শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰম কল্যাণ আয়ুক্তই প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে

प्रविष्टि तिथि: 25 JUL 2025 1:23PM by PIB Guwahati

ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত থকা কল্যাণ উপকৰ আয়ুক্তৰ কাৰ্যালয়ে শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বৃত্তিকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি শ্ৰমিক সম্প্ৰদায়ৰ উত্থানৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চলিত এই পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰালয়ে ২০২৫–২৬ শিক্ষাবৰ্ষৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনলাইন আবেদন আহ্বান কৰিছে।

এই বৃত্তিৰ অৰ্থ হৈছে বিড়ি, খনি আৰু চিনেমা উদ্যোগৰ কৰ্মীৰ সন্তানলৈ শ্ৰেণী বা অধ্যয়ন কৰা পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি ১,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে আৰ্থিক সাহায্য প্ৰদান। প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ লগতে আই টি আই, পলিটেকনিক, ডিগ্ৰী পাঠ্যক্ৰম (কৃষি বিজ্ঞানৰ স্নাতকসহ) আৰু পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলেও এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰে।

গুৱাহাটীৰ শ্ৰমিক কল্যাণ সংস্থাৰ উপ কল্যাণ আয়ুক্ত মৃণ্ময় ঠাকুৰৰ মতে সকলো যোগ্য ছাত্ৰ-ছাত্ৰীক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে। ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল https://scholarships.gov.in অনলাইনযোগে আবেদন দাখিল কৰিব লাগিব। প্ৰি-মেট্ৰিক বৃত্তিৰ আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট, ২০২৫, আনহাতে পোষ্ট-মেট্ৰিক বৃত্তিৰ আবেদন ৩১ অক্টোবৰ, ২০২৫লৈ দাখিল কৰিব পাৰিব। স্বচ্ছতা আৰু সময়মতে বৃত্তিৰ ধন প্ৰদান নিশ্চিত কৰিবলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীৰ বেংক একাউণ্টলৈ সকলো সুবিধা পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়।

 

PG/ SM/KD
 


(रिलीज़ आईडी: 2148440) आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English