বিত্ত মন্ত্ৰালয়
নাবাৰ্ডৰ জীৱিকা আৰু খণ্ড উন্নয়ন পদক্ষেপৰ জৰিয়তে অসমৰ ৮ হাজাৰৰো অধিক হস্ততাঁত শিপিনীক সবলীকৰণ
অসমৰ গ্ৰাম্য অৰ্থনীতিক সুদৃঢ়কৰণৰ অংগীকাৰক পুনৰ প্ৰকাশেৰে গুৱাহাটীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন নাবাৰ্ডৰ
प्रविष्टि तिथि:
07 AUG 2025 4:58PM by PIB Guwahati
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকে (NABARD) আজি গুৱাহাটীত “অসমৰ গ্ৰাম্য অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ বাবে হস্ততাঁত” শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰে। এই কাৰ্য্যসূচীত চৰকাৰী, বেংকিং আৰু হস্ততাঁত খণ্ডৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলক একত্ৰিত কৰি অসমৰ গ্ৰাম্য অৰ্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্ৰত হস্ততাঁতৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰা হয়।

অসম চৰকাৰৰ সচিব (বিত্ত আৰু ৰূপান্তৰ-উন্নয়ন) শ্ৰী দিলীপ কুমাৰ বৰাই (আইএএছ) এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লয়। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ নাবাৰ্ড আৰু ইয়াৰ অসমস্থিত আঞ্চলিক কাৰ্য্যালয়ৰ শিপিনী সবলীকৰণ আৰু হস্ততাঁত খণ্ডক প্ৰসাৰিতকৰণৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যৰ শলাগ লৈ তেওঁ সাম্প্ৰতিক সময়খিনিক "অসমৰ হস্ততাঁতৰ সোণালী যুগ" বুলি অভিহিত কৰে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ফুলাম গামোছা পৰিধানৰ লগতে খণ্ডটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ পদক্ষেপ গ্ৰহণ কাৰ্য্যৰ কথা উল্লেখেৰে শ্ৰী বৰাই অসমীয়া হস্ততাঁতে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক স্বীকৃতি লাভ কৰা সন্দৰ্ভত আলোকপাত কৰে।
২০১৯–২০ ৰ হস্ততাঁত লোকপিয়লৰ তথ্য দাঙি ধৰি তেওঁ কয় যে অসমত ১২.৮৩ লাখ শিপিনী আছে, ইয়াৰে ৯০%-ৰো অধিক হৈছে মহিলা আৰু ১২.৫৪ লাখ তাঁতৰ শাল আছে। তেওঁ লগতে ৫.৬৪ লাখ শিপিনী পঞ্জীয়নভুক্ত আৰু ১১ লাখৰো অধিক সামগ্ৰীৰ বিপণনত সুবিধা প্ৰদান কৰা স্ব-নিৰ্ভৰ নাৰী পৰ্টেলৰ কথাও উল্লেখ কৰে। তেওঁ কেঁচামালৰ সহায়, ন্যূনতম সমৰ্থন মূল্য (MSP), কাজিৰঙাত সংহত হস্ততাঁত পাৰ্ক স্থাপন, শুৱালকুছি আৰু আন-আন অঞ্চলত ৰেচম পৰ্যটনৰ প্ৰসাৰকে প্ৰমুখ্য কৰি চৰকাৰৰ বহুমুখী সহায়ৰ বিষয়ে বিশদভাৱে কয়।

ইয়াত আদৰণি ভাষণ প্ৰদানেৰে নাবাৰ্ডৰ অসমস্থিত আঞ্চলিক কাৰ্য্যালয়ৰ মুখ্য মহা প্ৰবন্ধক শ্ৰী লোকেন দাসে অসমৰ হস্ততাঁত খণ্ডলৈ নাবাৰ্ডে আগবঢ়োৱা বৰঙণিৰ এক আভাস দাঙি ধৰে। তেওঁ অৱগত কৰে যে শেহতীয়া বছৰ কেইটাত নাবাৰ্ড-সমৰ্থিত পদক্ষেপৰাজিৰ জৰিয়তে ৮,০০০-ৰো অধিক শিপিনী লাভৱান হৈছে। এনে পদক্ষেপৰাজিৰ ভিতৰত আছে দক্ষতা বিকাশ কাৰ্য্যসূচী, গ্ৰামোদ্যোগক প্ৰচাৰ, বিপণন আন্তঃগাঁথনি আৰু অফ-ফাৰ্ম প্ৰডিউচাৰ সংস্থা (OFPO) গঠন। ৫২৮ লাখ টকাৰো অধিক অনুদান সাহায্য আগবঢ়োৱা হৈছে। শ্ৰী দাসে হস্ততাঁত সামগ্ৰীৰ ভৌগোলিক সূচক (GI) পঞ্জীয়ন আৰু অনুমোদিত ব্যৱহাৰকাৰীলৈ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত নাবাৰ্ডে সমৰ্থন কৰাৰ কথাও উল্লেখ কৰে। উল্লেখযোগ্য যে তেওঁ নাবাৰ্ডে আইআইটি-ৰুড়কীৰ সহযোগত অসমৰ বাবে এক বিস্তৃত হেণ্ডলুম ৰোডমেপ যুগুত কৰি আছে বুলি কয়, এই কাৰ্য্যৰ লক্ষ্য হৈছে খণ্ডটোৰ দীৰ্ঘ-ম্যাদী বহনক্ষম বিকাশক পথ-প্ৰদৰ্শন কৰা।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক সঞ্চালক শ্ৰীমতী সুস্মিতা ফুকনে ক্ৰেডিট লিংকেজ আৰু পৰিবেশ-অনুকূল স্থানীয় বয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত নাবাৰ্ডে গ্ৰহণ কৰা পদক্ষেপৰাজিক প্ৰশংসা কৰে। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহা প্ৰবন্ধক শ্ৰী প্ৰভাস বসুৱে হস্ততাঁত ব্যৱস্থাক অধিক সুদৃঢ়কৰণৰ বাবে আত্ম-সহায়ক গোটসমূহক (SHG) বিত্তীয় সাহায্য প্ৰদান আৰু চৰকাৰী আঁচনিসমূহৰ সমন্বয়ত গুৰুত্ব আৰোপ কৰে।
ইয়াত “অসমৰ হস্ততাঁত খণ্ডৰ প্ৰত্যাহ্বানৰাজি” আৰু “অসমৰ গ্ৰাম্য অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণত হস্ততাঁতৰ সম্ভাৱনা” শীৰ্ষক দুখনি বিষয়ভিত্তিক পেনেল আলোচনা অনুষ্ঠিত হয়। ইয়াত বিশেষজ্ঞ, নীতি-নিৰ্ধাৰক আৰু অংশীদাৰসকলে অন্তৰ্দৃষ্টিৰ আদান-প্ৰদানেৰে উদ্যোগটোৰ অগ্ৰগতিৰ এক প্ৰগতিশীল পথ নিৰ্ধাৰণ কৰে।
এই উপলক্ষে নাবাৰ্ডে সমৰ্থন আগবঢ়োৱা শিপিনীসকলে হস্ততাঁতৰ সামগ্ৰী প্ৰদৰ্শন কৰে, ইয়াৰ জৰিয়তে ৰাজ্যখনৰ চহকী বস্ত্ৰ ঐতিহ্য প্ৰদৰ্শিত হয়। ইয়াতে ট্ৰাইফেডৰ এখনি বিশেষ ষ্টলত জনজাতীয় বয়ন সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ জৰিয়তে থলুৱা শিল্পকলা আৰু হস্ততাঁত পৰম্পৰাৰ বৈচিত্ৰ্যক প্ৰচাৰৰ প্ৰয়াস কৰা হয়।
এই কাৰ্য্যসূচীত ৰাজ্য চৰকাৰ, বেংকিং প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়া, হস্ততাঁত সংস্থাৰ প্ৰতিনিধিসকল আৰু ভালে সংখ্যক শিপিনীৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ কাৰ্য্যই অসমৰ হস্ততাঁত খণ্ড আৰু গ্ৰাম্য অৰ্থনীতিক সুদৃঢ়কৰণৰ অৰ্থে এক সহভাজিত অংগীকাৰকে প্ৰতিফলিত কৰে।
*****
SM/SB
(रिलीज़ आईडी: 2153811)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English