ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

পিএচিএছ আৰু বহুমুখী সমবায়ক শক্তিশালী কৰাৰ পদক্ষেপ

পোষ্ট কৰা হৈছে: 03 FEB 2026 6:47PM by PIB Guwahati

প্ৰাথমিক কৃষি ঋণ সংস্থাসমূহক বহুমুখী সত্তালৈ ৰূপান্তৰিত কৰাৰ চৰকাৰৰ পদক্ষেপে সমগ্ৰ কৃষি, দুগ্ধ আৰু মীন খণ্ডত গ্ৰাম্য অৰ্থনৈতিক কাৰ্যকলাপ যথেষ্ট শক্তিশালী কৰিছে। পেকছৰ বাবে আৰ্হি উপ-বিধি গ্ৰহণৰ জৰিয়তে এই সমাজসমূহে এতিয়া পেট্ৰ’ল পাম্প, এল পি জি বিতৰক, জন ঔষধি কেন্দ্ৰ আৰু কমন চাৰ্ভিচ চেণ্টাৰ পৰিচালনাকে ধৰি ২৫টাতকৈও অধিক ব্যৱসায়িক কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত আয়ৰ ধাৰাসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধি পাইছে আৰু বিত্তীয় বহনক্ষমতা উন্নত হৈছে।

কৃষি খণ্ডত এই পদক্ষেপে বিশ্বৰ সৰ্ববৃহৎ বিকেন্দ্ৰীকৃত শস্য সংৰক্ষণ পৰিকল্পনাৰ জৰিয়তে আন্তঃগাঁথনি আৰু চপোৱাৰ পিছৰ সমৰ্থন বৃদ্ধি কৰিছে, যাৰ অধীনত পিএচিএছ পৰ্যায়ত গুদাম আৰু কাষ্টম হাইৰিং কেন্দ্ৰ স্থাপন কৰা হৈছে, যাৰ ফলত চপোৱাৰ পিছৰ লোকচান, পৰিবহণ খৰচ  হ্ৰাস কৰাৰ লগতে কৃষকৰ বাবে মূল্য উপলব্ধি উন্নত হৈছে।

আত্মনিৰ্ভৰ অভিযানৰ অধীনত বজাৰৰ প্ৰৱেশ শক্তিশালী কৰা হৈছে, যাৰ ফলত কৃষকসকলে নূন্যতম সহায়ক মূল্যত দালি আৰু কুঁহিয়াৰৰ নিশ্চিত ক্ৰয়ৰ বাবে সমবায়ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ উপৰিও ৩৮,০০০ৰো অধিক পিএচিএছক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (পিএমকেএছকে) হিচাপে উন্নীত কৰা হৈছে, যিয়ে সাৰ, বীজ আৰু মাটি পৰীক্ষা সেৱাৰ বাবে একক খিৰিকীৰ মঞ্চ প্ৰদান কৰিছে। ৭৯,৬৩০ টা পেকছ সামৰি লোৱা পিএচিএছ কম্পিউটাৰাইজেচন প্ৰকল্পই ইআৰপি ভিত্তিক ব্যৱস্থাৰ জৰিয়তে স্বচ্ছতা আৰু দক্ষতা উন্নত কৰিছে, যাৰ ফলত ক্ৰেডিট ডেলিভাৰী দ্ৰুত হৈছে আৰু লেনদেনৰ খৰচ হ্ৰাস পাইছে।

দুগ্ধ খণ্ডত শ্বেত বিপ্লৱ ২.০ৰ লক্ষ্য হৈছে অনাবৃত অঞ্চলত সমবায় কভাৰেজ সম্প্ৰসাৰণৰ জৰিয়তে পাঁচ বছৰৰ ভিতৰত গাখীৰ ক্ৰয় ৫০ শতাংশ বৃদ্ধি কৰা। ২০২৬ চনৰ আৰম্ভণিতে দেশজুৰি ২১,০০০ৰো অধিক নতুন দুগ্ধ সমবায় সমিতি পঞ্জীয়ন কৰা হৈছিল। জি এছ টি যুক্তিসংগতকৰণৰ দৰে বিত্তীয় ব্যৱস্থাই—গাখীৰ আৰু পানিৰৰ ওপৰত শূন্য জি এছ টি আৰু মাখন, ঘিউ আৰু পনিৰৰ জি এছ টি হ্ৰাসকে ধৰি—সহবায় দুগ্ধজাত সামগ্ৰীৰ প্ৰতিযোগিতামূলক ক্ষমতা উন্নত কৰিছে।

মীন খণ্ডত চৰকাৰে বজাৰৰ সংযোগ আৰু মূল্য সংযোজন উন্নত কৰাৰ বাবে ১০০০খন মীন সমবায় সমিতিক মীন পালক উৎপাদক সংস্থা (এফ এফ পি অ’)লৈ ৰূপান্তৰিত কৰিছে। এফ পি অ’ৰ আন্তঃগাঁথনি আৰু ব্যৱসায়িক ক্ষমতা শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে যথেষ্ট আৰ্থিক সাহায্য প্ৰদান কৰিছে।

সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ (এনচিডি) স্থাপন কৰা হৈছে—য’ত ৮.৪ লাখ সমবায় আৰু প্ৰায় ৩২ কোটি সদস্যক সামৰি লোৱা হৈছে—প্ৰমাণভিত্তিক পৰিকল্পনা আৰু সামৰি লোৱাৰ ব্যৱধান চিনাক্তকৰণ সম্ভৱ হৈছে। ইয়াৰ উপৰি নেচনেল কো-অপাৰেটিভ এক্সপ’ৰ্টছ লিমিটেড (এনচিইএল) আৰু নেশ্যনেল কো-অপাৰেটিভ অৰ্গেনিক্স লিমিটেড (এনচিঅ’এল)ৰ দৰে শীৰ্ষ সমবায় প্ৰতিষ্ঠানে প্ৰাথমিক উৎপাদকসকলৰ বাবে বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰিছে, এনচিইএলে ২৯খন দেশলৈ ৫,৩০০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছে।

প্ৰাথমিক কৃষি ঋণ সমিতি (PACS) আৰু বহুমুখী সমবায়সমূহে সমগ্ৰ দেশৰ কৃষকৰ লগতে দুগ্ধ আৰু মীন খণ্ডক যথেষ্ট উপকৃত কৰাৰ লক্ষ্য ৰাখিছে চৰকাৰে, ১৫.০২.২০২৩ তাৰিখে, নতুন বহুমুখী পেকছ বা প্ৰাথমিক দুগ্ধ/ মীন সমবায় সমিতি স্থাপনৰ পৰিকল্পনাত অনুমোদন জনাইছে যিয়ে ২০২৮ চনৰ ভিতৰত দেশখনৰ সকলো অনাবৃত পঞ্চায়ত/ গাঁও সামৰি লব ।

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ১৫.০২.২০২৩ৰ পৰা দেশজুৰি ৩২,৮০২খন নতুন পিএচিএছ, দুগ্ধ, আৰু মীন সমবায় সমিতি পঞ্জীয়ন কৰা হৈছে। ইয়াৰ সৈতে জড়িত সদস্যসকলৰ সৈতে গঠন হোৱা পেকছ, দুগ্ধ, মীন সমবায় সমিতিসমূহৰ ৰাজ্যভিত্তিক বিৱৰণসমূহ পৰিশিষ্ট হিচাপে ৰখা হৈছে। ওড়িশাত ৮,৩৬১খন সমবায় সমিতি আছে, ইয়াৰে ৭,৭৫৪খন কাৰ্যক্ষম। ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অধীনত ৰাজ্যত ২,২৮১খন নতুন সমবায় সমিতি পঞ্জীয়ন কৰা হৈছে, য’ত ১,৫৪৩খন বহুমুখী পিএচিএছ, ৬৭৯খন দুগ্ধ সমবায় সমিতি আছে। ইয়াৰ উপৰিও ৫৯ খন মীন সমবায় সমিতি, আৰু ২০৯ খন বৰ্তমানৰ দুগ্ধ সমিতিক শক্তিশালী কৰা হৈছে। কান্ধমালৰ আকাংক্ষিত জিলাত ১০৩ খন সমবায় সমিতিৰ মুঠ সদস্য সংখ্যা ২,৩৭,২৮৮ খন, য’ত ৭৬ খন পেকছ আৰু ২ খন মীন সমবায় আছে।

(গ) ওড়িশাৰ মহিলা, আত্মসহায়ক গোট (এছ এইচ জি), ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু জনজাতীয় সম্প্ৰদায়ৰ ডিজিটেল সংহতি আৰু লক্ষ্যভিত্তিক অন্তৰ্ভুক্তিৰ ফলত সমবায়ভিত্তিক আয় আহৰণ আৰু সেৱা প্ৰদানৰ উন্নতি হৈছে। ওড়িশাই ২,২৮১ খন নতুন পেকছ, দুগ্ধ আৰু মীন সমবায় সমিতি পঞ্জীয়ন কৰি বৰ্তমানৰ সমূহ শক্তিশালী কৰিছে, আনহাতে আৰ্হি উপ-বিধি গ্ৰহণে পেকছক একাধিক ব্যৱসায়িক কাৰ্য্যকলাপ যেনে পি এম কিষাণ সমৃদ্ধি কেন্দ্ৰ , সাধাৰণ সেৱা কেন্দ্ৰ আদি গ্ৰহণ কৰিবলৈ সক্ষম কৰিছে ।। ইয়াৰ উপৰি বহুৰাজ্যিক সমবায় সমিতি (সংশোধনী) আইন, ২০২৩ অনুসৰি বহু ৰাজ্যিক সমবায় সমিতিৰ ব’ৰ্ডত মহিলাৰ বাবে দুখন আসন আৰু অনুসূচিত জাতি/জনজাতিৰ সদস্যৰ বাবে এখন আসন সংৰক্ষণৰ নিৰ্দেশ দিয়া হৈছে।

আৰ্হি উপ-বিধিসমূহে পেকছক বহুমুখী সেৱা কেন্দ্ৰ হিচাপে কাম কৰিবলৈ সক্ষম কৰিছে,  যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, এছ এইচ জি, মহিলা আদিয়ে এটা সময়ত সুলভ মূল্যৰ ঋণ, মানসম্পন্ন ইনপুট আৰু সংশ্লিষ্ট সেৱাসমূহ লাভ কৰিব পাৰে আৰু গুদাম, কাষ্টম হাইৰিং চেণ্টাৰ আৰু প্ৰাথমিক প্ৰক্ৰিয়াকৰণৰ দৰে কাৰ্য্যকলাপৰ পৰা লাভাৱান্বিত হ’ব পাৰে, যাৰ ফলত আয়  উন্নত হয়।

পেকছ কম্পিউটাৰাইজেচন প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ ৪,২৪০ টা পেকছক এটা সাধাৰণ ই আৰ পি ভিত্তিক ৰাষ্ট্ৰীয় চফট্ ৱেৰত অনবৰ্ডিঙৰ বাবে অনুমোদন জনোৱা হৈছে, ২০২৫–২৬ বিত্তীয় বৰ্ষৰ ভিতৰত হাৰ্ডৱেৰ, ডিজিটাইজেচন আৰু সমৰ্থন ব্যৱস্থাৰ বাবে ১৮.০৭ কোটি টকা মুকলি কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে স্বচ্ছতা উন্নত কৰা, বাস্তৱ সময়ৰ লেনদেন ৰেকৰ্ডিং সক্ষম কৰা আৰু সদস্যসকলক ক্ৰেডিট আৰু অক্ৰেডিট সেৱাসমূহ দ্ৰুতভাৱে প্ৰদান কৰাত সহায় কৰা। সমবায় ব’ৰ্ডত মহিলা আৰু অনুসূচিত জাতি/জনজাতিৰ সদস্যসকলৰ বাধ্যতামূলক প্ৰতিনিধিত্বকে ধৰি অন্তৰ্ভুক্ত শাসন সংস্কাৰে সমাজৰ প্ৰান্তীয় গোটসমূহৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰিছে।

ৰাষ্ট্ৰীয় সহযোগিতা নীতি (এনচিপি) ২০২৫ত মহিলা আৰু দুৰ্বল শ্ৰেণীৰ সদস্যপদ আৰু নেতৃত্বৰ ভূমিকাক প্ৰসাৰিত কৰাতো গুৰুত্ব দিয়া হৈছে। মহিলা সহযোগিতা সংস্থাসমূহক আগলৈ ঋণ প্ৰদানৰ বাবে স্বয়ং শক্তি সমবায় যোজনা আৰু মহিলা নেতৃত্বাধীন সমবায়ক প্ৰচাৰৰ বাবে নন্দিনী সহকৰৰ দৰে আঁচনিৰ জৰিয়তে মহিলা আৰু এছ এইচ জিসমূহৰ প্ৰতি সমৰ্থন আৰু অধিক শক্তিশালী কৰা হৈছে।

তদুপৰি লক্ষ্য নিৰ্ধাৰণ কৰা আৰ্থিক সাহায্য আৰু সমবায় কাৰ্য্যকলাপৰ বৈচিত্ৰ্যই আয়ৰ সুযোগ বৃদ্ধি কৰিছে। যোৱা তিনি বছৰত মহিলা আৰু জনজাতি নেতৃত্বাধীন সমবায়সমূহক০,২০কোটি টকা প্ৰদান কৰা হৈছে আৰু স্বয়ং শক্তি সমবায় যোজনাৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহক সহায় আগবঢ়োৱা হৈছে।

*****

পৰিশিষ্ট

 

এম-পেকছ

দুগ্ধ সমবায় সমিতি

মীন সমবায় সমিতি

ৰাজ্য

গঠিতৰ সংখ্যা

সদস্যপদ

গঠিতৰ সংখ্যা

সদস্যপদ

গঠিতৰ সংখ্যা

সদস্যপদ

আন্দামান- নিকোবৰ

১২

১০

১১

১৩২

অন্ধ্ৰপ্ৰদেশ

১১

১১০

১০৩৪

২১৯৪৬

৭৯

অৰুণাচল প্ৰদেশ

১২১

২৫৮৪

১৫

১৮৫

২০

২২৩

অসম

৪৬৯

১১৮২০

৫৯১

১৩৯২১

৮১

১৮২৩

বিহাৰ

৫৭

৯৮৩৬৯

৪৫৮৯

১৮৪৫৩৮

১০৪

ছত্তীশগড়

৪৬৯

২৬৩৬৪৫

৩৫১

৫২২৬

৩২২

৫৯০৪

গোৱা

৩৭

১১৪৮

৫৩

৩২

গুজৰাট

৫২৫

৮৯৬৭৮

৭০৬

৪১৭৭৪

২৩

১৩৭১

হাৰিয়ানা

৩১

২২২৮২

১৬১

৫১৫০

১০৯

হিমাচল প্ৰদেশ

১১৬

৪৬৩৯

৭০৮

৯৯৫২

১২৪

জম্মু-কাশ্মীৰ

২১৬

২১৭২৮

১৩১৩

১৭৬৩৬

৩৬

৭০১

ঝাৰখণ্ড

১২৭

৪০৯২৫

২৫৭

৯৭৪৫

১৭৭

৬৫৯৪

কৰ্ণাটক

২৪৩

৬৫৮০৮

১০৯৭

১১০০৫৭

৪৫

৪৮২৮

লাডাখ

৩৩৩

১৫০

২০

লাক্ষাদ্বীপ

0

0

0

0

৫৬৭

মধ্য প্ৰদেশ

৬৬৩

৪০১৩০৪

৮৭৪

২১৫৯৬

২২৬

৫৮১৭

মহাৰাষ্ট্ৰ

১৪৯

২৫৮৬৪

১১৪০

৬৭২৪৯

১৬১

৯০০৮

মণিপুৰ

১০৪

১৩৭৯১

২৪

৫০২

৬৭

২২২০

মেঘালয়

২২৮

১৫৭৭২

১৬

২৭৪

১৩৭

মিজোৰাম

৯৭

৫৪৪৪

৪৯

৪২

নাগালেণ্ড

১৮

৯৭২

৯৫

১৮

৭০৪

ওড়িশা

১৫৪৩

৭০৬২২৫

৬৭৯

৩০৭৬৬

৫৯

৫১১৯

পুডুচেৰী

৯৯

১২৭

১১৫০

পঞ্জাৱ

২১

৪৬৩

৯৯৫৫

৪৩

৫২০

ৰাজস্থান

১৩৮৭

৫২৩৬৩৮

২১৭৪

৪২২১৩

২২

৪৬২

ছিকিম

২৪

৫৬৮

৬১

১৩০৯

৩৭

তামিলনাডু

২৮

১২১২৬

৭৯৪

২৭৯৭৬

২৫

২৫১২

তেলেংগানা

0

0

১৭৩

৩৭৩৬

১০২

৪২৪৪

ডিডিআৰু ডিএনএইছ

৩৯৯

৩৩৩

৫৬০

ত্ৰিপুৰা

২৮৮

৪২৮৭

২৮

১৯

৮৮২

উত্তৰ প্ৰদেশ

১০৯৯

১৪১১৬৬

৪৩৪০

১৭৪২৩৫

৪৮৬

১৪৭০৯

উত্তৰাখণ্ড

৬২১

৭৬০২

২৬৩

৮৭৯৯

১২০

১৪০৮

পশ্চিমবংগ

২৪

৩৬৭৩

১৩৭

৫৭৩৩

১৭৫

সৰ্বমুঠ

৮৭১০

২৪,৮৬,০৩২

২১,৯৮২

৮,১৫,৩১৮

২,১১০

৭২,৩১৭

 

এই তথ্য কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে লোকসভাত এক  লিখিত উত্তৰত প্ৰদান কৰে।

 

***

AK/AP/DM


(ৰিলিজ আই ডি : 2222945) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी