দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
এনচিভিইটি-ৰ উদ্যোগত গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুণমান, সামৰ্থ্য বিকাশ আৰু ভৱিষ্যতৰ বাবে দক্ষতাত গুৰুত্ব আৰোপেৰে মাণ্ডলিক কৰ্মশালা সম্পন্ন
পোষ্ট কৰা হৈছে:
02 SEP 2025 4:38PM by PIB Guwahati
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ (MSDE) ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ (NCVET) উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এখনি মাণ্ডলিক সামৰ্থ্য বিকাশ আৰু সজাগতা কৰ্মশালা অনুষ্ঠিত হয়।
ইয়াত ভাষণ প্ৰদানেৰে এনচিভিইটি-ৰ কাৰ্য্যবাহী সদস্য ডঃ বিনীতা আগৰৱালাই উত্তৰ-পূবত দক্ষতা বিকাশৰ অনন্য সুযোগ আৰু প্ৰত্যাহ্বানৰাজিত আলোকপাতেৰে কয় যে দক্ষতা বিকাশৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহ নীতিগত কাঠামোৰ বাহিৰলৈ গৈ ফলপ্ৰসূভাৱে ৰাজ্যিক পৰ্য্যায়ত উপনীত হ’ব লাগিব। তেওঁ সমন্বিত মানদণ্ড আৰু ব্যাপক চাৰ্টিফিকেচন ব্যৱস্থাৰ জৰিয়তে দক্ষতা বাতাবৰণত সু-সংহতি স্থাপনৰ ক্ষেত্ৰত অনুঘটক হিচাপে এনচিভিইটি-ৰ ভূমিকাত আলোকপাত কৰে।
ইয়াত অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। এনচিভিইটি-ৰ কাৰ্য্যবাহী সদস্য ডঃ নীনা পাহুজাই তেওঁৰ ভাষণত ভৱিষ্যতৰ দক্ষতাৰ দিশত লক্ষ্যণীয় পৰিৱৰ্তনত গুৰুত্ব আৰোপেৰে প্ৰযুক্তি-চালিত অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰে সংগতি ৰাখি বৃত্তিমূলক প্ৰশিক্ষণৰ আৱশ্যকতা সম্পৰ্কে কয়। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তা (AI) এক বিঘ্নিতকাৰী শক্তি নহয়, বৰঞ্চ এয়া এক ৰূপান্তৰশীল আহিলা। তেওঁ ভিন্ন খণ্ডত এআই দক্ষতাক একত্ৰিত কৰিবলৈ এটি দক্ষতাসম্পন্ন ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনায়। ডঃ পাহুজাই কয় যে আগন্তুক বছৰসমূহত ভাৰতৰ কৰ্মশক্তি প্ৰাণোচ্ছল, উদ্ভাৱনীমূলক আৰু বৈশ্বিকভাৱে প্ৰতিযোগিতামূলক হৈ থকাটো নিশ্চিত কৰিবলৈ ডিজিটেল আৰু এআই-চালিত ক্ষমতাৰে যুৱক-যুৱতীসকলক সাজু কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।
ইয়াত সামৰণি বক্তব্য প্ৰদানেৰে এনচিভিইটি-ৰ সঞ্চালক ডঃ সুহাশ দেশমুখে ৰাজ্যসমূহ আৰু এনচিভিইটি-ৰ মাজত সহযোগিতা গঢ়ি তোলাত গুৰুত্ব আৰোপেৰে ইয়াৰ জৰিয়তে পৰৱৰ্তী পদক্ষেপৰাজিক আগুৱাই আৰু দক্ষতা বিকাশ কাৰ্য্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ কাৰ্য্য নিশ্চিত কৰিব পাৰি বুলি কয়।
কৰ্মশালাখনিত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ মূল-মূল অংশীদাৰসকলে ভাগ লয়। ইয়াত ৰাজ্যিক দক্ষতা বিকাশ অভিযান, ৰাজ্যিক পৰিষদ, বিশ্ববিদ্যালয় আৰু কাৰিকৰী পৰিষদৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। ইয়াৰ উপৰিও নাগালেণ্ড ব’ৰ্ড অৱ স্কুল এডুকেচনৰ অধ্যক্ষ শ্ৰী ৰংগুম্বুইং নছাৰংবে, অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰ প্ৰশিক্ষণৰ সঞ্চালক শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহ তথা অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ সচিব শ্ৰীমতী কস্তুৰী ভৰালীকে প্ৰমুখ্য কৰি জ্যেষ্ঠ বিষয়াবৰ্গ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে।
এই কৰ্মশালা উত্তৰ-পূৰ্বাঞ্চলৰ অংশীদাৰসকলৰ সংযোগৰ বৰ্ধন, গুণগত মান বৃদ্ধি আৰু মূলসুঁতিৰ শিক্ষাৰে বৃত্তিমূলক শিক্ষাৰ একত্ৰীকৰণক প্ৰসাৰিতকৰণৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।


***
KYS/BM/SB
(ৰিলিজ আই ডি : 2163122)
অতিথি কক্ষ : 22