তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
'ভাৰত ৰত্ন' ডঃ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে চিবিচি, গুৱাহাটীৰ সপ্তাহজোৰা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান
পোষ্ট কৰা হৈছে:
12 SEP 2025 7:06PM by PIB Guwahati
‘ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো গুৱাহাটী’(চিবিচি, গুৱাহাটী)য়ে আয়োজন কৰা সপ্তাহজোৰা স্মৃতিচাৰণ কাৰ্যক্ৰমৰ আজি সামৰণি পৰে। সংগীত, সাহিত্য, সংস্কৃতি আৰু সামাজিক চিন্তাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানক সন্মান জনাই অসমৰ বিভিন্ন স্থানত এই অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয়।
গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেট এলেকাত চিবিচি গুৱাহাটীয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ‘ভাৰত ৰত্ন’ৰ শতবাৰ্ষিকীৰ সপ্তাহজোৰা উদযাপনৰ সামৰণি মৰা হয়।
উদযাপনৰ অংশ হিচাপে গুৱাহাটীৰ দীঘলীপুখুৰী উদ্যানত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত ‘গীত আৰু নাট বিভাগ’ৰ শিল্পীসকলে ‘ভাৰত ৰত্ন’ই ৰচনা কৰা, সুৰাৰোপণ কৰা আৰু গোৱা জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰে। এই পৰিৱেশনাত ড০ হাজৰিকাৰ সংগীতিক সুধাৰ সাৰমৰ্মই কেৱল প্ৰতিধ্বনিত হোৱা নাছিল, যুৱ দৰ্শকৰ মাজতো ইয়াৰ অনুৰণনো ঘটা পৰিলক্ষিত হৈছিল। শিল্পীসকলে ড০ হাজৰিকাৰ ‘মানুহে মনুহৰ বাবে’ শীৰ্ষক বাৰ্তাবাহী জনপ্ৰিয় গীতটো পৰিৱেশন কৰাৰ সময়ত উপস্থিত শ্ৰোতা-দৰ্শকসকলেও সমস্বৰে গীতটো গাই তেওঁলোকৰ সৈতে যোগদান কৰে।

সাংস্কৃতিক শ্ৰদ্ধাঞ্জলিৰ উপৰি ১০ আৰু ১১ ছেপ্টেম্বৰত মৰিগাঁৱত মূল বিষয়বস্তুৰ সৈতে জনগোষ্ঠীসমূহক জড়িত কৰাৰ লক্ষ্যেৰে সজাগতা কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। মৰিগাঁও জিলাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘স্বচ্ছতা হী সেৱা’, ‘এক পেড় মা কে নাম’, আৰু ‘নাছা মুক্তি অভিযান’ৰ লগতে কিংবদন্তি গায়ক ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীক আলোকপাত কৰি এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ‘চিবিচি গুৱাহাটী’ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় অভিযানসমূহক কেন্দ্ৰ কৰি সাংস্কৃতিক আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে ড° হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে স্মৰক কাৰ্যসূচীয়ো ৰূপায়ণ কৰা হয়। ৮০০ৰো অধিক লোকে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই উপলক্ষে ‘চিবিচি গুৱাহাটী’য়েও ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ উত্তৰ-পূব মণ্ডল কাৰ্যালয়ত ‘ভাৰত ৰত্ন’লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ‘উত্তৰ-পূব মণ্ডল’ৰ ‘অতিৰিক্ত সঞ্চালক প্ৰধান’ শ্ৰী কৃপা শংকৰ যাদৱৰ নেতৃত্বত গুৱাহাটীৰ ‘চি বি চি’ আৰু ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ বিষয়াসকলে ড০ হাজৰিকালৈ শ্ৰদ্ধা নিৱেদন কৰে।

সপ্তাহজোৰা কাৰ্যক্ৰমত যুৱক-যুৱতী আৰু স্থানীয় অংশগ্ৰহণকাৰীসকলক জড়িত কৰিবলৈ ‘কুইজ প্ৰতিযোগিতা’ আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰো আয়োজন কৰা হৈছিল।
***
PG/AD/KB
(ৰিলিজ আই ডি : 2166141)
অতিথি কক্ষ : 42