গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত-বাংলাদেশ সীমান্তত বিএছএফ-এনচিবিৰ যুটীয়া অভিযানত জব্দ ৪৭৩ কিলোগ্ৰাম গাঞ্জা

পোষ্ট কৰা হৈছে: 09 JUL 2025 5:30PM by PIB Guwahati

গুৱাহাটী সীমান্তৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)য়ে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি)ৰ সৈতে  চলোৱা যুটীয়া  অভিযানত এজন ভাৰতীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে আৰু পশ্চিম বংগৰ কোচবিহাৰ  জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত ৪৭৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

 

বাংলাদেশলৈ চোৰাংভাবে সৰবৰাহ কৰাৰ  উদ্দেশ্যে মজুত কৰা গাঞ্জা সন্দৰ্ভত নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছত   বি এছ এফৰ ৭৮ বেটেলিয়নে এন চি বিৰ চিলিগুৰি খণ্ড ইউনিটৰ জোৱানৰ সৈতে ৮ জুলাইত এক বিশেষ যৌথ অভিযান আৰম্ভ কৰে।ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোচ বিহাৰৰ ৰাজপুৰ গাঁৱত  এই অভিযান চলোৱা হয়। বিএছএফৰ কে-৯ ইউনিটৰ সহায়ত অভিযানকাৰী দলটোৱে সফলতাৰে এজন ভাৰতীয় মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰি তেওঁৰ বাসগৃহৰ পৰা ৪৭৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ সৈতে আটক কৰা ব্যক্তিজনক অধিক আইনী প্ৰক্ৰিয়াৰ  বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোক গতাই দিয়া হৈছে।

PG/SS/DM


(ৰিলিজ আই ডি : 2143487) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Bengali-TR