ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ নলবাৰী ভ্ৰমণ; কেন্দ্ৰীয় আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা
পোষ্ট কৰা হৈছে:
09 OCT 2025 7:09PM by PIB Guwahati
কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঞ্জীয়ে আজি অসমৰ নলবাৰী জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ অগ্ৰগতি আৰু ৰূপায়ণৰ পৰ্যালোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা (প্ৰাথমিক আৰু মাধ্যমিক), জনস্বাস্থ্য কাৰিকৰী (পিএইচই), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি), সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, উদ্যোগ আৰু বাণিজ্য, জলসিঞ্চন আৰু মীন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহৰ স্থিতি মূল্যায়ন কৰে।
সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু সিদ্ধান্ত অনুসৰি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ উন্নয়ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে প্ৰতিখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ভ্ৰমণ কৰিব।
মাঝিয়ে জিলাখনত উন্নয়নমূলক আঁচনিসমূহৰ সামগ্ৰিক ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ বিশেষকৈ জলসিঞ্চন আৰু বিদ্যুৎ যোগানৰ আন্তঃগাঁথনিৰ প্ৰশংসা কৰে। তেওঁ লগতে গ্ৰাম্য জীৱিকা আৰু আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক উল্লেখ কৰে।
পৰ্যালোচনা সভাত অসম চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী; নলবাৰীৰ জিলা আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী; আৰু অন্যান্য জ্যেষ্ঠ বিষয়া আৰু বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।
ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ কামৰূপ ষ্টেডিয়ামত অনুষ্ঠিত এম এছ এম ই মেলা উদ্বোধন কৰাৰ লগতে বিপনী পৰিদৰ্শন কৰি উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে পশ্চিম নলবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত বৰনৰ্দী গাঁও পঞ্চায়ত, বনগাঁও আৰু মহখুলি গাঁও পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীন)ৰূপায়ণৰ চৰজমিন মূল্যায়ন কৰে।
PG/SS/DB




(ৰিলিজ আই ডি : 2177021)
অতিথি কক্ষ : 36