ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

উদ্যোগীসকলৰ বাবে ডিজিটেল ৰূপান্তৰৰ সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে এম এছ এম ই কনক্লেভে

শোভা কাৰণ্ডলাজে মন্ত্ৰালয়ে এমএছএমইসমূহক বজাৰৰ প্ৰসাৰ সম্প্ৰসাৰণৰ বাবে অ’এনডিচিৰ দৰে ডিজিটেল প্লেটফৰ্মৰ সহায় ল’বলৈ আহ্বান জনায়

प्रविष्टि तिथि: 30 OCT 2025 5:01PM by PIB Guwahati

 

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ জৰিয়তে ৰূপায়ণ কৰা এমএছএমই মন্ত্ৰালয়ৰ বাণিজ্য সক্ষমতা আৰু বিপণন (টিইএম) পদক্ষেপৰ অধীনত ডিজিটেল বিপণন আৰু ই-কমাৰ্চ সংযোগৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক সবলীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ এএছএফএফডিচি অডিটৰিয়ামত অনুষ্ঠিত হয় এমএছএমই মাৰ্কেটিং কনক্লেভ ২০২৫। এই সন্মিলনে সমগ্ৰ ভাৰতৰ এম এছ এম ই সমূহৰ বাবে প্ৰতিযোগিতামূলক ক্ষমতা আৰু বজাৰত প্ৰৱেশৰ পোষকতা কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ৰ এম এছ এম ই  দক্ষতা বৃদ্ধি আৰু ত্বৰান্বিত কৰা কাৰ্যসূচীৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

এই সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল ডিজিটেল বজাৰৰ সংযোগ আৰু ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক (অ’এনডিচি)ৰ দৰে প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ সুযোগৰ বিষয়ে এমএছএমইসমূহৰ মাজত সংবেদনশীলতা আৰু সজাগতা বৃদ্ধি কৰা।  যাৰ ফলত তেওঁলোকে এখন বিশাল  বজাৰত উপনীত হ’ব পাৰিব  আৰু পৰম্পৰাগত বিপণন চেনেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰিব ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এম এছ এম ই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী   শোভা কাৰণ্ডলাজে । সভাত ভাষণ আগবঢ়াই তেওঁ  এম এছ এম ইৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ় কৰে।  মন্ত্ৰীগৰাকীয়ে উদ্যোগীসকলক তেওঁলোকৰ বজাৰৰ প্ৰসাৰ, পৰিচালনাৰ পৰিসৰ বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ডিজিটেল সঁজুলি তথা মঞ্চ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ এম এছ এম ই সকলক আঞ্চলিক সীমা অতিক্ৰম কৰি ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল বাণিজ্যিক পৰিৱেশৰ অংশ হ’বলৈ অ’ এন ডি চিৰ দৰে পদক্ষেপৰ সহায় ল’বলৈও উৎসাহিত কৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক এম এছ এম ই উদ্যোগীসকলক ৰপ্তানিৰ মান  পূৰণ কৰিবলৈ তেওঁলোকৰ সামগ্ৰীৰ মান  কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।  তেওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ বিকাশৰ  সুবিধাৰ বাবে মন্ত্ৰালয়ে সকলো প্ৰয়োজনীয়   সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে।

তেওঁৰ ভাষণত এন এছ আই চিৰ অধ্যক্ষ-সহ-পৰিচালন সঞ্চালক ড০ শুভাংশু শেখৰ আচাৰ্যই ৰাষ্ট্ৰীয় এছ চি-এছ টি হাব আৰু এন এছ আই চিৰ বিপণন আৰু ঋণ সুবিধা প্ৰদান কাৰ্যসূচীকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ প্ৰস্তুত  কৰা এম এছ এম ই মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ত  আলোকপাত কৰে। তেওঁ এম এছ এম ই সমূহক ঘৰুৱা আৰু বিশ্বব্যাপী উভয় বজাৰতে উৎপাদনশীলতা আৰু দৃশ্যমানতা বৃদ্ধিৰ বাবে চৰকাৰৰ ব্যাপক সমৰ্থন পৰিৱেশ তন্ত্ৰৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

এন ই এইচ এইচ ডি চিৰ এম ডি শ্ৰী মাৰা কোচোৱে আলোকপাত কৰে যে এন ই এইচ এইচ ডি চি উত্তৰ পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বজাৰ সংযোগ, দক্ষতা বিকাশ, আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ জৰিয়তে ইয়াৰ শিপিনীসকলক সহায় কৰাৰ বাবে উৎসৰ্গিত। তেওঁ নতুন শ্ব’ৰুমৰ জৰিয়তে নিজৰ কাৰ্য পদ্ধতিৰ সম্প্ৰসাৰণ, ডিজিটেল আৰু ই-কমাৰ্চ প্লেটফৰ্ম বৃদ্ধি আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত শিল্পীসকলৰ অধিক অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ বাবে এন ই এইচ এইচ ডি চিৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ গ্ৰাম্য শিল্পীসকলে সন্মুখীন হোৱা স্থায়ী প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰে, য’ত আছে সীমিত বজাৰ প্ৰৱেশ, ঋণৰ সুবিধাৰ অভাৱ আৰু সমসাময়িক ডিজাইন সমৰ্থনৰ প্ৰয়োজনীয়তা। শ্ৰী কোচোৱে এম এছ এম ই মন্ত্ৰালয়ক এন ই এইচ এইচ ডি চি আৰু অনুৰূপ সংস্থাৰ পৰা প্ৰতিষ্ঠানিক ক্ৰয় বৃদ্ধিৰ বাবে নীতিগত ব্যৱস্থা শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ চি এছ আৰ আৰু ই এছ জিৰ পদক্ষেপৰ অধীনত চি পি এছ ইৰ ক্ৰয়ৰ কমেও ২.৫% হাতেৰে নিৰ্মিত আৰু পৰিৱেশ অনুকূল সামগ্ৰীৰ দিশত আবণ্টন দিয়াৰ পৰামৰ্শ দিয়ে,যিয়ে সম্ভাৱ্য বজাৰ সৃষ্টি কৰিব পাৰে। মহিলা সৱলীকৰণ আৰু বহনক্ষমতাৰ লক্ষ্য আগুৱাই নিয়াৰ সময়তে বছৰি ৪৫০ কোটি টকা লাভ কৰিব পাৰে । তেওঁ মন্ত্ৰালয়ৰ অবিৰত সহায়ৰ বাবে ধন্যবাদ জনাই ভাষণৰ সামৰণি মাৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনীসকলৰ জীৱিকা উন্নত কৰাৰ বাবে এন ই এইচ এইচ ডি চিৰ দায়বদ্ধতাৰ কথা পুনৰ দৃঢ় কৰে।

এম এছ এম ই পৰিৱেশ তন্ত্ৰক লালন-পালনৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি উদ্যোগ সংস্থা আৰু বেংকিং প্ৰতিষ্ঠানসমূহক এই অনুষ্ঠানৰ সময়ত সম্বৰ্ধনা জনোৱা হয়। কেইবাজনো বেংকাৰে এম এছ এম ই সমূহক তেওঁলোকৰ কাৰ্য্যকলাপ বৃদ্ধি কৰাত অধিক সহায় কৰিবলৈ এন এছ আই চিৰ জৰিয়তে ঋণৰ সুবিধা প্ৰদান সেৱা সম্প্ৰসাৰণৰ ইচ্ছা প্ৰকাশ কৰে।

অনুষ্ঠানৰ সামৰণিত  গুৱাহাটীৰ এন.এছ.আই.চি.ৰ জ্যেষ্ঠ শাখা পৰিচালক মাইনাক বন্দ্যোপাধ্যায়ে সহযোগিতা আৰু অংশগ্ৰহণৰ বাবে সকলো গণ্যমান্য ব্যক্তি, অংশগ্ৰহণকাৰী, সংবাদ মাধ্যমৰ সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

কনক্লেভত  কাৰ্তিকেয়া সিনহা, সঞ্চালক (পৰিকল্পনা আৰু বিপণন), এন এছ আই চি; শ. মাৰা কোচো (আই ই এছ), এন ই এইচ এইচ ডি চিৰ পৰিচালন সঞ্চালক; শ্ৰী পিভিএছএলএন মূৰ্তি , নেডিএফআইৰ অধ্যক্ষ; শ্ৰী বিদ্যাসাগৰ সিং, এন এছ আই চিৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক আৰু গুৱাহাটীৰ কে.চি.  দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৃষিকেশ বৰুৱাৰ   লগতে বেংক, উদ্যোগ সন্থা আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ বিষয়াসকল উপসস্থিত থাকে।

PG/SM/DM


(रिलीज़ आईडी: 2184307) आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English