নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীয়ে ১১ বছৰীয়া চৰকাৰী সাফল্যৰ ওপৰত সংবাদমেল সম্বোধন কৰে

"চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ বিকাশৰ বাবে ৫,০০০ কোটি টকাৰ বিনিয়োগ কৰিব": সৰ্বানন্দ সোণোৱাল

"আগন্তুক দহ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীয়ে সামুদ্ৰিক দক্ষতা প্ৰশিক্ষণ আৰু চাকৰিৰ সুযোগ লাভ কৰিব": সৰ্বানন্দ সোণোৱাল

"কালাদান মাল্টি-ম'ডেল ট্ৰানজিট ট্ৰেন্সপৰ্ট প্ৰকল্প ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব": সৰ্বানন্দ সোণোৱাল

পাণ্ডু, তেজপুৰ, বিশ্বনাথ আৰু বগীবিলত স্থাপন হ'ব লাইটহাউছ; আই ডব্লিউ ডি ইউনিটসমূহে স্থানীয় বতৰৰ পূৰ্বাভাস প্ৰদান কৰিব": সৰ্বানন্দ সোণোৱাল

"উত্তৰ-পূৰ্বাঞ্চলত ৮৫টা সামূহিক জেটি নিৰ্মাণ কৰা হ’ব": সৰ্বানন্দ সোণোৱাল

"৬১০ কোটি টকাৰ বিনিয়োগ: ১০খন এম্ফিবিয়ান আৰু কাটাৰ ছেকচন ড্ৰেজাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথত জাহাজৰ বছৰজোৰা সুচল চলাচল নিশ্চিত কৰিব": সোণোৱাল

"গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ’ প্ৰকল্প; সম্ভাৱ্যতা অধ্যয়ন সম্পূৰ্ণ": সোণোৱাল

"২০২৫ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ১০০খন বাৰ্জৰ সঞ্চালনৰ জৰিয়তে বিশ্বৰ আগশাৰীৰ কোম্পানীৰ দ্বাৰা আঞ্চলিক মালবাহী স্থানান্তৰ বৃদ্ধিৰ পৰিকল্পনা": সৰ্বানন্দ সোণোৱাল

प्रविष्टि तिथि: 07 JUL 2025 6:02PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ একাধিক পদক্ষেপৰ কথা আজি গুৱাহাটীত সম্বোধন কৰা এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে। ৫,০০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বৃহৎ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।

 

বিগত ১১ বছৰত, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডত অভিলেখযুক্ত বৃদ্ধিৰে মালবাহী পৰিচালনা, ক্ষমতা বৃদ্ধি আৰু উপকূলীয় জাহাজ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। দেশৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি পাইছে, ক্ৰুজ পৰ্যটনৰ বিকাশৰ লগতে নতুন টাৰ্মিনেলৰ পৰিকল্পনা চলিছে। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীয়ে আগন্তুক দিনবোৰত সামুদ্ৰিক খণ্ডত চাকৰি লাভৰ বাবে উপযুক্ত প্ৰশিক্ষণ লাভ কৰিব। মুখ্য আইনী আৰু ডিজিটেল সংস্কাৰ, সেউজ জাহাজ পৰিবহণ পদক্ষেপ আৰু কালাদান মাল্টি-ম'ডেল ট্ৰানজিট ট্ৰেন্সপৰ্ট প্ৰকল্পৰ দৰে অভিলাষী পদক্ষেপে আঞ্চলিক সংযোগ আৰু বাণিজ্য শক্তিশালী কৰিছে। ভাৰতৰ বন্দৰসমূহ এতিয়া বিশ্বমানৰ হৈছে, বিশ্ব বেংকৰ শীৰ্ষ ১০০টাৰ তালিকাত ভাৰতৰ নটা বন্দৰে স্থান পাইছে আৰু বিশাখাপট্টনম বন্দৰে শীৰ্ষ ২০ৰ ভিতৰত স্থান লাভ কৰিছে।

 

আজি সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰতৰ সামুদ্ৰিক খণ্ডক অভূতপূৰ্বভাৱে পুনৰুজ্জীৱিত কৰিছোঁ। বন্দৰৰ ক্ষমতা আৰু মালবাহী পৰিচালনাত ঐতিহাসিক বৃদ্ধিৰ পৰা আৰম্ভ কৰি সেউজ জাহাজ পৰিবহণ, ক্ৰুজ পৰ্যটন আৰু আমাৰ যুৱক-যুৱতীৰ বাবে দক্ষতা বিকাশলৈকে — এই সফলতাসমূহে ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তোলাত সহায় কৰিব। প্ৰতিটো উপকূলীয় তথা নদীকেন্দ্ৰিক অঞ্চলত সৰ্বাঙ্গীণ উন্নয়নৰ প্ৰতি মোদী চৰকাৰৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে বিভিন্ন কল্যাণকামী পদক্ষেপৰ জৰিয়তে।”

 

আজি সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আমাৰ চৰকাৰে আগন্তুক দশকত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীক সামুদ্ৰিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ লক্ষ্য ৰাখিছে, যিয়ে তেওঁলোকক ক্ৰমবৰ্ধমান খণ্ডটোত নিশ্চিত চাকৰিৰ সুযোগ প্ৰদান কৰিব। গুৱাহাটীৰ মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া সামুদ্ৰিক উৎকৰ্ষতা কেন্দ্ৰই এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামুদ্ৰিক উৎকৰ্ষতা কেন্দ্ৰৰ বিকাশৰ বাবে ২০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই দুয়োটা কেন্দ্ৰৰ প্ৰশিক্ষণৰ ফলত বছৰি ৫০০ চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।"

 

সৰ্বানন্দ সোণোৱালে কয়, “মোদী ডাঙৰীয়াই সদায়ে অগ্ৰাধিকাৰ দি আহিছে যে যুৱ শক্তিয়ে দেশত আমূল পৰিৱৰ্তন আনিব পাৰে। আমাৰ দৃষ্টিভংগী হৈছে আগন্তুক দশকত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীক বিশ্বমানৰ সামুদ্ৰিক দক্ষতাৰ প্ৰশিক্ষণেৰে সক্ষম কৰা, যাতে তেওঁলোকে সামুদ্ৰিক খণ্ডত অৰ্থপূৰ্ণ সংস্থাপন লাভ কৰে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ আমাৰ কেন্দ্ৰসমূহ এই পৰিৱৰ্তনৰ মেৰুদণ্ড হ’ব।”

 

মন্ত্ৰণালয়ে বিগত দুই বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ খণ্ডত ১,০০০ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে, যাৰ ভিতৰত ৩০০ কোটি টকাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ৭০০ কোটি টকাৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। প্ৰধান পদক্ষেপসমূহৰ ভিতৰত আছে পাণ্ডু, যোগীঘোপা, ধুবুৰী, বগীবিল, কৰিমগঞ্জ আৰু বদৰপুৰত স্থায়ী মালবাহী টাৰ্মিনেল, বছৰজুৰি ফেয়াৰৱে নিশ্চিত কৰাৰ নিয়মীয়া ড্ৰেজিং; পাণ্ডু বন্দৰলৈ নতুন প্ৰৱেশ পথৰ নিৰ্মাণ, ডিব্ৰুগড়ৰ জলপথৰ ঐতিহ্য পুনৰুদ্ধাৰ, ২৯৯ কোটি টকাৰ পৰ্যটন জেটি, গুৱাহাটী আৰু ডিব্ৰুগড়ত দক্ষতা বিকাশ কেন্দ্ৰ আৰু বগীবিল, বিশ্বনাথ ঘাট, শিলঘাট আৰু পাণ্ডুত লাইটহাউছ নিৰ্মাণৰ পৰিকল্পনা।

 

গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ'ৰ কাৰ্যকাৰিতাৰ সম্ভাৱ্যতা অধ্যয়ন সম্পূৰ্ণ হৈছে আৰু সম্ভৱপৰ বুলি পোৱা গৈছে আৰু কেন্দ্ৰীয় আঁচনিৰ অধীনত ক্ৰুজ জাহাজ ক্ৰয় কৰা হৈছে। মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাবে অভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু জলভিত্তিক পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰচেষ্টা চলি আছে। ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুটৰ কাৰ্যকৰীকৰণে শিলিগুৰি কৰিডৰৰ পৰিৱৰ্তে নতুন বাণিজ্যিক পথৰ সুবিধা প্ৰদান কৰিছে, আঞ্চলিক সংযোগ শক্তিশালী কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যাৱতীয় পদক্ষেপ ত্বৰান্বিত কৰিছে।"

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬ লাখ কোটিৰো অধিক আৰ্থিক অনুদান প্ৰদান কৰা হৈছে। ইউপিএ চৰকাৰৰ ১০ বছৰৰ শাসনকালত এই ধনৰাশিৰ পৰিমাণ আছিল মাত্ৰ ১.৪ লাখ কোটি টকা। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 'পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন'ৰ মূলমন্ত্ৰই উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি তুলিছে আৰু 'এক্ট ইষ্ট নীতি'ৰ জৰিয়তে সমগ্ৰ অঞ্চলটো দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমি পাণ্ডু, শিলঘাট, বিশ্বনাথ আৰু বগীবিলত লাইটহাউছ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সময়োচিত বতৰ নিৰীক্ষণ ব্যৱস্থাৰ সৈতে ইয়াক একত্ৰিত কৰা হ’ব। কেৱল পৰ্যটনৰ প্ৰসাৰতে নহয়, ই অসমৰ স্থানীয় বতৰৰ পূৰ্বাভাস দিয়াতো সহায় কৰিব। বিশ্বৰ আগশাৰীৰ লজিষ্টিক কোম্পানী ৰেনাছে এই বছৰৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু বৰাকত পৰিৱেশ অনুকূল বাৰ্জ চলোৱা আৰম্ভ কৰিব। তদুপৰি যাত্ৰী আৰু মালবাহী চলাচল বৃদ্ধিৰ বাবে আমাৰ জলপথসমূহক ত্বৰান্বিত কৰিবলৈ আমি উত্তৰ-পূৰ্বাঞ্চলত ৮৫টা কমিউনিটি জেটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ।"

 

কালাদান মাল্টিম'ডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্পৰ স্থিতি সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত সৰ্বানন্দ সোণোৱালে কয়, “কালাদান মাল্টিম"ডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্প হৈছে ভাৰত-ম্যানমাৰৰ ঘনিষ্ঠ বন্ধুত্বপূৰ্ণ চুক্তিৰ ফল। এইটো এক কৌশলগত পদক্ষেপ যাৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ম্যানমাৰৰ মাজৰ সংযোগ বৃদ্ধি পাব। ই ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ কেন্দ্ৰবিন্দুত অৱস্থান কৰিছে। মোদী ডাঙৰীয়াৰ ‘এক্ট ইষ্ট’ নীতিৰ ফলশ্ৰুতিত ভূমি আবেষ্টিত অঞ্চলটোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ পথৰ প্ৰত্যক্ষ আৰু সংক্ষিপ্ত প্ৰৱেশৰ বাবে সাজু হৈছে। ম্যানমাৰৰ চিটৱে বন্দৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লে এই অঞ্চলে উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ উপৰি বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ বাবেও নতুন বাণিজ্যৰ সুযোগ মুকলি কৰিব। এই মাইলৰ খুঁটিয়ে মোদী ডাঙৰীয়াৰ ‘সবকা সাথ, সবকা বিকাশ’ নীতিক প্ৰতিফলিত কৰিছে।"

 

অন্যান্য মুখ্য পদক্ষেপৰ ভিতৰত আছে ২০২৫ৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ আৰু ১৬ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ১০০খন বাৰ্জ নিয়োজিত কৰাৰ পৰিকল্পনা। ইয়াৰ লক্ষ্য হৈছে অসম আৰু প্ৰতিবেশী ৰাজ্যসমূহত পণ্যৰ চলাচল উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা। বছৰজুৰি সুচল নৌ-পৰিবহণ নিশ্চিত কৰিবলৈ মন্ত্ৰণালয়ে ১০খন এম্ফিবিয়ান আৰু কাটাৰ ছেকচন ড্ৰেজাৰ নিয়োজিত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে ৬১০ কোটি টকাৰ বিনিয়োগ নিৰ্ধাৰণ কৰা হৈছে। সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলত স্থানীয় সংযোগ উন্নত কৰিবলৈ ৮৫টা সামূহিক জেটি নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰিছে।

 

পৰ্যটন আৰু স্থানীয় বাণিজ্যৰ প্ৰসাৰৰ সন্দৰ্ভতো সৰ্বানন্দ সোণোৱালে জনায় যে শিলঘাট, নিমাতী, বিশ্বনাথ ঘাট আৰু গুইজানত নতুন পৰ্যটন আন্তঃগাঁথনি আৰু পণ্য জেটি নিৰ্মাণৰ বাবে ৩০০ কোটি টকা বিনিয়োগ কৰা হ’ব। আধুনিক নগৰীয় পৰিবহণৰ দিশত এটা প্ৰধান পদক্ষেপ হিচাপে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে, যাৰ সম্ভাৱ্যতা অধ্যয়ন ইতিমধ্যে সম্পন্ন কৰা হৈছে। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ সমৰ্থনত, আই এম ডি কেন্দ্ৰৰ সহযোগত সঠিক স্থানীয় বতৰৰ পূৰ্বাভাস প্ৰদানৰ বাবে চৰকাৰে পাণ্ডু, তেজপুৰ, বিশ্বনাথ আৰু বগীবিলত লাইটহাউছ স্থাপন কৰিব।

 

“এই প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলক জলপথ-ভিত্তিক বাণিজ্য, পৰ্যটন আৰু নিয়োগৰ এক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে, যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বাঙ্গীণ উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ,” সৰ্বানন্দ সোণোৱালে কয়।

***

SR/GDH/SR


(रिलीज़ आईडी: 2142967) आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English