বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বাজেট ২০২৬-২৭-এ শক্তিশালী কৰিছে অসমৰ স্বাস্থ্যসেৱা খণ্ডক

নিপাৰ(NIPER) গুৱাহাটী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ উন্নীতকৰণৰ কথা ঘোষণা

পোষ্ট কৰা হৈছে: 03 FEB 2026 4:59PM by PIB Guwahati

কেন্দ্ৰীয় বাজেট ২০২৬-২৭-এ সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, বিশেষ যত্ন আৰু চিকিৎসা শিক্ষা সম্প্ৰসাৰণৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি তুলিছে।  ফলত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ  যথেষ্ট সুবিধা হৈছে। শেহতীয়া ঘোষণাসমূহে বিগত কেইবাবছৰ ধৰি অসমত অব্যাহত অবিৰত আৰু কেন্দ্ৰীভূত বিনিয়োগেৰে কৰি ৰাজ্যখনক এক গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।  বাজেটত ঘোষণা কৰা স্বাস্থ্যসেৱাৰ পদক্ষেপসমূহৰ ভিতৰত আছে বায়’ফাৰ্মা শক্তি (জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ উন্নতিৰ কৌশল)।  যিয়ে পাঁচ বছৰৰ ভিতৰত ১০,০০০ কোটি টকা ব্যয় কৰিব, যাৰ লক্ষ্য হৈছে অসংক্ৰামক ৰোগৰ ক্ৰমবৰ্ধমান বোজা দূৰ কৰিবলৈ জৈৱিক আৰু বায়’চিমিলাৰৰ ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰা। এই পদক্ষেপৰ অংশ হিচাপে নিপাৰ গুৱাহাটীৰ দৰে বৰ্তমানৰ প্ৰতিষ্ঠানসমূহ উন্নীতকৰণ কৰা হ’ব, যিয়ে অঞ্চলটোৰ গৱেষণা, উদ্ভাৱন আৰু দক্ষ জনশক্তিৰ বিকাশত অৰিহণা যোগাব।

বাজেটত মানসিক স্বাস্থ্য আৰু আঘাতৰ যত্নৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। নিমহান্স-২ স্থাপন আৰু ৰাঁচি তথা তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ  প্ৰতিষ্ঠান হিচাপে উন্নীত কৰাৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মানসিক স্বাস্থ্যসেৱাৰ সুবিধা যথেষ্ট বৃদ্ধি পাব। তদুপৰি জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু ট্ৰমা কেয়াৰ চেণ্টাৰ স্থাপন কৰি জৰুৰীকালীন স্বাস্থ্যসেৱাৰ ক্ষমতা ৫০ শতাংশ বৃদ্ধি কৰাৰ লগতে চিকিৎসা সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাত সময়মতে যত্ন প্ৰদানৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই পদক্ষেপসমূহে বিগত বছৰবোৰত অসমত ইতিমধ্যে গ্ৰহণ কৰা পৰিৱৰ্তনশীল স্বাস্থ্যসেৱা বিনিয়োগৰ পৰিপূৰক। ২০২৩ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো এইমছৰ লগতে নলবাৰী, নগাঁও আৰু কোকৰাঝাৰত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে।

এই পদক্ষেপসমূহ বিগত বছৰবোৰত অসমত ইতিমধ্যে গ্ৰহণ কৰা পৰিৱৰ্তনশীল স্বাস্থ্যসেৱা বিনিয়োগৰ পৰিপূৰক হিচাবে পৰিগণিত হৈছে। ২০২৩ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন  এইমছৰ লগতে নলবাৰী, নগাঁও আৰু কোকৰাঝাৰত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিছিল।  ২০২৪ চনৰ মাৰ্চ মাহত তিনিচুকীয়াত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় দেশৰ  বাবে উৎসৰ্গা কৰা হৈছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উন্নীতকৰণ আৰু কৰিমগঞ্জত নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়, যাৰ ফলত ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাক অধিক শক্তিশালী কৰিব পৰা গৈছে।

কৰ্কট ৰোগৰ যত্নৰ এক প্ৰধান কেন্দ্ৰ হিচাপেও অসম আত্মপ্ৰকাশ কৰিছে। ২০২২ চনৰ এপ্ৰিল মাহত ৭খন কৰ্কট চিকিৎসালয় উচৰ্গা কৰা হয়। একেদৰে ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাটকে ধৰি জিলাসমূহত  অতিৰিক্ত ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যখনে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসালয় নেটৱৰ্ক হিচাবে পৰিগণিত হ'বলৈ সাজু হৈছে।

সামগ্ৰিকভাৱে কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত কৰা  স্বাস্থ্যসেৱাৰ ঘোষণাই   বিগত বছৰবোৰত কৰি  অহা  স্থায়ী কেন্দ্ৰীয় সমৰ্থনৰ সৈতে অসমৰ জনসাধাৰণৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে চিৰস্থায়ী সুবিধাৰ সৈতে আন্তঃগাঁথনি সৃষ্টি কৰিব। ই লগতে  বিশেষ চিকিৎসা আৰু জৰুৰীকালীন যত্নক সামৰি লোৱা স্বাস্থ্যসেৱাৰ দীৰ্ঘম্যাদী আৰু সংহত উন্নয়নৰ ধাৰাকে প্ৰতিফলিত কৰিছে।

***

PG/DM


(ৰিলিজ আই ডি : 2222675) অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক: English