স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
এইমছ গুৱাহাটীত যক্ষ্মা ৰোগ সন্দৰ্ভত আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি
সন্মিলনত টিবিমুক্ত ভাৰতৰ বাবে উদ্ভাৱন আৰু নীতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়
পোষ্ট কৰা হৈছে:
01 NOV 2025 5:57PM by PIB Guwahati
সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) গুৱাহাটীয়ে ৩০ –৩১ অক্টোবৰ, ২০২৫ তাৰিখে যক্ষ্মা ৰোগৰ বিষয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় সন্মিলন আৰু নীতি নিৰ্ধাৰণ সম্পৰ্কীয় সন্মিলনৰ সফলতাৰে আয়োজন কৰে। সন্মিলনৰ বিষয়বস্তু আছিল “যক্ষ্মা ৰোগৰ বাবে ইউনিভাৰ্চেল ড্ৰাগ ছাচেপটিবিলিটি টেষ্টিং (ইউডিএছটি) উন্নীতকৰণ আৰু উন্নীতকৰণ আৰু ফেন'টাইপিক পৰীক্ষাৰ পৰা জিন'মিক পৰীক্ষালৈ পৰিৱৰ্তন: বিকশিত ভাৰত ২০৪৭ৰ বাবে টিবিত মৃত্যুৰ হাৰ হ্ৰাস আৰু ৰোগ নিৰ্মূলকৰণ।”

এই সন্মিলনত আগশাৰীৰ চিকিৎসক, আণৱিক জীৱবিজ্ঞানী, অণুজীৱবিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকলকউপস্থিত থাকে। ইয়াত স্বাস্থ্যসেৱা খণ্ডৰ পেছাদাৰী, প্ৰযুক্তিবিদ আৰু টিবিৰ পৰা মুক্ত হোৱা লোকে অংশগ্ৰহণকৰে। তেওঁলোক সকলোৱেই বিজ্ঞান-চালিত কৌশল, উদ্ভাৱন, আৰু সমন্বিত জনস্বাস্থ্য কাৰ্য্যৰ জৰিয়তে যক্ষ্মা ৰোগৰ বিৰুদ্ধে ভাৰতৰ যুঁজ শক্তিশালী কৰাৰ এক ভাগ-বতৰা প্ৰতিশ্ৰুতিৰে একত্ৰিত হয়।
উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ বন্দ্যা আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। টিবিত আক্ৰান্ত ব্যক্তি আৰু সম্প্ৰদায়ৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰি তেওঁ মন্তব্য কৰে যে, “যক্ষ্মা ৰোগ কেৱল চিকিৎসাজনিত প্ৰত্যাহ্বান নহয় , বৰঞ্চ ই এক সামাজিক প্ৰত্যাহ্বান।যক্ষ্মামুক্ত ভাৰত সঁচা অৰ্থত লাভ কৰিবলৈ হ’লে আমি মমতাৰে একত্ৰিত হ’ব লাগিব, কলংক দূৰ কৰিব লাগিব আৰু প্ৰাৰম্ভিক অৱস্থাতে ৰোগ নিৰূপনৰ বাবে জিন’মিক পৰীক্ষণ আৰু ফলপ্ৰসূ ব্যৱস্থাপনাৰ দৰে অত্যাধুনিক প্ৰযুক্তি আঁকোৱালি ল’ব লাগিব।”
সামৰণি অধিৱেশনত সভাপতিত্ব কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত অশোক সিংঘালে। টিবি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় দায়বদ্ধতাৰ কথা পুনৰ দৃঢ় কৰি তেওঁ কয়, “টিবি মুক্ত ভাৰত, স্বস্থ ভাৰত, বিকশিত ভাৰত—এই দৃষ্টিভংগীয়ে সুস্থ আৰু শক্তিশালী দেশৰ বাবে আমাৰ সামূহিক আকাংক্ষাক মূৰ্ত কৰি তুলিছে।অসম কেন্দ্ৰীভূত কাৰ্য্য, উদ্ভাৱন আৰু সেইবোৰৰ অনুশাসিত ৰূপায়ণৰ নেতৃত্ব দিবলৈ বদ্ধপৰিকৰ।”
সন্মিলনত আয়োজিত বৈজ্ঞানিক অধিৱেশনসমূহে ভাৰতত ইউনিভাৰ্চেল ড্ৰাগ ছাচেপটিবিলিটি টেষ্টিং (ইউডিএছটি) ৰূপায়ণৰ বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বানসমূহ, মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ টিবি (এমডিআৰ-টিবি)ত জিন'মিক পৰীক্ষণৰ বাবে প্ৰযুক্তিগত প্ৰস্তুতি, জিন'মিক ডায়েগনষ্টিকছৰ বাবে নীতি আৰু বিত্তীয় পথ, আৰু গৱেষণা আৰু নিদানৰ কাঠামোত লক্ষ্য পৰৱৰ্তী প্ৰজন্মৰ ক্ৰমবিন্যাসৰ সংহতি।

কেইবাজনো গণ্যমান্য ব্যক্তিয়ে টিবি নিৰ্মূলৰ ক্ষেত্ৰত ঐক্যবদ্ধ আৰু সমন্বিত সঁহাৰি সক্ষম কৰাৰ ক্ষেত্ৰত নিক্ষয় মিত্ৰ আৰু “এক দেশ, এক কাৰ্য্য” কাঠামোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। আলোচনাত সমাজৰ অংশগ্ৰহণ, মানৱ অধিকাৰ ভিত্তিক পন্থা গ্ৰহণ আৰু বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া নতুন টিবি চিকিৎসাৰ অন্বেষণৰ বিষয়ত আলোকপাত কৰা হয়, য’ত অসমক টিবি নিয়ন্ত্ৰণ আৰু জিন’মিক পৰীক্ষণত আৰ্হি ৰাজ্য হিচাপে স্থান দিয়াৰ বিষয়ত আলোচনা কৰা হয়।
সামৰণি ভাষণত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ড°) অশোক পুৰাণিকে গৱেষণা আৰু জনস্বাস্থ্যৰ মাজত সংযোগ স্থাপনৰ প্ৰতি থকা প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাৰ কথা পুনৰ দৃঢ়তাৰে কয়। তেওঁ কয়, “জিন’মিক পৰীক্ষণে যক্ষ্মা ৰোগৰ নিদানৰ পৰৱৰ্তী সীমাৰেখাক প্ৰতিনিধিত্ব কৰে—ভাৰতক নিখুঁত জনস্বাস্থ্য, উদ্ভাৱন আৰু যত্নৰ সমতা স্থাপনৰ যুগত প্ৰৱেশ কৰিছে।
***
PG/SS/DM
(ৰিলিজ আই ডি : 2185256)
অতিথি কক্ষ : 34