী আৰু গ্ৰামোদ্যোগৰ ব্যৱসায় ১,৭০,০০০ কোটিৰো অধিক টকাত উপনীত হৈছে। একেদৰে এই সময়ছোৱাত ২ কোটিৰো অধিক লোকে নিয়োগ লাভ কৰিছে।
কেভিআইচি-ৰ গুৱাহাটী ৰাজ্যিক কাৰ্য্যালয়ৰ সাফল্যৰাজি সম্পৰ্কে ব্যক্ত কৰি কেভিআইচি-ৰ অধ্যক্ষগৰাকীয়ে কয় যে বিগত তিনি বছৰত পিএমইজিপি, খাদী বিকাশ যোজনা আঁচনি আৰু গ্ৰামোদ্যোগ বিকাশ যোজনা আঁচনিৰ অধীনত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। এই সময়ছোৱাত ৰাজ্যখনৰ মুঠ ২৫ টা সক্ৰিয় খাদী প্ৰতিষ্ঠানৰ জৰিয়তে হাজাৰ-হাজাৰ শিল্পীক নিয়োগ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্য্যক্ৰমৰ (PMEGP) অধীনত ২০২২-২৩ ৰ পৰা ২০২৫- ২৬ লৈকে (৩১ জানুৱাৰী, ২০২৬ পৰ্য্যন্ত) মুঠ ৯,৬৬৮ টা মাইক্ৰ’-ইউনিট স্থাপন কৰা হৈছে। ইয়াৰ বাবে ২৫৮ কোটি টকাৰো অধিক মাৰ্জিন মানি ৰাজসাহায্য আগবঢ়োৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত ৭৭,৩৪৪-ৰো অধিক লোকে নিয়োগৰ সুযোগ লাভ কৰিছে। গ্ৰামোদ্যোগ বিকাশ যোজনা আঁচনিৰ (GVY) অধীনত ৰাজ্যখনৰ ৩১৫০ গৰাকী শিল্পীক যোৱা তিনি বছৰত ৩১৭০ টা মেচিন, আহিলা আৰু টুলকিট প্ৰদান কৰা হৈছে। এই পদক্ষেপে গ্ৰামাঞ্চলসমূহত উদ্যমিতা, স্ব-নিয়োজন আৰু আত্ম-নিৰ্ভৰতাক এক নতুন গতি প্ৰদান কৰিছে।
এই উদ্বোধনী অনুষ্ঠানত খাদী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকল, পিএমইজিপি আঁচনিৰ হিতাধিকাৰীসকল, খাদী কৰ্মীসকলৰ লগতে অসম চৰকাৰ আৰু কেভিআইচি-ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
১৯ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিবলগীয়া এই প্ৰদৰ্শনীত অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰকে প্ৰমুখ্য কৰি ভিন্ন ৰাজ্যৰ শিল্পী আৰু উদ্যোগীসকলৰ মুঠ ৯০ টা ষ্টলত খাদী, গ্ৰামোদ্যোগ আৰু পিএমইজিপি-ৰ সৈতে সম্পৰ্কীয় স্বদেশী আৰু পৰিবেশ-অনুকূল সামগ্ৰী-সম্ভাৰ থূপাই-প্ৰদৰ্শন কৰা হৈছে।



***
PG/SB
(ৰিলিজ আই ডি : 2226696)
অতিথি কক্ষ : 5