তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
পিআইবি গুৱাহাটীৰ উদ্যোগত অসমৰ ১৩ জনীয়া সাংবাদিকৰ দলৰ ৭ দিনীয়া লাডাখ ভ্ৰমণ
प्रविष्टि तिथि:
28 JUL 2025 7:09PM by PIB Guwahati
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, গুৱাহাটীৰ উদ্যোগত অসমৰ আগশাৰীৰ সংবাদ মাধ্যমৰ ১৩ জনীয়া সাংবাদিকৰ এটা দলে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখলৈ সাতদিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ আৰম্ভ কৰিছে । আজিৰে পৰা আৰম্ভ হোৱা এই ভ্ৰমণৰ লক্ষ্য হৈছে সংবাদ মাধ্যমৰ পেছাদাৰী ব্যক্তিসকলক লাডাখৰ অনন্য সাংস্কৃতিক ঐতিহ্য, অনিন্দ সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু উল্লেখযোগ্য উন্নয়নমূলক পদক্ষেপৰ অভিজ্ঞতা প্ৰদান কৰা।
সংবাদ মাধ্যমৰ দলটোত ছপা মাধ্যম, ইলেক্ট্ৰনিক, ডিজিটেল আৰু ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন প্লেটফৰ্মৰ প্ৰতিনিধিত্ব আছে। সাংবাদিকৰ দলটোৰ সৈতে গৈছে পিআইবি গুৱাহাটীৰ দুগৰাকী বিষয়াও । দলটোৰ নেতৃত্বত আছে পি আই বি গুৱাহাটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিষয়া স্মিতা শইকীয়া। ভ্ৰমণৰ সময়ত সাংবাদিকসকলে লাডাখৰ পৰম্পৰা আৰু উদ্ভাৱনৰ মিশ্ৰণক উজ্জ্বল কৰি তোলা মূল স্থানসমূহৰ অন্বেষণ কৰিব। ইয়াৰ ভিতৰত হেনলেৰ ভাৰতীয় জ্যোতিৰ্বিজ্ঞান নিৰীক্ষণ কেন্দ্ৰ আৰু হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভ অন্তৰ্ভুক্ত হৈ আছে, য’ত তেওঁলোকে জ্যোতিৰ্বিজ্ঞান গৱেষণা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অঞ্চলটোৰ অৱদানৰ বিষয়ে অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব । লাডাখৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বিষয়ে জানিবলৈ দলটোৱে সোৱা-ৰিগপা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব।
ইয়াৰ উপৰি দেশৰ প্ৰত্যাহ্বানমূলক ভূখণ্ডত কাম কৰা সীমান্ত পথ সংস্থাৰ (বি আৰ অ’) প্ৰজেক্ট হিমংকৰ অধীনত আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্পৰ সৈতে প্ৰতিনিধি দলটোক পৰিচয় কৰাই দিয়া হ’ব। প্ৰকল্প ছাংডাৰ অধীনত ৰূপায়িত লাডাখৰ বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনাৰ আৰ্হিও তেওঁলোকে প্ৰত্যক্ষ কৰিব। এই ভ্ৰমণত তেওঁলোকে পছমিনা আৰু এপ্ৰিকোট উৎপাদনৰ সৈতে জড়িত স্থানীয় সমবায়সমূহৰ সৈতে মত বিনিময় কৰিব। ফলত সাংবাদিকৰ দলটোৱে অঞ্চলটোৰ শিল্পকলা, অৰ্থনীতি আৰু জীৱিকাৰ আৰ্হিসমূহৰ বিষয়ে বিশদভাবে জানিবলৈ সক্ষম হ'ব।
সাংবাদিকৰ দলোৱে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ মুখ্য সচিবকো লগ ধৰিব আৰু লেহত স্থানীয় সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ ফলত আঞ্চলিক পৰ্যায়ৰ আলোচনা আৰু বুজাবুজিক আৰু অধিক লাভাৱান্বিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে। লাডাখলৈ যোৱা সাংবাদিকৰ দলটোত পিটিআই, দ্য আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, কোকৰাঝাৰস্থিত বডোছা, ডিডি আছাম, নিউজলাইভ, নিউজ১৮ অসম, প্ৰতিদিন টাইম, এনকে টি ভি প্লাছ, ডিৱাই ৩৬৫ আৰু টাইম ৮ৰ সাংবাদিক আছে।
সাংবাদিকসকলক বিভিন্ন অঞ্চলৰ উন্নয়নৰ কাহিনীসমূহ স্বচক্ষে প্ৰত্যক্ষ কৰি সেইবোৰৰ বিষয়ে প্ৰচাৰ কৰি আঞ্চলিক সজাগতা তথা ৰাষ্ট্ৰীয় সংহতিৰ ভাৱনাৰ প্ৰসাৰৰ বাবে পি আই বি গুৱাহাটীয়ে গ্ৰহণ কৰি অহা পদক্ষেপৰেই এয়া এক অংশ। যোৱা বছৰত তামিলনাডুলৈ সাংবাদিকৰ দলৰ ভ্ৰমণৰ সফলতাৰ পিছত এইবেলিৰ লাডাখ ভ্ৰমণে ক্ষেত্ৰ পৰ্যায়ৰ সংযোগৰ জৰিয়তে সাংবাদিকসকলক সেই স্থানসমূহৰ বিষয়ে অৱগত কৰোৱাবলৈ পিআইবিয়ে বহন কৰা প্ৰতিশ্ৰুতিকে শক্তিশালী কৰি তুলিছে।

Pavni Gupta/DM
(रिलीज़ आईडी: 2149487)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English