তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অসমৰ ৰাজ্যপালে উন্মোচন কৰিলে গুড নিউজ আছাম - ৰাজ্যখনৰ প্ৰেৰণাদায়ক কাহিনী প্ৰতিফলিত কৰা এক গ্ৰন্থ
ডি ডি নিউজ অসমে প্ৰকাশ কৰিলে অসমৰ উদ্ভাৱন আৰু সমাজ সেৱাৰ কাহিনীক আলোকপাত কৰা বিশেষ গ্ৰন্থ
प्रविष्टि तिथि:
09 DEC 2025 7:06PM by PIB Guwahati
অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দূৰদৰ্শন নিউজ অসমে প্ৰকাশ কৰা গুড নিউজ অসম গ্ৰন্থখন উন্মোচন কৰে। গুৱাহাটীৰ লোক ভৱনত কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত গ্ৰন্থ উন্মোচন অনুষ্ঠানটি অনুষ্ঠিত হয়।
সমগ্ৰ অসমৰ পৰা প্ৰেৰণাদায়ক আখ্যান অন্তৰ্ভুক্ত কৰি ৫৫টা প্ৰভাৱশালী কাহিনী উপস্থাপন কৰা এই গ্ৰন্থখনে ৰাজ্যখনৰ স্থিতিস্থাপকতা, সৃষ্টিশীলতা আৰু সামূহিক প্ৰগতিৰ এক অৰ্থপূৰ্ণ স্নেপশ্বট আগবঢ়াইছে। ভাষণত ৰাজ্যপালগৰাকীয়ে গুড নিউজ অসমৰ আঁৰৰ দৃষ্টিভংগীক প্ৰশংসা কৰি এই পদক্ষেপে সমগ্ৰ ৰাজ্যৰ মানৱীয় মনোভাৱ, উদ্ভাৱন, সমাজসেৱা আৰু সম্প্ৰদায়ৰ শক্তিৰ কাহিনীক সুন্দৰকৈ উজ্জ্বল কৰি তোলা বুলি উল্লেখ কৰে।
তেওঁ কয় যে এনে গঠনমূলক আৰু প্ৰেৰণাদায়ক আখ্যান সমূহে সমাজখনৰ দৈনন্দিন নায়কসকলক চিনি পাবলৈ উৎসাহিত কৰে আৰু প্ৰগতিৰ অনুভূতিক শক্তিশালী কৰে। ডিডি নিউজ অসমৰ দলটোৱে বিভিন্ন জিলা পৰিভ্ৰমণ কৰি প্ৰেৰণাদায়ক সাফল্যক চিনাক্ত কৰি তেওঁলোকৰ কামক আন্তৰিকতা তথা গভীৰতাৰে উপস্থাপন কৰাৰ বাবে ৰাজ্যপালগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে।
তেওঁ গ্ৰন্থখনৰ শলাগ লৈ কয়- “এই গ্ৰন্থখন অসমৰ ইতিবাচক ৰূপান্তৰৰ এক মূল্যৱান নথি” । ৰাজ্যপালগৰাকীয়ে সাতগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনায়, যাৰ কাহিনী আৰু সেৱাৰ বিষয়ে গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।
ডি ডি নিউজৰ সঞ্চালক প্ৰধান, আই আই এছ শ্ৰীমতী প্ৰিয়া কুমাৰে ভাৰতৰ লোকসেৱা সম্প্ৰচাৰক হিচাপে ডি ডি নিউজৰ গুৰুত্বৰ বিষয়ে কয়। বিশ্বাসযোগ্যতা, উন্নয়নমুখী সাংবাদিকতা আৰু নাগৰিককেন্দ্ৰিক সংবাদৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।
তেওঁ উল্লেখ কৰে যে গুড নিউজ অসমে আশা, সবলীকৰণ আৰু সামূহিক প্ৰগতিৰ তৃণমূল পৰ্যায়ৰ আখ্যান আগবঢ়াই জনসেৱা সম্প্ৰচাৰৰ প্ৰকৃত মনোভাৱক প্ৰতিফলিত কৰে।
যুটীয়া সঞ্চালক তথা ডি ডি নিউজ অসমৰ মুৰব্বী শ্ৰী অংকুৰ লাহোটীয়ে শক্তিশালী সম্পাদকীয় সমন্বয়, নিষ্ঠাবান ক্ষেত্ৰ প্ৰতিবেদন আৰু ক্ৰমবৰ্ধমান ডিজিটেল সংযোগৰ দ্বাৰা পৰিচালিত ইতিবাচক কাহিনীসমূহ কিদৰে ৰাজ্যব্যাপী মঞ্চলৈ বিকশিত হৈছে সেই সম্পৰ্কে প্ৰকাশ কৰে।
অনুষ্ঠানত ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়া, অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, আগশাৰীৰ নীতি বিশেষজ্ঞ, চিকিৎসক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথি উপস্থিত থাকে । এনে বহু ব্যক্তিও উপস্থিত থাকে যাৰ কাহিনী গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।
দূৰৱৰ্তী জনগোষ্ঠীৰ প্ৰেৰণাদায়ক কাহিনী চিনাক্তকৰণ, সেইবোৰৰ চিত্ৰগ্ৰহণ আৰু প্ৰতিবেদনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সমগ্ৰ অসমৰ পৰা অহা ষ্ট্ৰিংগাৰ আৰু জিলা সাংবাদিকসকলো এই অনুষ্ঠানত উপস্থিত থাকে ।
গুড নিউজ অসম হৈছে ডি ডি নিউজ অসমৰ সাপ্তাহিক আধা ঘণ্টীয়া কাৰ্যসূচী , য'ত সেৱা, উদ্ভাৱন, উদ্যোগীকৰণ, সম্প্ৰদায়ৰ নেতৃত্ব আৰু স্থানীয় সমাধানৰ কাহিনী প্ৰদৰ্শন কৰা হয়। ৫০টাতকৈও অধিক খণ্ডত এই অনুষ্ঠানটোৱে বহু উত্থানশীল কাহিনীক নথিভুক্ত কৰিছে, যিয়ে উন্নয়নৰ পদক্ষেপ তথা নাগৰিক নেতৃত্বাধীন পৰিৱৰ্তন উভয়কে প্ৰতিফলিত কৰে।


PG/BM/DM
(रिलीज़ आईडी: 2201153)
आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English