বিত্ত মন্ত্ৰালয়
১৪ নৱেম্বৰত কামৰূপ মেট্ৰ’ত অনুষ্ঠিত হ’ব ডিপোজিটৰ্ছ এডুকেছন এণ্ড এৱাৰনেছ ফাণ্ড বিষয়ক জিলা পৰ্যায়ৰ শিবিৰ
পোষ্ট কৰা হৈছে:
10 NOV 2025 5:38PM by PIB Guwahati
দেশজোৰা জনজাগৰণ অভিযান “আপোনাৰ ধন, আপোনাৰ অধিকাৰ”ৰ অংশ হিচাপে সমগ্ৰ অসমতে ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে ডিপোজিটৰ্ছ এডুকেছন এণ্ড এৱাৰনেছ ফাণ্ড বিষয়ক জিলা পৰ্যায়ৰ সজাগতা আৰু সাহায্য শিবিৰৰ আয়োজন কৰা হৈছে।
এই অভিযানৰ চতুৰ্থ পৰ্যায়ত অহা ১৪ নৱেম্বৰ ২০২৫ তাৰিখে কামৰূপ (মেট্ৰ') জিলাত জিলা আয়ুক্ত আৰু মুখ্য জিলা পৰিচালকৰ তত্বাৱধানত এক বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ এই শিবিৰ অনুষ্ঠিত হ’ব।
এই শিবিৰত নাগৰিকসকলক তেওঁলোকৰ দাবী নকৰাকৈ পৰি থকা জমা ধন, দাবী নকৰা বীমা , দাবী নকৰা লভ্যাংশ, দাবী নকৰা শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ড দাবী কৰাত সহায় কৰিবলৈ সহায়ক কাউণ্টাৰ উপলব্ধ হ’ব। হিতাধিকাৰী/দাবীকাৰীসকলক প্ৰয়োজন অনুসৰি কে ৱাই চি (আপোনাৰ গ্ৰাহকক চিনি লওক) আপডেট, দাবী প্ৰ-পত্ৰ পূৰণ আৰু নথিপত্ৰ পৰীক্ষণৰ ক্ষেত্ৰতো সহায় কৰা হ'ব। ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে পৰ্যায়ক্ৰমে অসমৰ অন্যান্য জিলাসমূহতো একেধৰণৰ শিবিৰ অনুষ্ঠিত কৰা হ’ব।
জিলা আয়ুক্তৰ নেতৃত্বত আৰু ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি (এছ এল বি চি), অসমৰ নিৰ্দেশনাত প্ৰতিখন জিলাৰ লিড বেংকৰ উদ্যোগত এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। এই পদক্ষেপত সকলো বেংক, বীমা কোম্পানী, পেঞ্চন বিভাগ, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি), আৰু বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি (আইইপিএফ)ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

PG/BM/DM
(ৰিলিজ আই ডি : 2188492)
অতিথি কক্ষ : 26