বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত অসমলৈ ব্যাপক উন্নয়নমূল সমৰ্থন
২০১৪-২৬ চনৰ ভিতৰত অসমলৈ আগঢ়োৱা হৈছে ৫.৬১ লাখ কোটি টকাৰ কৰ হস্তান্তৰ আৰু কেন্দ্ৰীয় অনুদান-সাহায্য
এছএএছচিআইৰ অধীনত সুতমুক্ত ঋণ হিচাপে অসমলৈ মুকলি কৰি দিয়া হৈছে ১৭ হাজাৰ কোটি টকা
পোষ্ট কৰা হৈছে:
02 FEB 2026 6:35PM by PIB Guwahati
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত মূলধনী বিনিয়োগৰ সমৰ্থন বৃদ্ধি কৰি আৰু কৰ হস্তান্তৰ, সাহায্য তথা অনুদান, ফ্লেগশ্বিপ কল্যাণমূলক আঁচনিৰ জৰিয়তে সম্পদৰ স্থায়ী প্ৰবাহ নিশ্চিত কৰি কেন্দ্ৰ আৰু অসমৰ মাজত উন্নয়নমূলক অংশীদাৰিত্ব অধিক শক্তিশালী কৰি তোলা হৈছে।এই ব্যৱস্থাসমূহে দীৰ্ঘম্যাদী সম্পত্তিৰ সৃষ্টি কৰিছে, অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিছে আৰু সমগ্ৰ ৰাজ্যখনৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিছে।
এনে সহায়ৰ এটা উল্লেখযোগ্য পদক্ষেপ হিচাবে মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য আঁচনিৰ জৰিয়তে (SASCI) সহায় অব্যাহত ৰখা হৈছে।ইয়াৰ অধীনত অসমে স্থায়ী আন্তঃগাঁথনি সৃষ্টিৰ বাবে কেন্দ্ৰৰ পৰা ৫০ বছৰীয়া সুতমুক্ত ঋণ লাভ কৰি আছে। এই ঋণসমূহ বিত্ত আয়োগৰ পৰামৰ্শৰ আওতাৰ ভিতৰত ৰখা হোৱা নাই। ২০২০-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত (১২ জানুৱাৰী, ২০২৬ পৰ্যন্ত) অসমে বিশেষ সাহায্য আঁচনিৰ অধীনত ১৭,১০৪ কোটি টকা লাভ কৰিছে, যাৰ ফলত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি আৰু সম্পত্তিৰ সৃষ্টি সম্ভৱ হৈছে।
একেৰাহে কেন্দ্ৰীয় বাজেটৰ অধীনত অসমলৈ সামগ্ৰিকভাৱে কেন্দ্ৰীয় হস্তান্তৰ যথেষ্ট বৃদ্ধি পাইছে। ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে কৰ হস্তান্তৰৰ বাবে ৪৯,৭২৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ২০২৫–২৬ বিত্তীয় বৰ্ষত ২৯,৫৪৮ কোটি টকা অনুদান অথবা সাহায্য হিচাপে প্ৰদান কৰা হৈছে। ২০১৪ চনৰ পৰা অসমে কৰ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৩.১২ লাখ কোটি টকা আৰু অনুদানতথা সাহায্য হিচাপে ২.৪৯ লাখ কোটি টকা লাভ কৰিছে। যি কথাই ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা স্থায়ী বিত্তীয় সহায়ৰ বিষয়টোক স্পষ্ট কৰি তুলিছে।
মূলধনী বিনিয়োগৰ সমান্তৰালকৈ ফ্লেগশ্বিপ কেন্দ্ৰীয় আঁচনিসমূহে অসমত ব্যাপক আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰিছে। ২০২৬ চনৰ জানুৱাৰী মাহলৈকে ২.৫৫ কোটিৰো অধিক জন ধন একাউণ্টে ৰাজ্যখনত বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰিছে, আনহাতে পিএম জীৱন জ্যোতি বীমা যোজনাৰ অধীনত ৫৮ লাখ নামভৰ্তি আৰু পিএম সুৰক্ষা বীমা যোজনাৰ অধীনত ১.৪৫ কোটি নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু অটল পেঞ্চন আঁচনিৰ জৰিয়তে ২ লাখ কোটি গ্ৰাহকলৈ সামাজিক সুৰক্ষাৰ আৱৰণ সম্প্ৰসাৰিত হৈছে। পি এম মুদ্ৰা যোজনাৰ অধীনত উদ্যোগীকৰণ আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ সহায়ৰ বাবে ৭৪,৮৮৪ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে।
কল্যাণ আৰু আন্তঃগাঁথনিকেন্দ্ৰিক আঁচনিসমূহেও যথেষ্ট অগ্ৰগতি লাভ কৰিছে। স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ অধীনত ৪০ লাখতকৈ অধিক গ্ৰাম্য পৰিয়ালক শৌচাগাৰ প্ৰদান কৰা হৈছে আৰু জল জীৱন অভিযানৰ অধীনত ৫৭ লাখ গ্ৰাম্য পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে। পি এম উজ্জ্বলা যোজনাৰ অধীনত ৫০ লাখৰো অধিক এল পি জি সংযোগ প্ৰদান কৰাৰ বিপৰীতে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১.৭৬ কোটি আয়ুষ্মান কাৰ্ড তৈয়াৰ কৰা হৈছে। পি এম গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ২.৪ কোটিৰো অধিক হিতাধিকাৰীক সামৰি খাদ্য সুৰক্ষা শক্তিশালী কৰা হৈছে আৰু পি এম-কিষাণৰ অধীনত ১৯.৩ লাখ কৃষক উপকৃত হৈছে।
মূলধনী সহায়, বিত্তীয় হস্তান্তৰ আৰু ফ্লেগশ্বিপ আঁচনিৰ জৰিয়তে কৰা এই স্থায়ী বিনিয়োগে অসমৰ সৰ্বাংগীন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় বাজেটৰ দায়বদ্ধতাৰ কথাই আলোকপাত কৰিছে আৰু ইয়াক ৰাজ্যখনৰ বৃদ্ধিৰ কাহিনীৰ সৈতে বিকশিত ভাৰতৰ বহল দৃষ্টিভংগীৰ সৈতে একাকাৰ কৰিছে।
***
PG/DM
(ৰিলিজ আই ডি : 2222329)
অতিথি কক্ষ : 43