প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পিএম-কিষাণ আঁচনিৰ ২০ সংখ্যক কিস্তি মুকলি কৰিলে
অসমৰ কৃষকলৈ ৪৯৯ কোটিৰো অধিক টকা হস্তান্তৰ
সৰ্বানন্দ সোণোৱালে অসমৰ কৃষকসকলে আৰ্থিক সুবিধা লাভৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ লয়
পিএম-কিষাণৰ কিস্তি কৃষক ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ সকাহঃ পবিত্ৰ মাৰ্ঘেৰিটা
পোষ্ট কৰা হৈছে:
02 AUG 2025 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ অধীনত ২০,৫০০ কোটি টকাৰ ২০ সংখ্যক কিস্তি মুকলি কৰে। এই কিস্তি প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)-ৰ জৰিয়তে সমগ্ৰ দেশৰ ৯.৭ কোটিৰো অধিক যোগ্য কৃষক হিতাধিকাৰীৰ বেংক একাউন্টত পোনপটীয়াকৈ জমা হয়।
উক্ত ৰাষ্ট্ৰজোৰা কাৰ্য্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰশিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ক্ৰমে ডিব্ৰুগড় আৰু কামৰূপৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰে।
ডিব্ৰুগড়ত অসম কৃষি বিশ্ববিদ্যালয়ে জিলা কৃষি বিভাগৰ সহযোগত ডিব্ৰুগড়স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ (KVK)-ত এই কাৰ্য্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষক ৰাইজৰ সৈতে মত-বিনিময়েৰে কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে ব্যাপক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।
ইয়াত ভাষণ প্ৰদানেৰে শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কৃষকসকল হৈছে ৰাষ্ট্ৰৰ মেৰুদণ্ড। তেওঁ কয় যে পিএম-কিষাণৰ দৰে পদক্ষেপৰ জৰিয়তে মোদী চৰকাৰে কেৱল প্ৰত্যক্ষ আৰ্থিক সাহায্য আগবঢ়োৱাই নহয়, বৰঞ্চ কৃষি সবলীকৰণৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰতিজন কৃষককে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ অভিমুখে অপ্ৰতিৰোধ্য যাত্ৰাত একো-একোজন সক্ৰিয় অংশীদাৰ হ’বলৈ আহ্বান জনায়।
তেওঁ আৰু কয় যে ইতিমধ্যে সমগ্ৰ দেশৰ কৃষকসকললৈ বছৰি ৬,০০০ টকাৰ কিস্তিকৈ ৩.৭ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত তৃণমূল পৰ্য্যায়ত আৰ্থ-সামাজিক সুৰক্ষা নিশ্চিত হৈছে।
ডিব্ৰুগড়ত আয়োজিত এই কাৰ্য্যসূচীত বিধায়কত্ৰয় শ্ৰী পোনাকণ বৰুৱা, শ্ৰী বিনোদ হাজৰিকা, শ্ৰী চক্ৰধৰ গগৈ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱাকে প্ৰমুখ্য কৰি ভালে-কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
কামৰূপত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ চৌহদত এই কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তথা অসম চৰকাৰৰ কৃষি, উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী শ্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।
ইয়াত ভাষণ প্ৰদানেৰে শ্ৰী মাৰ্ঘেৰিটাই কয় যে পিএম-কিষাণৰ ৬,০০০ টকাৰ কিস্তিয়ে কৃষকসকলক গুৰুত্বপূৰ্ণ সকাহ প্ৰদান কৰে। বিগত ১১ বছৰত দেশখনৰ উল্লেখযোগ্য উন্নয়ন সাধন হৈছে আৰু এই আঁচনিয়ে কৃষক সমাজৰ উত্থানৰ অৰ্থে চৰকাৰৰ সংকল্পৰ সাক্ষ্য বহন কৰিছে বুলিও তেওঁ লগতে কয়।
এই কাৰ্য্যসূচীত পলাশবাৰীৰ বিধায়ক শ্ৰী হেমাংগা ঠাকুৰীয়া; আইচিএআৰ-এটিএআৰআই, মণ্ডল VI, গুৱাহাটীৰ সঞ্চালক ডঃ কাদিৰভেল গোবিন্দস্বামী; অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উপাচাৰ্য্য ডঃ বিদ্যুৎ চন্দন ডেকা; কৃষি সঞ্চালক তথা অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব ডঃ পি উদয় প্ৰবীণকে প্ৰমুখ্য কৰি গন্যমান্য ব্যক্তিসকল তথা জ্যেষ্ঠ বিষয়া আৰু কৃষি বিজ্ঞানীসকলে ভাগ লয়।
আজি অসমৰ প্ৰায় ২১ লাখ কৃষকলৈ ৪৯৯.০৩ কোটি টকাৰ ধনৰাশি আগবঢ়োৱা হয়।




***
PG/BM/SB
(ৰিলিজ আই ডি : 2151885)
অতিথি কক্ষ : 18