স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
মহিলাৰ স্বাস্থ্য আৰু পুষ্টিৰ দিশটো শক্তিশালী কৰাৰ অৰ্থে এইমছ গুৱাহাটীৰ উদ্যোগত ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল অভিযান’ আৰম্ভ
২০২৫ চনৰ ২ অক্টোবৰলৈকে এইমছ গুৱাহাটীত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সেৱা উপলব্ধ
পোষ্ট কৰা হৈছে:
17 SEP 2025 5:35PM by PIB Guwahati
এইমছ গুৱাহাটীত আজি ভাৰত চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল অভিযান’ৰ অধীনত সজাগতা অধিৱেশন আৰু স্বাস্থ্য শিবিৰৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টম পোষণ মাহৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই অভিযান সমগ্ৰ ভাৰতবৰ্ষৰ মহিলা, কিশোৰী, আৰু শিশুসকলৰ স্বাস্থ্যসেৱা তথা পুষ্টি লাভ কৰাটো নিশ্চিত তথা শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে । ২০২৫ চনৰ ২ অক্টোবৰলৈকে চলিবলগীয়া এই অভিযানে বিনামূলীয়া স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰি স্বাস্থ্যজনিত বিষয়সমূহৰ বিষয়ত সজাগতা সৃষ্টি কৰিব। এই পদক্ষেপৰ জড়িয়তে মহিলা আৰু পৰিয়ালসমূহক অধিক সবলীকৰণৰ চেষ্টা কৰিছে।
এইমছ গুৱাহাটীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সংসদ সদস্য শ্ৰী দিলীপ শইকীয়াই ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগীৰ কথা পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ এল পি জি বিতৰণ আৰু চৰকাৰে মহিলাৰ বাবে ৫০ কোটিৰো অধিক বেংক একাউণ্ট মুকলি কৰাৰ দৰে পদক্ষেপৰ বিষয়েও কয়। অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ডাঃ) অশোক পুৰাণকে উল্লেখ কৰে যে এই কাৰ্যসূচীৰ অধীনত সম্প্ৰদায় পৰ্যায়ত স্বাস্থ্য সজাগতা শক্তিশালী কৰাৰ লগতে বিনামূলীয়া নিদান পৰীক্ষা, ঔষধ আৰু প্ৰতিৰোধমূলক যত্নৰ ব্যৱস্থা কৰা হৈছে।
এই পদক্ষেপৰ অংশ হিচাপে এইমছ গুৱাহাটীয়ে ৰক্তদান অভিযান অনুষ্ঠিত কৰিব, বিদ্যালয়, মহাবিদ্যালয় আৰু সমূহীয়া কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰিব, পুষ্টি, মহিলাৰ কৰ্কট ৰোগ, মানসিক স্বাস্থ্য, আৰু ঋতুস্ৰাৱৰ সময়ত গ্ৰহণ কৰিবলগীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখ্য টিবি ৰোগীক সহায় আগবঢ়াবলৈ নিক্ষয় মিত্ৰ নামভৰ্তি অভিযানো আৰম্ভ কৰা হৈছে। মহিলাসকলে ইয়াৰ চৌহদত থকা এটা নিৰ্দিষ্ট কিয়স্কত ২০২৫ চনৰ ২ অক্টোবৰলৈকে বিনামূলীয়া সেৱাৰ লগতে ৰক্তহীনতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, বডি মাছ কম্পোজিছন , পেপ স্মিয়ৰ আদি পৰীক্ষণৰ লগতে স্বাস্থ্য শিক্ষা আদিৰ সুবিধা লাভ কৰিব পাৰিব। এই বিনামূলীয়া স্বাস্থ্যসেৱা সেৱাসমূহৰ জড়িয়তে এক সুস্থ আৰু সবল দেশ গঢ়াত অৰিহণা যোগাবলৈ সমাজৰ সকলো শ্ৰেণীৰ মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ এইমছ গুৱাহাটীয়ে আমন্ত্ৰণ জনাইছে।
. @AIIMS_Guwahati is hosting multiple awareness programmes under the #SwasthaNariSashaktParivar Abhiyan, an initiative by @MoHFW_INDIA
and @MinistryWCD . The campaign focuses on preventive healthcare and better access to essential medical services, aiming to strengthen families… pic.twitter.com/MG1d0vBU7Q
— PIB in Assam (@PIB_Guwahati) September 17, 2025
PG/ SM/DM


HZWX.jpeg)
(ৰিলিজ আই ডি : 2167901)
অতিথি কক্ষ : 29