গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিআইএছ গুৱাহাটীৰ উদ্যোগত খাদ্য খণ্ডত গুণগত নিশ্চয়তা আৰু মানকৰণ সম্পৰ্কীয় কৰ্মশালাৰ আয়োজন

পোষ্ট কৰা হৈছে: 15 SEP 2025 6:04PM by PIB Guwahati

 ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ উদ্যোগত আজি গুৱাহাটীত “খাদ্য খণ্ডত গুণগত নিশ্চয়তা আৰু মানকৰণ” বিষয়ক এদিনীয়া কৰ্মশালাৰ লগতে আই এছ ১৭২৩:২০২৩ – গাহৰিৰ মাংস – নিৰ্দিষ্টকৰণৰ বিষয়ত এক মানক মন্থন অনুষ্ঠানৰ  আয়োজন কৰা হয়। ভাৰতীয় মানৰ অধীনত গাহৰিৰ মাংসৰ নিৰ্দিষ্টকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি খাদ্য খণ্ডত গুণগত নিশ্চয়তা আৰু মানকৰণৰ তাৎপৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

কৰ্মশালাৰ আৰম্ভণিতে বি আই এছ গুৱাহাটীৰ সঞ্চালক তথা মুৰব্বী শ্ৰী শৌভিক চন্দাই আদৰণি ভাষণ প্ৰদান কৰে । ইয়াৰ পিছতে  বি আই এছ গুৱাহাটীৰ সঞ্চালক শ্ৰীমতী আদনেখ্ৰাছীয়ে  বি আই এছৰ কাম-কাজৰ আভাস দাঙি ধৰে । আইচিএআৰ-নেচনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ (আইচিএআৰ-এনআৰচিপি)ৰ প্ৰধান বিজ্ঞানী ড° ৰাজেন্দ্ৰন থমাছে মাংস প্ৰক্ৰিয়াকৰণৰ প্ৰমাণিকীকৰণত বিআইএছ আৰু আইচিএআৰ-এনআৰচিপিৰ ভূমিকা সম্পৰ্কে বিশদ ভাবে আলোচনা কৰে ।

কাৰিকৰী অধিৱেশনসমূহত খাদ্য উদ্যোগত বিআইএছৰ মানৰ প্ৰভাৱৰ বিষয়ত  আলোচনা কৰা হয়, বিআইএছৰ খাদ্য আৰু কৃষি বিভাগৰ পৰা এই বিষয়ত তথ্য দাঙি ধৰা হয়। আই এছ ১৭২৩:২০২৩ – গাহৰিৰ মাংস – নিৰ্দিষ্টকৰণৰ  বিষয়ত অনুষ্ঠিত   মানক মন্থন অধিৱেশন পৰিচালনা কৰে বি আই এছ গুৱাহাটীৰ উপ- সঞ্চালক শ্ৰী আশুতোষ ৰায়ে।

কৰ্মশালাত বিআইএছ ষ্টেণ্ডাৰ্ডছ ক্লাবৰ ছাত্ৰ-ছাত্ৰী, শৈক্ষিক প্ৰতিষ্ঠান, আইচিএআৰ-এনআৰচিপিৰ বিজ্ঞানী আৰু খাদ্য তথা  সংশ্লিষ্ট উদ্যোগৰ উদ্যোগীসকলে  অংশগ্ৰহণ কৰে। অধিৱেশনসমূহে খাদ্যৰ গুণাগুণ, সুৰক্ষা, গ্ৰাহকৰ আস্থা নিশ্চিত কৰাৰ ক্ষেত্ৰত মানকৰণৰ গুৰুত্বৰ বিষয়ত  ফলপ্ৰসূ আলোচনাৰ মঞ্চ প্ৰদান কৰাৰ লগতে ভাৰতৰ গাহৰিৰ মাংস উদ্যোগৰ গাঁথনিগত বিকাশৰ সম্ভাৱনা সন্দৰ্ভতো  আলোকপাত কৰে।

PG/ SM/DM


(ৰিলিজ আই ডি : 2166886) অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক: English