পোষ্ট কৰা হৈছে:
26 DEC 2025 2:18PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজি বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ নিজ নিজ ৰাঝ্যলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী যুৱ প্ৰতিভাক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ বঁটা প্ৰদান কৰে।
অসমৰ যোৰহাটৰ ১৪ বছৰীয়া উদ্ভাৱক ছাত্ৰী আইছি প্ৰিছা বৰা আৰু মিজোৰামৰ লুংলেইৰ ৯ বছৰীয়া সংগীত শিল্পী এষ্টাৰ লালদুহমী নামটেক ক্ৰমে বিজ্ঞান আৰু প্ৰযুক্তি তথা কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা, নিষ্ঠা তথা অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰা হয়। অসমৰ আইছি প্ৰিছা বৰাই প্ৰাকৃতিক কৃষি পদ্ধতি, বাতৰি কাকতৰ মালচিং, বাতৰি কাকতৰ আৱৰ্জনাৰে পেঞ্চিল প্ৰস্তুত কৰিব পৰা মেচিনৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য উদ্ভাৱন প্ৰদৰ্শন কৰিছিল। তেওঁ আঞ্চলিক পৰ্যায়ৰ ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনী, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী, আহমেদাবাদৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছকে ধৰি কেইবাটাও সন্মানীয় মঞ্চত নিজৰ বিদ্যালয় আৰু অঞ্চলটোক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ উল্লেখনীয় কৃতিত্বৰ ভিতৰত ২০২৫ চনৰ উদ্ভাৱন মহোৎসৱত ইনস্পায়াৰ মানক ৰাজ্যিক বঁটা (২০২২) আৰু দীননাথ পাণ্ডে ছিলভাৰ উদ্ভাৱক বঁটা লাভ কৰাটো অন্যতম। বহনক্ষম সমাধান আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে কৰি অহা তেওঁৰ ধাৰাবাহিক অভিযানৰ বাবে তেওঁ বিজ্ঞান তথা প্ৰযুক্তিৰ উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ লাভ কৰিছে। অতি কম বয়সতে হৃদয়স্পৰ্শী দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে সমগ্ৰ দেশৰ শ্ৰোতা-দৰ্শকক মোহিত কৰিছে এষ্টাৰ লালডুহামী নামটেই।
ইউটিউবত তেওঁৰ অভিনয়ে ২০ নিযুতকৈও অধিক ভিউজ লাভ কৰাৰ লগতে তেওঁৰ ১১.৩ লাখতকৈ অধিক ছাবস্ক্রাইবাৰ আছে।
তেওঁক কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় শ্ৰীযুত অমিত শ্বাহে প্ৰশংসা কৰাৰ লগতে তেওঁ ২০২৪ চনৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হোৱা অষ্টলক্ষ্মী মহোৎসৱৰ মুকলি অনুষ্ঠানত, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থকা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ লাভ কৰিছিল। এক সাংস্কৃতিক পটভূমিৰ পৰা অহা এষ্টাৰৰ এই যাত্ৰা প্ৰতিভা, অধ্যৱসায় আৰু আবেগৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে পৰিগণিত হৈছে । কণমানি কন্যাশিশুটিয়ে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ বঁটা লাভ কৰিছে।
১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০ গৰাকী শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। অনুষ্ঠানত উপস্থিতি থাকে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰ।



PG/DM