তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূব ভাৰতৰ চিনেমা প্ৰদৰ্শকসকলক ফিল্ম চাৰ্টিফিকেচনৰ চৰ্তসমূহ কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে চিবিএফচি গুৱাহাটীয়ে

পৰামৰ্শাৱলীত চিনেমাট’গ্ৰাফ আইন, ১৯৫২ আৰু প্ৰমাণীকৰণ নিয়ম, ২০২৪ৰ অধীনত বয়সৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা, বাধ্যতামূলক প্ৰমাণীকৰণ, পিএছএৰ প্ৰদৰ্শন আৰু শাস্তিৰ বিষয়ে পুনৰবাৰ উল্লেখ কৰা হৈছে

পোষ্ট কৰা হৈছে: 05 JAN 2026 5:14PM by PIB Guwahati

গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ে আজি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সকলো চিনেমা হল, মাল্টিপ্লেক্স, ৰাজহুৱা প্ৰেক্ষাগৃহ/অডিটৰিয়ামলৈ পৰামৰ্শাৱলী জাৰি কৰি চিনেমাট’গ্ৰাফ আইন, ১৯৫২, চিনেমাট’গ্ৰাফ (প্ৰমাণীকৰণ) নিয়ম, ২০২৪ আৰু নিৰ্ধাৰিত বয়সভিত্তিক প্ৰমাণপত্ৰৰ বিধানসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে । ছবিৰ বৈধ ৰাজহুৱা প্ৰদৰ্শন নিশ্চিত কৰাৰ বাবে এনে নিৰ্দেশনা জাৰি কৰা হৈছে।

পৰামৰ্শাৱলীত চলচ্চিত্ৰ প্ৰমাণপত্ৰৰ সৈতে জড়িত বয়সৰ নিষেধাজ্ঞা মানি চলাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চিনেমা প্ৰদৰ্শকসকলক “এ” (কেৱল প্ৰাপ্তবয়স্কৰ বাবে) প্ৰমাণীকৰণ নীতি কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে শিশুকে ধৰি ১৮ বছৰৰ তলৰ কোনো ব্যক্তিকে তেনে ছবি উপভোগ কৰিবলৈ  প্ৰৱেশৰ অনুমতি দিয়া নহয়।  চিনেমা অপাৰেটৰসকলক বৈধ বয়সৰ প্ৰমাণ পৰীক্ষা কৰিবলৈ, বিধিগত জাননীসমূহ চকুত পৰাকৈ প্ৰদৰ্শন কৰিবলৈ আৰু নীতিসমূহৰ বলৱৎকৰণত শূন্য সহনশীলতা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে এইক্ষেত্ৰত নিৰ্দেশনা  উলংঘাৰ কৰিলে  প্ৰতিগৰাকী  নাবালকৰ বাবে ১০,০০০ টকাৰ জৰিমনা, ​​তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু  জৰিমনাৰ পৰিমান ১০ লাখ টকা  পৰ্যন্ত  হোৱাৰ লগতে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ'ব পাৰে। ইউএ-প্ৰমাণিত ছবিৰ ক্ষেত্ৰত চিনেমা প্ৰদৰ্শকসকলক সংশোধিত উপ-শ্ৰেণীবিভাজনৰ নিৰ্দেশনাসমূহ—ইউএ ৭+, ইউএ ১৩+ আৰু ইউএ ১৬+—কঠোৰভাবে অনুসৰণ কৰিবলৈ কোৱা হৈছে। লগতে বয়সৰ প্ৰমাণীকৰণৰ নীতি-নিয়মৰ উদ্দেশ্য ৰক্ষা কৰিবলৈ অভিভাৱকক উৎসাহিত কৰাৰ উপৰি উপযুক্ত সতৰ্কবাণী প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে। পৰামৰ্শদাতাখনে পুনৰ কয় যে চিনেমাট’গ্ৰাফ আইন, ১৯৫২ৰ ধাৰা ৭(১)(ক)(i)ৰ অধীনত বাধ্যতামূলক কৰা অনুসৰি বৈধ চিবিএফচি প্ৰমাণপত্ৰ অবিহনে কোনো ছবি ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব।

অপ্ৰমাণিত ছবি প্ৰদৰ্শন কৰাটো এটা গুৰুতৰ অপৰাধ যাৰ শাস্তি হ’ব পাৰে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে জৰিমনাও। ইয়াৰ উপৰি সকলো চিনেমা হলত প্ৰতিটো বৈশিষ্ট্যপূৰ্ণ উপস্থাপনৰ পূৰ্বে অনুমোদিত জনসেৱা ঘোষণা (পিএছএ) আৰু সামাজিক ছবি প্ৰদৰ্শন কৰিব লাগিব। এই নিৰ্দেশনা  মানি নচলিলে  ১ লাখ টকা  পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব   পাৰে আৰু চিনেমা হলৰ  অনুজ্ঞাপত্ৰও স্থগিত ৰখা হ’ব পাৰে।

আঞ্চলিক কাৰ্যালয় চিবিএফচি, গুৱাহাটীয়ে সমগ্ৰ অঞ্চলটোত চিনেমাৰ বৈধ প্ৰদৰ্শনী, জনসাধাৰণৰ সুৰক্ষা আৰু দায়িত্বশীলভাবে চিনেমা প্ৰদৰ্শনৰ স্বাৰ্থত এনে পৰামৰ্শাৱলী  মানি চলাটো নিশ্চিত কৰিবলৈ সকলো অংশীদাৰক আহ্বান জনাইছে।

৫ জানুৱাৰী, ২০২৬ তাৰিখৰ বিশদ পৰামৰ্শাৱলীৰ বাবে ইয়াত ক্লিক কৰক।

 

PG/DM


(ৰিলিজ আই ডি : 2211629) অতিথি কক্ষ : 41
ত এই ৰিলিজটো পঢ়ক: English , Bengali-TR