গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিশুক লক্ষ্য কৰি সংঘটিত চাইবাৰ অপৰাধ

Posted On: 29 JUL 2025 5:11PM by PIB Guwahati

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে (NCRB) ইয়াৰ প্ৰকাশন “ক্ৰাইম ইন ইণ্ডিয়া”-ত অপৰাধৰ পৰিসংখ্যাগত তথ্য সংকলনেৰে প্ৰকাশ কৰে। ২০২২-ত ইয়াৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পাইছে। এনচিআৰবি-এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮-ৰ পৰা ২০২২-লৈকে শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধৰ অধীনত (১৮ বছৰ অনূৰ্ধ) পঞ্জীয়ন হোৱা অপৰাধৰ ধৰণ অনুসৰি গোচৰৰ সবিশেষ পৰিশিষ্টত আছে।

‘পুলিচ’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ-নিজ আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ জৰিয়তে চাইবাৰ অপৰাধ আৰু শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধকে প্ৰমুখ্য কৰি অপৰাধক প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলইএ-ৰ সামৰ্থ্য বিকাশৰ বাবে ভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্যৰ জৰিয়তে ইয়াৰ পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰে। ০১-০৭-২০২৪ ত ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C)-ক সংলগ্ন কাৰ্য্যালয় হিচাপে স্থাপন কৰা হৈছিল।

আই৪চি-ৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্টিং পৰ্টেল’ (NCRP) (https://cybercrime.gov.in) আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে মহিলা আৰু শিশুৰ ক্ষেত্ৰত সংঘটিত চাইবাৰ অপৰাধত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনা অৱগত কৰিব পাৰে। এই পৰ্টেলত ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ ঘটনা, ইয়াক এফআইআৰ-লৈ ৰূপান্তৰিতকৰণ আৰু ইয়াৰ ওপৰত পৰৱৰ্তী ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহে আইনৰ বিধান অনুসৰি চম্ভালে। অনলাইন চাইবাৰ অভিযোগ দাখিলত সহায়ৰ বাবে এটা টোল ফ্ৰী হেল্পলাইন নম্বৰ ‘1930’ কাৰ্য্যকৰী কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিশুসকলকে প্ৰমুখ্য কৰি চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চিবিএছই-ৰ জৰিয়তে অনলাইন মোডত বিশেষ সজাগতা অধিবেশন অনুষ্ঠিত কৰা হৈছে। এই কাৰ্য্যসূচী উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিদ্যালয়সমূহতো ৰূপায়ণ কৰা হয়। ইলেকট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) অধীনস্থ তথ্য সুৰক্ষা শিক্ষা আৰু সজাগতা (ISEA) য়েও ডিজিটেল সুৰক্ষা সন্দৰ্ভত শিশুসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে উত্তৰ-পূবৰ ৰাজ্য কেইখনত একেধৰণৰ অধিবেশন অনুষ্ঠিত কৰে। আইএছইএ-ৰ সহযোগত আই৪চি-এ চাইবাৰ হাইজিন সন্দৰ্ভত বিশেষভাৱে মহিলা আৰু শিশুসকলক লক্ষ্য কৰি এখন বিশেষ পুস্তিকা ডিজাইন কৰি আছে। ইয়াক উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ বিদ্যালয় আৰু জিলা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। আই৪চি-এ এনচিইআৰটি-ৰ সৈতেও যোগাযোগ কৰি চাইবাৰ হাইজিন অধ্যায়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ বিদ্যালয়সমূহতো ইয়াৰ পাঠদান কৰা হ’ব। আই৪চি-গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) সমগ্ৰ দেশৰ ২ লাখৰো অধিক এনচিচি, এনএছএছ আৰু এনৱাইকেএছ ছাত্ৰ-ছাত্ৰীক চাইবাৰ হাইজিন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰ উপৰিও আই৪চি-এ উত্তৰ-পূবৰ ৰাজ্য কেইখনত চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে স্থানীয় ভাষাত বাতৰিকাকতত বিজ্ঞাপনো প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনকে প্ৰমুখ্য কৰি সমগ্ৰ ভাৰততে স্থানীয় এফএম আৰু টিভি চেনেলৰ জৰিয়তে সজাগতামূলক অডিঅ’ আৰু ভিডিঅ’ বাৰ্তা প্ৰচাৰ কৰা হৈছে। আই৪চি-এ ডাক বিভাগৰ সৈতে সহযোগিতাৰে উত্তৰ-পূবৰ গ্ৰামাঞ্চল আৰু চহৰৰ ডাকঘৰসমূহত চাইবাৰ সজাগতা বাৰ্তা প্ৰচাৰ কৰিছে।

****

 

পৰিশিষ্ট

২০১৮-২০২২ ত শিশুৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধৰ অধীনত (১৮ বছৰ অনূৰ্ধ) পঞ্জীয়ন হোৱা অপৰাধৰ ধৰণ অনুসৰি গোচৰ

ক্ৰমিক নং

অপৰাধৰ ধৰণ

২০১৮

২০১৯

২০২০

২০২১

২০২২

 

 

চাইবাৰ ব্লেকমেইলিং/ভাবুকি/হাৰাশাস্তি

 

 

 

 

২৩

 

৭৪

 

 

ভুৱা প্ৰফাইল

 

 

 

 

 

 

চাইবাৰ পৰ্ণগ্ৰাফী/ শিশুক চিত্ৰিত কৰা অশ্লীল যৌনগন্ধী উপাদান

 

৪৪

 

১০৩

 

৭৩৮

 

৯৬৯

 

১১৭১

 

 

চাইবাৰ ষ্টাকিং/বুলিং

 

৪০

 

৪৪

 

১৪০

 

১২৩

 

১৫৮

 

 

অনলাইন গেম আদিৰ জৰিয়তে ইন্টাৰনেট অপৰাধ

 

 

 

 

 

 

 

শিশুৰ বিৰুদ্ধে আন-আন অপৰাধ

 

১৪১

 

১৫৩

 

২২০

 

২৫২

 

৪১৬

 

 

শিশুৰ বিৰুদ্ধে সংঘটিত মুঠ চাইবাৰ অপৰাধ

 

২৩২

 

৩০৬

 

১১০২

 

১৩৭৬

 

১৮২৩

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া

 

লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে এই কথা সদৰী কৰে

***

VV/RR/HS/PS/PR/SB


(Release ID: 2150044)
Read this release in: English , Urdu , Hindi