বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

চিজিএছটি, গুৱাহাটীৰ ভুৱা চালান ৰেকেট উৎখাত; ৮.৫৯ কোটি টকাৰ জিএছটি ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ দুই

পোষ্ট কৰা হৈছে: 14 NOV 2025 7:57PM by PIB Guwahati

কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (CGST), গুৱাহাটীয়ে ভুৱা চালান ৰেকেট আৰু চিজিএছটি আইন, ২০১৭-ৰ ১৩২ ১(খ), ১৩২ ১(গ) আৰু ১৩২ ১(চ) ধাৰা উলংঘাৰ অভিযোগত আজি দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

চিজিএছটি, গুৱাহাটী আয়ুক্তালয়ৰ এন্টি-ইভেচন ইউনিটে এটা দলে প্ৰৱঞ্চনামূলক জিএছটি ক্ৰেডিটৰ গইনাৰে ৫০ ৰো অধিক সন্দেহজনক জিএছটি ৰেজিষ্ট্ৰেচন ব্যৱহাৰেৰে কোনো প্ৰকৃত সামগ্ৰী বা সেৱাৰ যোগান নধৰাকৈ ভিন্ন গ্ৰাহকক ভুৱা চালান প্ৰদান কৰা বুলি তথ্য লাভ কৰিছিল। আয়ুক্তালয়ে এই তথ্যৰ পম খেদি দলটোৰ দুই মূল সদস্যৰ অৱস্থান নিৰ্ণয় কৰিছিল। ইয়াৰ ভিত্তিত ১৩-১১-২০২৫ ত তালাচী চলোৱা হৈছিল। জেৰাৰ সময়ত দুই অভিযুক্তই অস্তিত্ব-হীন প্ৰতিষ্ঠানৰ জিএছটি পঞ্জীয়ন কাৰ্য্যত জড়িত হোৱাৰ লগতে তেওঁলোকে আৰ্থিক লাভৰ বাবেই এনে অস্তিত্ব-হীন প্ৰতিষ্ঠানসমূহক ব্যৱহাৰেৰে ভুৱা চালান প্ৰদানত জড়িত থকাৰ কথা স্বীকাৰ কৰে। অপৰাধৰ গুৰুততাৰ কথা বিবেচনাৰে দুই অভিযুক্তকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছিল আৰু সম্প্ৰতি ন্যায়িক জিম্মাত ৰখা হৈছে।

উক্ত দুই ভুৱা প্ৰতিষ্ঠান সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তত ৮.৫৯ কোটি টকাৰ জিএছটি ফাঁকিৰ কথা পোহৰলৈ আহিছে। পৰৱৰ্তী তদন্তকালত কেইবা কোটি টকাৰ জিএছটি ৰাজহ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

***

PG/SB
 


(ৰিলিজ আই ডি : 2190224) অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক: English