পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত অনুষ্ঠিত মূল্য সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বিষয়ত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 01 AUG 2025 7:09PM by PIB Guwahati

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ (এন এছ অ’) উত্তৰ-পূব মণ্ডলৰ অধীনত ক্ষেত্ৰ পৰিচালনা বিভাগ (এফ অ’ ডি)ৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়া/ বিষয়াসকলৰ বাবে আজি গুৱাহাটীত পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই), উৎপাদন উৎপাদক মূল্য সূচকাংক (আউটপুট পি পি আই), ইনপুট উৎপাদক মূল্য সূচকাংক (ইনপুট পি পি আই) আৰু উদ্যোগিক উৎপাদন সূচকাংক (আই আই পি) (ভিত্তি বছৰ: ২০২২–২৩)ৰ বাবে মূল্য তথ্য সংগ্ৰহৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয় ।

প্ৰশিক্ষণত পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই), উৎপাদন উৎপাদক মূল্য সূচকাংক (আউটপুট পি পি আই), ইনপুট উৎপাদক মূল্য সূচকাংক (ইনপুট পি পি আই)ৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয় আৰু এই সূচকাংকসমূহ সময়মতে প্ৰকাশ কৰাত ডি পি আই আই টি তথা ই এছ ডিৰ জটিল ভূমিকাৰ বিষয়ে  আলোকপাত কৰা হয় । লগতে এনেবোৰ সূচাকাংকৰ ক্ষেত্ৰত   চলিত ভিত্তি বছৰ অৰ্থাৎ ২০১১–১২ চন সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰা হয়।

প্ৰশিক্ষণত  উদ্বোধনী ভাষণ প্ৰদান কৰি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ অৰ্থনৈতিক উপদেষ্টা কাৰ্যালয়ৰ (অ’ইএ) সঞ্চালিকা শ্ৰীমতী পূজাই কয় যে নতুন ভিত্তি বৰ্ষ ২০২২–২৩ৰ বাবে ডব্লিউপিআই, আউটপুট পিপিআই  আৰু ইনপুট পিপিআইৰ বিষয়ত  এনে প্ৰশিক্ষণ সমগ্ৰ দেশতে এনএছঅ’, এফঅ’ডিৰ বিষয়াসকলৰ বাবে অনুষ্ঠিত কৰা হৈছে। তেওঁ আলোকপাত কৰে যে ডব্লিউ পি আইয়ে মূলতঃ পাইকাৰী পৰ্যায়ত মূল্যৰ পৰিৱৰ্তন অনুসৰণ কৰে, আনহাতে পি পি আইয়ে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰী তথা  সেৱাৰ বাবে লাভ কৰা মূল্যৰ গড় পৰিৱৰ্তন পৰিমাপ কৰিব পাৰে।

প্ৰশিক্ষণত গুৱাহাটীস্থিত এন এছ অ’ খণ্ড কাৰ্যালয়ৰ সঞ্চালক শ্ৰী এন মোহন দাস  সিং; শ্ৰী দীপক ধনোৱাট, অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ সঞ্চালক (ই এছ ডি); শ্ৰী অনিল পাটিল, উপ-সঞ্চালক প্ৰধান (ডিডিজি), আঞ্চলিক কাৰ্যালয়, আগৰতলা; ড° কে এম সিং, ডি ডি জি, ইম্ফল আৰু অন্যান্য উচ্চপদস্থ বিষয়া তথা উত্তৰ-পূব মণ্ডলৰ অন্তৰ্গত এন এছ অ’-এফ অ’ ডিৰ বিভিন্ন আঞ্চলিক কাৰ্যালয়ৰ ক্ষেত্ৰ কৰ্মীসকলৰ লগতে এফ অ’ ডি মুখ্য কাৰ্যালয়, ডি পি আই আই টি, আৰু ই এছ ডি, এম এছ পি আইৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

 

ডব্লিউ পি আই বনাম পিপিআইৰ বিষয়েপাইকাৰী মূল্য সূচকাংক (WPI) হৈছে উৎপাদক বা পাইকাৰী পৰ্যায়ত মূল্যৰ পৰিৱৰ্তন জুখিব পৰা এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সূচক, যিয়ে অৰ্থনীতিৰ উৎপাদনৰ দিশত মুদ্ৰাস্ফীতি নিৰীক্ষণৰ বাবে এক মূল আহিলা হিচাপে কাম কৰে। ই খুচুৰা মাৰ্জিন নিৰূপন নকৰিলেও  ভাৰতত ডব্লিউ পি আই বহুলভাৱে ব্যৱহৃত মুদ্ৰাস্ফীতিৰ পৰিমাপ হৈয়েই আছে আৰু অৰ্থনৈতিক বিশ্লেষণ তথা নীতি প্ৰণয়নত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আনহাতে, উৎপাদক মূল্য সূচকাংক (পিপিআই)-এ সামগ্ৰী আৰু সেৱাৰ মূল্যৰ গড় পৰিৱৰ্তনৰ মাত্ৰা ধৰি ৰাখে  যেতিয়া ই উৎপাদন স্থান এৰি বা অধিক উৎপাদন পৰ্যায়ত প্ৰৱেশ কৰে। পিপিআইয়ে যোগান শৃংখলৰ বিভিন্ন পৰ্যায়ত মুদ্ৰাস্ফীতিৰ ধাৰাসমূহৰ বিষয়ে অধিক নিখুঁত তথ্য প্ৰদান কৰে। ই  ৰাষ্ট্ৰীয় একাউণ্ট ব্যৱস্থা (SNA)ৰ সৈতে সংযুক্ত আৰু ৰাষ্ট্ৰীয় একাউণ্টত বাস্তৱিক মূল্য অনুমান কৰাৰ বাবে ডিফ্লেটৰ হিচাপে কাম কৰে।

ডব্লিউ পি আই আৰু পিপিআই বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত ডিপিআইআইটিয়ে পৰিচালনা  কৰে, আনহাতে আইআইপিৰ সংকলন পৰিসংখ্যা তথা  কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (এমঅ’এছপিআই)কৰি আহিছে।

 

PG/ BM/DM


(ৰিলিজ আই ডি : 2151555) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English