স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূর্বাঞ্চলত গৱেষণা আৰু ৰোগীৰ সুবিধাৰ্থে এইমছ, গুৱাহাটীত আৰম্ভ হ’ল ক্লিনিকেল ট্ৰায়েল ইউনিট

Posted On: 16 OCT 2025 4:29PM by PIB Guwahati

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) গুৱাহাটীয়ে ২০২৫ চনৰ ১৫ অক্টোবৰত ইয়াৰ ক্লিনিকেল ট্ৰায়েল ইউনিট (চিটিইউ) উদ্বোধন কৰে, যি ভাৰতৰ উত্তৰ-পূব অঞ্চলত উচ্চমানৰ, নীতিভিত্তিক আৰু ৰোগীকেন্দ্ৰিক ক্লিনিকেল গৱেষণাক আগুৱাই নিয়াৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ডাঃ অশোক পুৰাণিকে কয়, “এই ক্লিনিকেল ট্ৰায়েল ইউনিটে বিজ্ঞানক উন্নত স্বাস্থ্যৰ ফলাফললৈ ৰূপান্তৰিত  কৰাৰ আমাৰ অভিযানক শক্তিশালী কৰিব।ইয়াৰ দ্বাৰা  গৱেষকসকলে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্যৰ অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ অধ্যয়ন কৰিবলৈ সক্ষম হ’ব।”

 তেওঁ লগতে কয় যে চিটিইউয়ে গৱেষকসকলৰ দ্বাৰা আৰম্ভ কৰা পৰীক্ষা আৰু পৃষ্ঠপোষকৰ নেতৃত্বত চলা অধ্যয়নৰ ক্ষেত্ৰত  অনুঘটক হিচাপে কাম কৰিব, ৰোগীৰ বাবে  অত্যাধুনিক চিকিৎসা পদ্ধতিৰ সুবিধা উন্নত কৰিব আৰু এটা বহনক্ষম গৱেষণা প্ৰতিভা বিকাশৰ মাধ্যম হিচাবে কাম কৰিব। ইয়াৰ উপৰি আঞ্চলিক তথা ৰাষ্ট্ৰীয়স্তৰত  তাৎপৰ্য্যপূৰ্ণ ৰোগসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নেটৱৰ্ক তথা  বিশ্ব অংশীদাৰৰ সৈতে বহুকেন্দ্ৰীয় সহযোগিতাৰ বাট প্ৰশস্ত কৰিব। 

এইমছ, গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱা উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰিছে। প্ৰতিষ্ঠানটোৱে  গৱেষণাক উন্নত জনস্বাস্থ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত  সহযোগিতাৰ পোষকতা কৰি আহিছে।

PG /DM


(Release ID: 2180188) Visitor Counter : 13
Read this release in: English