তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

#HarGharTiranga আৰু ‘নয়া ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন পিআইবি আৰু চিবিচি গুৱাহাটীৰ

পোষ্ট কৰা হৈছে: 15 AUG 2025 2:02PM by PIB Guwahati

 

গুৱাহাটীস্থিত প্ৰেছ ইনফৰমেচন ব্যুৰো (পিআইবি) আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি), আঞ্চলিক কাৰ্যালয়ে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক সাৰোগত কৰি হৰ ঘৰ ত্ৰিৰংগা আৰু নয়া ভাৰতৰ সামগ্ৰিক বিষয়বস্তুৰ অধীনত দূৰদৰ্শন কেন্দ্ৰ চৌহদত দেশপ্ৰেমমূলক মনোভাৱেৰে ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) শ্ৰী কৃপা শংকৰ যাদৱে পতাকা উত্তোলন কৰা পিছত দূৰদৰ্শন কেন্দ্ৰ চৌহদত এক ত্ৰিৰংগা ৰেলী বাহিৰ কৰা হয়, য’ত ৮৫জনতকৈ অধিক বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰে। এই সমাৱেশত ঐক্য আৰু দেশ নিৰ্মাণৰ আদৰ্শৰ প্ৰতি সামূহিক দায়বদ্ধতা প্ৰতিফলিত হয়।

অনুষ্ঠানৰ অংশ হিচাপে ভাৰতৰ ঐতিহ্য, মূল্যবোধ আৰু প্ৰগতিৰ ওপৰত আলোকপাত কৰি এলানি সজাগতামূলক কাৰ্যসূচী আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ আয়োজন কৰা হয়। ইয়াৰ ভিতৰত ঐতিহাসিক দাণ্ডি যাত্ৰাৰ পুনৰ অৱলোকন আৰু মহাত্মা গান্ধীৰ দৰ্শনৰ ওপৰত আলোচনা, ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰং আৰু অশোক চক্ৰৰ তাৎপৰ্যৰ উপস্থাপন আৰু ড্ৰাগছ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ আৰু দিব্যাংগজনসকলৰ বাবে সামাজিক অন্তৰ্ভুক্তি আৰু কল্যাণমূলক আঁচনিৰ গুৰুত্ব আদি সামাজিক বিষয়ক নাট প্ৰদৰ্শন কৰা হয়। তদুপৰি, অংশগ্ৰহণকাৰীসকলৰ মাজত দেশপ্ৰেমমূলক গৌৰৱ জগাই তোলাৰ বাবে আৰু দলীয় মনোভাৱ বৃদ্ধিৰ বাবে মত বিনিময় কাৰ্যসূচী আৰু খেল-ধেমালি অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত সকলো কৰ্মচাৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু প্ৰতিটো দলে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শেনেৰে দিনটো স্মৰণীয় কৰি তোলে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ দিশত ঐক্য, শক্তি আৰু সংকল্পৰ সূচনা কৰা ৰাষ্ট্ৰীয় পতাকাৰ ৰঙেৰে কাৰ্যালয় চৌহদ সজাই তোলা হয়।

***

Pavni Gupta/DB


(ৰিলিজ আই ডি : 2156957) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: English